সাহিত্য - সপ্তম ভাগ/যৌবন
অৱয়ব
[ ২৪ ]
যৌবন
পাৰা মানে তুলি ফুৰা গোলপৰ কলি,
কাল-সোঁত নিতে যায় বই;
যিটি ফুল ঠন ধৰি আছে আজি ফুলি,
জঁয় পৰি যাব কাইলই।
আকাশৰ ৰঙা বেলি, উজ্জ্বল পোহৰ,
উঠ যায মানে ওখলই,
অন্ত হব লীলা-খেলা নিজ-জীৱনৰ
চাপি গলে মাৰ যাবলই।
প্ৰধান সুখৰ কাল প্ৰথম জীৱন
থাকে মানে বল হৃদয়ত;
গলে হলে কেতিযাও নহব ফিৰণ,
আৰু বেয়া বেয়াৰ পিচত।
নেথাকিবা ভয় কৰি, কৰাঁ সময়ৰ
ব্যৱহাৰ নাচি আনন্দত;
এবেলি ঢুকালে বল সুখ হৃদয়ৰ
নাহে আৰু ইহ জীৱনত।