সাহিত্য - সপ্তম ভাগ/দুৰ্য্যোধনৰ ঊৰুভঙ্গ

ৱিকিউৎসৰ পৰা
[ ৭০ ]

দুৰ্য্যোধনৰ ঊৰুভঙ্গ।

 দুৰ্য্যোধনৰ গদা পৰিষ্কাৰ লোৰ, আৰু তাৰ ওপৰত সোণ খটোৱা। গদা লৈ তেওঁ হ্ৰদৰ পাৰত থিয় দিয়াত তেজস্বী সূৰ্য্যৰদৰে জিলিকি উঠিল। পাণ্ডৱ আৰু পাঞ্চালসকলে দুৰ্য্যোধনক হ্ৰদৰপৰা উঠা দেখি হাত চাপৰি মাৰি আনন্দ প্ৰকাশ কৰিলে। দুৰ্য্যোধনে তেওঁক উপহাস কৰা ভাবি অত্যন্ত ক্ৰোধান্বিত হৈ কলে—“ইহাৰ ফল এতিয়াই পাবা। আহাঁ, তোমালোকৰ একোজনকৈ মোৰ ওচৰলৈ আহাঁ; যুদ্ধস্থলত এজন বীৰৰ লগত অধিক বীৰে ৰণ কৰা ন্যায়সঙ্গত নহয়। যুদ্ধৰ আহিলা- পাতি মোৰ একো নাই, গাত মোৰ বৰ্ম্ম নাই, হাতত অস্ত্ৰ নাই আৰু মই অকলশৰীয়া; তথাপি তোমালোকৰ লগত ৰণ কৰিম।”

 যুধিষ্ঠিৰে মাত লগালে—“হে মহাৰাজ, যেতিয়া বহু মহাৰথে লগলাগি অভিমন্যুক বিনাশ কৰিছিল, তেতিয়া তোমাৰ এই জ্ঞান কলৈ গৈছিল? প্ৰাণীবিলাক কষ্টত পৰিলে ধৰ্ম্মপথ দেখা পায়, আৰু পদ পালে পৰলোকৰ দুৱাৰ বন্ধ দেখে। হে বীৰ! তুমি কবচ পিন্ধা, চুলি বান্ধা আৰু যি অভাৱ আছে সেইবোৰ পূৰাই লোৱাঁ। এই যুদ্ধত তুমি তোমাৰ প্ৰাণ দিয়াৰ বাহিৰে আৰু তোমাৰ প্ৰিয় কাৰ্য্য একো নাই।”

[ ৭১ ]  যুধিষ্ঠিৰৰ কথা শুনি দুৰ্য্যোধনে সোণৰ বৰ্ম্ম আৰু মুকুট পিন্ধি গদা কান্ধত লৈ কলে—“হে নৰবৰ, তোমালোকৰ ভাইসকলৰ ভিতৰত এজনে মোৰ লগত গদাৰে ৰণ কৰক; মই ভাবোঁ গদাযুদ্ধত মোৰ লগত যুদ্ধ কৰিবলৈ পৃথিবীত কোনো সমৰ্থ নহয়। এনে গৰ্ব্বালি কথা নিজমুখে প্ৰকাশ কৰা যদিও যুক্তিসিদ্ধ নহয়, তথাপি তোমাৰ সম্মুখতে ই সফল হব। মোৰ লগত যিজনে যুদ্ধ কৰিব খোজে বেগেতে গদা লওক। ”

 দুৰ্য্যোধনে এইদৰে বেলিয়েপতি গৰ্জ্জন কৰাত শ্ৰীকৃষ্ণই খং কৰি যুধিষ্ঠিৰক কলে—“হে ধৰ্ম্মৰাজ, যদি দুৰ্য্যোধনে গদাযুদ্ধ কৰিবলৈ আপোনাক, অৰ্জ্জুনক, নকুলক বা সহদেৱক মাতে তেনেহলেই অনৰ্থ হব। আপোনাৰ ই কেনে সাহ, যে তুমি আমাৰ এজনক মাৰি ৰজা হোৱাঁ’, এনে কথা কলে? আপুনি নাজানেনে দুৰ্য্যোধনে ভীমৰ গদাযুদ্ধৰ পাৰদৰ্শিতা সহিব নোৱাৰি আজি তেৰ বছৰ কেৱল এটা লোৰ ভীমৰ লগত অভ্যাস কৰি আছে? আপুনি কেৱল দুৰ্য্যোধনৰ কৰুণ বাণীতে এনে সাহ কৰিছে? বৃকোদৰৰ বাহিৰে আন কোনো এজনে গদাযুদ্ধত দুৰ্য্যোধনৰ সমকক্ষ নহব, কিন্তু তেৱোঁ গদাযুদ্ধ বিশেষকৈ অভ্যাস কৰা নাই। পূৰ্ব্বে শকুনি আৰু আপোনাৰ যেনে বিষম পাশা- খেল হৈছিল, এতিয়াও পুনৰ সেই খেলেই আৰম্ভ হল। মহাৰাজ, ভীম বলী কিন্তু দুৰ্য্যোধন কৃতী আৰু সামৰ্থ্যশালী। বলী আৰু কৃতীৰ ভিতৰত কৃতী লোকেই বিশিষ্ট; আপুনি আমাৰ সেই শত্ৰুক সুবিধা দি নিজক অসুবিধাত পেলালে। [ ৭২ ] বুজিলোঁ। কুন্তীৰ সন্তানসকলৰ অদৃষ্টত বিধাতাই ৰাজ্যভোগ লিখা নাই।”

 এই কথা শুনি ভীমে মাত দিলে—“হে মধুসূদন, তুমি বেজাৰ নকৰিবা, মই আজি দুৰ্য্যোধনক ৰণত সংহাৰ কৰিম। মোৰ এই গদা দুৰ্য্যোধনৰ গদাতকৈ দুগুণে গুৰুতৰ। মই দুৰ্য্যোধনক নিপাত কৰিমেই; তোমালোকে চাই থাকা। তুমি জানা, মই দেৱতাসকলৰ লগতো সংগ্ৰাম কৰিবলৈ সমৰ্থ, দুৰ্য্যোধন তো অতি তুচ্ছ।”

 ভীমৰ বীৰত্বপূৰ্ণ কথা শুনি বাসুদেৱে কলে—“হে মহাবাহো, ধৰ্ম্মৰাজ যুধিষ্ঠিৰে তোমাৰ সহায়ত বিপক্ষহীন হৈ নিজৰ উজ্জ্বল শ্ৰী পাব, তাত সংশয় নাই। তুমি এই সমৰত ধৃতৰাষ্ট্ৰৰ সন্তানবিলাকক সংহাৰ কৰিছা, অনেক ৰজা, বাজপুত্ৰ, ৰথী- মহাৰথীক নিপাত কৰিছা, এতিয়া দুৰ্য্যোধনক মাৰি ধৰ্ম্মৰাজক সসাগৰা ধৰা দান কৰাঁ। প্ৰাচীনকালত বিষ্ণুৱে যেনেকৈ দানৱদলন কৰি দেৱৰাজক স্বৰ্গপুৰা দিছিল, তুমিও তেনে কৰাঁ। পাপ দুৰ্য্যোধন সমৰত উপস্থিত হলেই বিনষ্ট হব; তুমি তাৰ উৰু দুটা ভাঙ্গি নিজৰ প্ৰতিজ্ঞা পালন কৰাঁ। হে বীৰ, দুৰ্য্যোধন অতি বলবান্, কৃতী আৰু সদায় সমৰত অভ্যাস থকা পুৰুষ; তেওঁৰ লগত অতি যত্নেৰে সংগ্ৰাম কৰিবা।”

[ ৭৩ ]  ভীমৰ কথা শুনি ধৰ্ম্মৰাজ আদি পাণ্ডৱসকলে, সাত্যকি আৰু পাঞ্চালসকলে ভীমক প্ৰশংসা কৰিবলৈ ধৰিলে। ভীমে যুধিষ্ঠিৰক সম্বোধন কৰি কলে—“হে মহাৰাজ, মই আজি পাপ দুৰ্য্যোধনৰ লগত ৰণ কৰিবলৈ ইচ্ছা কৰিছোঁ; অৰ্জ্জুনে খাণ্ডববনত অগ্নি যিদৰে মুক্ত কৰিছিল, ময়ো আজি সেইদৰে দুৰ্য্যোধনৰ ওপৰত মোৰ হৃদয়ত থকা বহুদিনৰ ক্ৰোধ পৰিত্যাগ কৰিম। হে মহাৰাজ, আপোনাৰ হিয়া বিন্ধি থকা বহুদিনৰ শোক-শেল আজি উভালিম; আপোনাক নিশ্চয় আজি বিজয়মালা পিন্ধাম। ধৃতৰাষ্ট্ৰই আজি পুতেক-বিয়োগৰ সংবাদ পাই শকুনি মন্ত্ৰণাৰ বাবে অশুভ কৰ্ম্ম স্মৰণ কৰিব। ” ভীমে এই কথা কৈ দেৱৰাজে বৃত্ৰাসুৰক যুদ্ধলৈ আহ্বান কৰাৰ দৰে, দুৰ্য্যোধনক ৰণলৈ মাতি থিয় দিলে। দুৰ্য্যোধনে ভীমৰ আহ্বান সহিব নোৱাৰি গদা লৈ তেওঁৰ কাষ চাপিল।

 ভীমে কলে—“দুৰ্য্যোধন, ৰজা ধৃতৰাষ্ট্ৰ আৰু তুমি আমাক যি ব্যৱহাৰ কৰিছিলা আৰু বাৰণাবতত যিবোৰ ঘটিছিল, সেই দুষ্কৰ্ম্মবোৰ মনত পেলোৱাঁ। তুমিয়েই দ্ৰৌপদীক অশেষ ক্লেশ দিছিলা, শকুনৰ পৰামৰ্শত পাশাখেলত ধৰ্ম্মৰাজক পৰাস্ত কৰিছিলা আৰু নিৰপৰাধ পাণ্ডৱসকলক নানা লাঞ্ছনা দিছিলা; আজি সেইবোৰ পাপৰ সমুচিত ফল পাবা। মনত ৰাখিবা, আজি মই তোমাৰ সমুদায় দৰ্প আৰু বিপুল ৰাজ্যৰ আশা নষ্ট কৰিম। ” তাকে শুনি দুৰ্য্যোধনে কলে—“বৃকোদৰ, বহুত আত্মশ্লাঘাৰ আৱশ্যক নাই। মোৰ লগত ৰণ কৰাঁ, [ ৭৪ ] বেগতে ৰণৰ হেঁপাহ পলাব; দেখা নাই, মই এই গদা কান্ধত লৈ হিমালয়শিখৰৰ দৰে যুদ্ধ কৰিবলৈ থিয় হৈ আছোঁ! মোৰ লগত ন্যায়ানুসাৰে ৰণ কৰিবলৈ ইন্দ্ৰেও আগ নাবাঢ়ে। তুমি নাজানানে, ময়েই ছলেৰে তোমালোকক অৰণ্যত বাস দিছিলোঁ আৰু ময়েই তোমালোকক বেশছন কৰাই পৰৰ ঘৰত দাসত্ব কৰাইছিলোঁ! এতেকে শৰৎকালৰ বৰষুণ নবৰষা মেঘৰ দৰে মিছা গৰ্জ্জন এৰাঁ, তোমাৰ গাত যিমান শক্তি আছে এই যুদ্ধত প্ৰকাশ কৰাঁ। ”

 ভীম আৰু দুৰ্য্যোধনৰ ভিতৰত গদাযুদ্ধ আৰম্ভ হল। দুৰ্য্যোধন ৰণক্ষেত্ৰৰপৰা পলাই পুনৰ ৰণত নামিছে; তেওঁৰ অন্ধ পিতৃৰ বাহিৰে মোৰ বুলিবলৈ আত্মীয়স্বজন আৰু কোনো নাই। এই কাৰণে দুৰ্য্যোধনৰ জীয়াই থাকিবলৈ অন্তৰত আশা নাই; তদুপৰি তেওঁ শ্ৰান্ত যদিও ৰণ-নিপুণ। এনে অৱস্থাত ভীমে তেওঁক পৰাস্ত কৰা সহজ নহয়। দুৰ্য্যোধনে ভৗমক কেইব বাৰো গদাৰে টানকৈ কোব বহালে, ভীমেও প্ৰতিশোধ ললে; শেষত গৈ কিন্তু ভীমৰ পক্ষে দুৰ্য্যোধনৰ গদাৰ প্ৰহাৰ সহ্য কৰা টান হৈ উঠিল। তেতিয়া অৰ্জ্জুনে ভীমে দেখাকৈ নিজৰ বাম ঊৰুত এটা চাপৰ মাৰিলে। ভীমে এই সঙ্কেত বুজি পালে আৰু ছেগ বিচাৰি গদা ঘূৰাবলৈ ধৰিলে। তাৰ অলপ পাচত দুৰ্য্যোধনৰ গদাৰ কোবত ভীম মুৰ্চ্ছিত হবলগীয়া হল; দুৰ্য্যোধনে বুজিব নোৱাৰি তেনে অৱস্থাতে ভীমক মাৰিবলৈ খেদি গল, কিন্তু ভীমৰ অৱস্থা বুজি প্ৰহাৰ নকৰিলে। তাৰ পাচত ভীম [ ৭৫ ] অলপ সুস্থ হৈ দুৰ্য্যোধনক খেদি গল; দুৰ্য্যোধনে ভীমক ভুৱা দি জাপ মাৰিলে। ভীমৰ খং দুগুণে উঠিল আৰু খেদি গৈ দুৰ্য্যোধনৰ দুই উৰুত কোব বহালে। ভীমৰ বজ্ৰসদৃশ গদাৰ কোবত দুৰ্য্যোধনৰ উৰু দুটা ভাগি গল; দুৰ্য্যোধন মাটিত লুটি খাই পৰিল আৰু তেজ বতিয়াবলৈ ধৰিলে।