সাহিত্য - সপ্তম ভাগ/বিশ্ব ভাৱৰীয়া
অৱয়ব
[ ৭৬ ]
'বিশ্ব-ভাৱৰীয়া।
যি ভাবে দেখিবা এই সংসাৰ ভাৱনা
সেই ভাবে গৰাসিব তোমাৰ জীৱন।
হিংসা-দ্বেষ-চকু দিলে পাবা হিংসা-দ্বেষ,
প্ৰেমতো দেখিবা তুমি মধুৰ মিলন।
তুমি ভালে বিশ্ব ভাল সবাতো সুন্দৰ,
বিকটালে মুখ কিন্তু বিকট বদন।
তুমিয়েই ভাৱৰীয়া ৰূপে বিশ্ব জুৰি
ক্ৰীড়িছা হে মানৱাত্মা লীলা দেখুৱাই।
তুমিয়ে তোমাক চাই বখানি নিন্দিছা
তোমাৰ মহিমা দেৱ, কৈয়ো অন্ত নাই।
আপোন খেলত তুমি আপুনি মগন,
ভাঙ্গিছা পাতিছা, পৰি উঠিব শিকিছা,
সৃষ্টি-পাতনিৰে পৰা নীল আকাশত
কিৰণৰ জাল মেলি ডাৱৰ ধৰিছা।
টিপচীটি হৈ উৰি টিপতে লুকাই
গৰুড়ৰ পখা মেলি বিচাৰি ফুৰিছা।