সাহিত্য - সপ্তম ভাগ/দুৰ্য্যোধনৰ জিৰণি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ৬৫ ]

দুৰ্য্যোধনৰ জিৰণি।

 কুৰুক্ষেত্ৰ সমৰত পাণ্ডৱে কৌৰৱৰ প্ৰায় সমস্ত সৈন্য নিপাত কৰে; ৰণৰ শেষত কৃতবৰ্ম্মা, কৃপাচাৰ্য্য, অশ্বত্থামা আৰু দুৰ্য্যোধন মাত্ৰ জীৱিত থাকে। কৌৰৱৰ এই বীৰসকলে সন্ধ্যা পৰত যেতিযা পাণ্ডৱৰ জয়ধ্বনি শুনিলে আৰু তেওঁলোকৰ নিজৰ শিবিৰবোৰ শূন্য দেখিলে, তেতিয়া আৰু তেওঁলোকৰ ৰণভূমিত থাকিবলৈ অনিচ্ছা হল। গদা হাতত লৈ দুৰ্য্যোধন দ্বৈপায়ন হ্ৰদলৈ গল আৰু তাৰ পানীত লুকাই থাকিল।

 পাণ্ডৱসকল নিজৰ শিবিৰত সোমাল। কৌৰৱৰ অবশিষ্ট বীৰ তিনিজনে তেতিয়া দুৰ্য্যোধনৰ পথ অৱলম্বন কৰি হ্ৰদৰ কাষ পালেগৈ। তেওঁলোকে পুনৰ পাণ্ডৱৰ লগত ৰণ কৰিবলৈ দুৰ্য্যোধনক আহ্বান কৰিলে। দুয্যোধনে সেই নিশা ৰণ নকৰি তেওঁলোকক জিৰণি লবলৈ দি কলে—“আজি ৰাতিটো বিশ্ৰাম কৰো। কাইলৈ আপোনালোকৰ সৈতে সমৰস্থলত শত্ৰুৰ লগত ৰণ কৰিম; আপোনালোকেও ঠাইত জিৰণি লওকগৈ। ”

 দুৰ্য্যোধন জীৱিত থাকিলে পাণ্ডৱৰ জয় সম্পূৰ্ণ নহয়। পাণ্ডৱে ৰণভূমিত দুৰ্য্যোধনক নেদেখি, তেওঁক বিচৰাই চাৰিওফালে চৰ পঠালে। এই সময়ত কেইজনমান ব্যাধে আহি ভীমক দুয্যোধনৰ সংবাদ দিলেহি। পাণ্ডৱ-শিবিৰত আনন্দধ্বনি উঠিল। যুধিষ্ঠিৰে শ্ৰীকৃষ্ণক লগত লৈ কিছুমান সৈন্য সেনাপতিৰ সৈতে দ্বৈপায়ন হ্ৰদলৈ যাত্ৰা কৰিলে।

[ ৬৬ ]  পাণ্ডৱসৈন্য হ্ৰদলৈ অহা দেখি দুৰ্য্যোধনে অশ্বত্থামা আদিক তাৰপৰা যাবলৈ কলে। তেওঁলোক গৈ অলপ আঁতৰত লুকাই থাকিল; দুৰ্য্যোধনো হ্ৰদৰ পানীত নেদেখা হৈ ৰল।

 পাণ্ডৱসকলে দ্বৈপায়ন হ্ৰদ পালত যুধিষ্ঠিৰে দুৰ্য্যোধনক সম্বোধন কৰি কলে—“হে দুৰ্য্যোধন, তুমি সমুদায় ক্ষত্ৰিয়কুল আৰু নিজ বংশ ধ্বংস কৰি শেষত নিজৰ জীৱন ৰক্ষা কৰিবলৈ কিয় ইয়াত লুকাই আছাহি? সোনকালে উঠা, আৰু আমাৰ লগত ৰণ কৰাঁ। তোমাৰ সেই দৰ্প, সেই দুৰ্জ্জয় অভিমান কলৈ গল? কুৰুকুলত তোমাৰ জন্ম, তুমি কুলমৰ্য্যাদা স্মৰণ কৰাঁ। বিনাযুদ্ধে থকা ক্ষত্ৰিয়ৰ সনাতন ধৰ্ম্ম নহয়; তুমি জানা, সমৰত পলোৱা নৰকৰ কাৰণ। বীৰসকলে জীৱন থকাত কেতিয়াও শত্ৰুক দেখি নপলায়। হে বীৰ, সহোদৰ আৰু সমুদায় সৈন্যক নিধন কৰাই নিজৰ জীৱন ৰক্ষা কৰিবলৈ প্ৰয়াস কৰা তোমাৰ উচিত হৈছে নে?”

 দুৰ্যোধনে যুধিষ্ঠিৰৰ কথা শুনি পানীৰপৰাই উত্তৰ দিলে-- “হে মহাৰাজ, মই ভয়ত বা বিষাদত পানীত পৰা নাই, কেৱল বিশ্ৰাম কৰিবলৈহে এই ব্যৱস্থা কৰিছোঁ। মই ইয়াৰপৰা উঠিগৈ নিশ্চয় তোমালোকৰ লগত ৰণ কৰিম। ” তাকে শুনি যুধিষ্ঠিৰে কলে—“হে নৰেশ্বৰ, আমি বহুপৰ তোমাক বিচাৰিছোঁ; তুমি পানীৰপৰা উঠাঁ আৰু যুদ্ধ কৰি আমাক মাৰাঁ। ” তুমি ৰজা হোৱাঁ; আমি মৰি বীৰলোক লাভ কৰোঁ। ”

 দুৰ্য্যোধনে অলপ ৰৈ উত্তৰ দিলে-“হে জনেশ্বৰ, যি [ ৬৭ ] কৌৰৱৰ নিমিত্তে মই ৰাজ্য লবলৈ ইচ্ছা কৰিছিলোঁ, মোৰ সেই সহোদৰসকল মৰিল। পৃথিবী ৰত্নহীনা আৰু ক্ষত্ৰিয়শূন্যা; মই এনে পৃথিবী ভোগ কৰিবলৈ ইচ্ছা নকৰোঁ। দ্ৰোণ আৰু কৰ্ণ মৰিল, পিতামহ ভীষ্ম শৰশয্যাত; এই শূন্যপ্ৰায় পৃথিবী সম্প্ৰতি তোমাৰেই হওক। সুহৃৎ, পিতা, পুত্ৰ, ভ্ৰাতা আদিক মাৰি সহায়হীন হৈ কোন ৰজাই ৰাজ্যশাসন কৰিব খোজে? মই অজিন-বসন পৰিধান কৰি বনলৈ যাম; আত্মীয়-স্বজন হত হোৱাত মোৰ ৰাজ্যভোগলৈ আৰু অলপো স্পৃহা নাই। ”

 দুৰ্য্যোধনৰ এই কৰুণ কথা শুনি যুধিষ্ঠিৰে কলে— “হে নৰেশ্বৰ, তুমি আতুৰৰ অসংলগ্ন কথাৰদৰে পানীৰপৰা কথা নকবা; চৰাইৰ ধ্বনিৰদৰে তোমাৰ কথাবোৰ মোৰ কাণত সোমোৱা নাই। যদিও তুমি দান কৰিবলৈ সমৰ্থ হৈছা, মই কিন্তু তুমি দিয়া পৃথিবী শাসন কৰিবলৈ ভাল নাপাওঁ। দান গ্ৰহণ কৰা ক্ষত্ৰিয়ৰ ধৰ্ম্ম নহয়। তুমি দিয়া পৃথিবী মই গ্ৰহণ নকৰি তোমাক ৰণত বিশেষৰূপে পৰাজিত কৰিহে বসুধা ভোগ কৰিবলৈ ভাল পাওঁ।

 আৰু তুমি দেখো নিজেই অনীশ্বৰ, কেনেকৈ বা পৃথিবী দান কৰিবলৈ ইচ্ছা কৰিছা মই বুজা নাই! যেতিয়া মই কুলৰ বিনাশ নহবলৈ মোৰ ৰাজ্য প্ৰাৰ্থনা কৰিছিলোঁ, তেতিয়া কিয় নিদিলা? হে কৌৰৱনন্দন, এতিয়া আৰু পৃথিবী দান কৰিবলৈ তোমাৰ প্ৰভুত্ব নাই। যিজনে আগেয়ে যাক বলেৰে মাৰিবলৈ ইচ্ছা কৰিছিল, সি বা এতিয়া তাক কেনেকৈ ৰাজ্য [ ৬৮ ] দিবলৈ ওলায়? বেজীৰ আগত যিমান মাটি ঢাক খায় সিমান পৰিমাণৰ মাটি মোক এৰি দিবলৈও তুমি স্বীকাৰ কৰা নাছিল, এতিয়া কেনেকৈ বা সমুদায় ভূমণ্ডল দান কৰাঁ? এইবোৰ বলিয়ালি এৰাঁ; মনত ৰাখিবা এতিয়া তোমাৰ জীৱন আমাত আৰু আমাৰ জীৱন তোমাত নিৰ্ভৰ কৰিছে। তুমি আমাক জয় কৰি অখণ্ড ভূমণ্ডল শাসন কৰাঁ, নাইবা আমাৰদ্বাৰা নিহত হৈ পৰম মনোহৰ লোকলৈ গতি কৰাঁ। তুমি পাহৰিলানে, আমাক অগ্নিত দগ্ধ কৰিবলৈ যত্ন কৰিছিলা! সাপৰ বিষ খুৱাই পানীত ডুবাবলৈও ক্ৰুটী কৰা নাছিলা! তুমি ৰাজ্য হৰণ কৰি দ্ৰৌপদীক কি ব্যৱহাৰ কৰিছিলা? এইবোৰ কাৰণত তুমি জীয়াই থাকিব নোৱাৰিবা; পানীৰপৰা উঠাঁ আৰু আমাৰ লগত যুদ্ধ কৰাঁ। ”

 এইদৰে যুধিষ্ঠিৰ আৰু তেওঁৰ ভ্ৰাতৃসকলৰ তৰ্জ্জন-গৰ্জ্জন আৰু কটুবাক্যবোৰ কাণত পৰাত ৰজা দুৰ্য্যোধন অস্থিৰ হল। তেওঁ ঘনাই ঘনাই দীঘল হুমুনিয়াহ পেলাবলৈ ধৰিলে; আৰু পাচত হাত কঁপাই কঁপাই কলে—“হে পাণ্ডৱসকল, তোমালোক নিজ সুহৃৎ আৰু ৰথ-বাহনে সৈতে আছা, মই অকল; মোৰ ৰথ নাই, বাহন নাই, মই অতি কষ্টত আছোঁ। হে যুধিষ্ঠিৰ, তোমালোকে এজন এজনকৈ মোৰ লগত যুদ্ধ কৰাঁ। যুদ্ধত এজনৰ লগত একেসময়তে বহুতে ৰণ কৰা ন্যায়সঙ্গত নহয়। বিশেষ মোৰ কবচ নাই, মোৰ শৰীৰৰ অত্যন্ত ক্ষত-বিক্ষত, তদুপৰি মই শ্ৰান্ত আৰু আপদগ্ৰস্ত। মই তোমালোকৰ কাকো [ ৬৯ ] ভয় নকৰোঁ, আৰু মোৰ খং উঠিলে যুদ্ধস্থলত তোমালোক আটাই কেইজনকে বাধা দিব পাৰোঁ। ৰাতি পুৱালে সূৰ্য্যদেৱে যেনেকৈ নিজ তেজেৰে নক্ষত্ৰ আদিৰ তেজ নষ্ট কৰে, ময়ো ৰথহীন আৰু অস্ত্ৰহীন হৈয়ো অশ্ব-ৰথ থকা তোমালোকক মোৰ তেজেৰে বিনাশ কৰিম। আজি তোমাক ভ্ৰাতৃসকলৰ সৈতে বধ কৰি ভীষ্ম, দ্ৰোণ, কৰ্ণ, জয়দ্ৰথ, ভগদত্ত, শল্য, সুহৃদ, বন্ধু আৰু সহোদৰসকলৰ ধাৰ শোধ কৰিম। ”

 তাকে শুনি যুধিষ্ঠিৰে কলে—“হে নৰাধিপ, এতিয়াও যিহেতু তুমি বীৰৰ দৰে যুদ্ধ কৰিবলৈ বাঞ্ছা কৰিছা, আৰু তুমি অকলশৰীয়া হৈয়ো আমাৰ আটাইৰে সৈতে ৰণ কৰিবলৈ আগ্ৰহ কৰিছা, এতেকে তুমি আমাৰ এজনৰ লগতেই ৰণ কৰাঁ; আমি বাকীবিলাক দৰ্শক হৈয়েই থাকিম। লগতে তোমাক আৰু এটা সুবিধা দিও—তুমি আমাৰ ভিতৰৰ যেই সেই একজনক মাৰি ৰজা হোৱাঁ, নাইবা তেওঁৰ হাতত মৰা পৰি স্বৰ্গলাভ কৰাঁ!” তেতিয়া দুৰ্য্যোধনে কলে—“সেইবোৰ পাচ কথা; তোমালোকৰ ভিতৰত কোনে মোৰ লগত ৰণ কৰিব প্ৰস্তুত হোৱা। মানুহৰ খাদ্য- বস্তুৰ পৰিবৰ্ত্তন কৰাৰ ইচ্ছা জন্মাৰ দৰে, মোৰো যুদ্ধ পৰিবৰ্ত্তনৰ ইচ্ছা হৈছে। বিচিত্ৰ ৰথৰ যুদ্ধ বহুত বাৰ হৈ গৈছে, এইবাৰ অদ্ভুত গদাযুদ্ধ হওক। ” এই বুলি দুৰ্য্যোধন হ্ৰদৰপৰা উঠিল।

⸻⸻