পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
সাহিত্য়

বুজিলোঁ। কুন্তীৰ সন্তানসকলৰ অদৃষ্টত বিধাতাই ৰাজ্যভোগ লিখা নাই।”

 এই কথা শুনি ভীমে মাত দিলে—“হে মধুসূদন, তুমি বেজাৰ নকৰিবা, মই আজি দুৰ্য্যোধনক ৰণত সংহাৰ কৰিম। মোৰ এই গদা দুৰ্য্যোধনৰ গদাতকৈ দুগুণে গুৰুতৰ। মই দুৰ্য্যোধনক নিপাত কৰিমেই; তোমালোকে চাই থাকা। তুমি জানা, মই দেৱতাসকলৰ লগতো সংগ্ৰাম কৰিবলৈ সমৰ্থ, দুৰ্য্যোধন তো অতি তুচ্ছ।”

 ভীমৰ বীৰত্বপূৰ্ণ কথা শুনি বাসুদেৱে কলে—“হে মহাবাহো, ধৰ্ম্মৰাজ যুধিষ্ঠিৰে তোমাৰ সহায়ত বিপক্ষহীন হৈ নিজৰ উজ্জ্বল শ্ৰী পাব, তাত সংশয় নাই। তুমি এই সমৰত ধৃতৰাষ্ট্ৰৰ সন্তানবিলাকক সংহাৰ কৰিছা, অনেক ৰজা, বাজপুত্ৰ, ৰথী- মহাৰথীক নিপাত কৰিছা, এতিয়া দুৰ্য্যোধনক মাৰি ধৰ্ম্মৰাজক সসাগৰা ধৰা দান কৰাঁ। প্ৰাচীনকালত বিষ্ণুৱে যেনেকৈ দানৱদলন কৰি দেৱৰাজক স্বৰ্গপুৰা দিছিল, তুমিও তেনে কৰাঁ। পাপ দুৰ্য্যোধন সমৰত উপস্থিত হলেই বিনষ্ট হব; তুমি তাৰ উৰু দুটা ভাঙ্গি নিজৰ প্ৰতিজ্ঞা পালন কৰাঁ। হে বীৰ, দুৰ্য্যোধন অতি বলবান্, কৃতী আৰু সদায় সমৰত অভ্যাস থকা পুৰুষ; তেওঁৰ লগত অতি যত্নেৰে সংগ্ৰাম কৰিবা।”