পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
দুৰ্য্যোধনৰ উৰুভঙ্গ

 যুধিষ্ঠিৰৰ কথা শুনি দুৰ্য্যোধনে সোণৰ বৰ্ম্ম আৰু মুকুট পিন্ধি গদা কান্ধত লৈ কলে—“হে নৰবৰ, তোমালোকৰ ভাইসকলৰ ভিতৰত এজনে মোৰ লগত গদাৰে ৰণ কৰক; মই ভাবোঁ গদাযুদ্ধত মোৰ লগত যুদ্ধ কৰিবলৈ পৃথিবীত কোনো সমৰ্থ নহয়। এনে গৰ্ব্বালি কথা নিজমুখে প্ৰকাশ কৰা যদিও যুক্তিসিদ্ধ নহয়, তথাপি তোমাৰ সম্মুখতে ই সফল হব। মোৰ লগত যিজনে যুদ্ধ কৰিব খোজে বেগেতে গদা লওক। ”

 দুৰ্য্যোধনে এইদৰে বেলিয়েপতি গৰ্জ্জন কৰাত শ্ৰীকৃষ্ণই খং কৰি যুধিষ্ঠিৰক কলে—“হে ধৰ্ম্মৰাজ, যদি দুৰ্য্যোধনে গদাযুদ্ধ কৰিবলৈ আপোনাক, অৰ্জ্জুনক, নকুলক বা সহদেৱক মাতে তেনেহলেই অনৰ্থ হব। আপোনাৰ ই কেনে সাহ, যে তুমি আমাৰ এজনক মাৰি ৰজা হোৱাঁ’, এনে কথা কলে? আপুনি নাজানেনে দুৰ্য্যোধনে ভীমৰ গদাযুদ্ধৰ পাৰদৰ্শিতা সহিব নোৱাৰি আজি তেৰ বছৰ কেৱল এটা লোৰ ভীমৰ লগত অভ্যাস কৰি আছে? আপুনি কেৱল দুৰ্য্যোধনৰ কৰুণ বাণীতে এনে সাহ কৰিছে? বৃকোদৰৰ বাহিৰে আন কোনো এজনে গদাযুদ্ধত দুৰ্য্যোধনৰ সমকক্ষ নহব, কিন্তু তেৱোঁ গদাযুদ্ধ বিশেষকৈ অভ্যাস কৰা নাই। পূৰ্ব্বে শকুনি আৰু আপোনাৰ যেনে বিষম পাশা- খেল হৈছিল, এতিয়াও পুনৰ সেই খেলেই আৰম্ভ হল। মহাৰাজ, ভীম বলী কিন্তু দুৰ্য্যোধন কৃতী আৰু সামৰ্থ্যশালী। বলী আৰু কৃতীৰ ভিতৰত কৃতী লোকেই বিশিষ্ট; আপুনি আমাৰ সেই শত্ৰুক সুবিধা দি নিজক অসুবিধাত পেলালে।