পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
দুৰ্য্যোধনৰ উৰুভঙ্গ


অলপ সুস্থ হৈ দুৰ্য্যোধনক খেদি গল; দুৰ্য্যোধনে ভীমক ভুৱা দি জাপ মাৰিলে। ভীমৰ খং দুগুণে উঠিল আৰু খেদি গৈ দুৰ্য্যোধনৰ দুই উৰুত কোব বহালে। ভীমৰ বজ্ৰসদৃশ গদাৰ কোবত দুৰ্য্যোধনৰ উৰু দুটা ভাগি গল; দুৰ্য্যোধন মাটিত লুটি খাই পৰিল আৰু তেজ বতিয়াবলৈ ধৰিলে।