ভীমৰ কথা শুনি ধৰ্ম্মৰাজ আদি পাণ্ডৱসকলে, সাত্যকি আৰু
পাঞ্চালসকলে ভীমক প্ৰশংসা কৰিবলৈ ধৰিলে। ভীমে যুধিষ্ঠিৰক
সম্বোধন কৰি কলে—“হে মহাৰাজ, মই আজি পাপ দুৰ্য্যোধনৰ
লগত ৰণ কৰিবলৈ ইচ্ছা কৰিছোঁ; অৰ্জ্জুনে খাণ্ডববনত অগ্নি
যিদৰে মুক্ত কৰিছিল, ময়ো আজি সেইদৰে দুৰ্য্যোধনৰ ওপৰত
মোৰ হৃদয়ত থকা বহুদিনৰ ক্ৰোধ পৰিত্যাগ কৰিম। হে
মহাৰাজ, আপোনাৰ হিয়া বিন্ধি থকা বহুদিনৰ শোক-শেল আজি
উভালিম; আপোনাক নিশ্চয় আজি বিজয়মালা পিন্ধাম।
ধৃতৰাষ্ট্ৰই আজি পুতেক-বিয়োগৰ সংবাদ পাই শকুনি মন্ত্ৰণাৰ
বাবে অশুভ কৰ্ম্ম স্মৰণ কৰিব। ” ভীমে এই কথা কৈ দেৱৰাজে
বৃত্ৰাসুৰক যুদ্ধলৈ আহ্বান কৰাৰ দৰে, দুৰ্য্যোধনক ৰণলৈ মাতি
থিয় দিলে। দুৰ্য্যোধনে ভীমৰ আহ্বান সহিব নোৱাৰি গদা লৈ
তেওঁৰ কাষ চাপিল।
ভীমে কলে—“দুৰ্য্যোধন, ৰজা ধৃতৰাষ্ট্ৰ আৰু তুমি আমাক যি ব্যৱহাৰ কৰিছিলা আৰু বাৰণাবতত যিবোৰ ঘটিছিল, সেই দুষ্কৰ্ম্মবোৰ মনত পেলোৱাঁ। তুমিয়েই দ্ৰৌপদীক অশেষ ক্লেশ দিছিলা, শকুনৰ পৰামৰ্শত পাশাখেলত ধৰ্ম্মৰাজক পৰাস্ত কৰিছিলা আৰু নিৰপৰাধ পাণ্ডৱসকলক নানা লাঞ্ছনা দিছিলা; আজি সেইবোৰ পাপৰ সমুচিত ফল পাবা। মনত ৰাখিবা, আজি মই তোমাৰ সমুদায় দৰ্প আৰু বিপুল ৰাজ্যৰ আশা নষ্ট কৰিম। ” তাকে শুনি দুৰ্য্যোধনে কলে—“বৃকোদৰ, বহুত আত্মশ্লাঘাৰ আৱশ্যক নাই। মোৰ লগত ৰণ কৰাঁ,