পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুৰ্য্যোধনৰ ঊৰুভঙ্গ।

 দুৰ্য্যোধনৰ গদা পৰিষ্কাৰ লোৰ, আৰু তাৰ ওপৰত সোণ খটোৱা। গদা লৈ তেওঁ হ্ৰদৰ পাৰত থিয় দিয়াত তেজস্বী সূৰ্য্যৰদৰে জিলিকি উঠিল। পাণ্ডৱ আৰু পাঞ্চালসকলে দুৰ্য্যোধনক হ্ৰদৰপৰা উঠা দেখি হাত চাপৰি মাৰি আনন্দ প্ৰকাশ কৰিলে। দুৰ্য্যোধনে তেওঁক উপহাস কৰা ভাবি অত্যন্ত ক্ৰোধান্বিত হৈ কলে—“ইহাৰ ফল এতিয়াই পাবা। আহাঁ, তোমালোকৰ একোজনকৈ মোৰ ওচৰলৈ আহাঁ; যুদ্ধস্থলত এজন বীৰৰ লগত অধিক বীৰে ৰণ কৰা ন্যায়সঙ্গত নহয়। যুদ্ধৰ আহিলা- পাতি মোৰ একো নাই, গাত মোৰ বৰ্ম্ম নাই, হাতত অস্ত্ৰ নাই আৰু মই অকলশৰীয়া; তথাপি তোমালোকৰ লগত ৰণ কৰিম।”

 যুধিষ্ঠিৰে মাত লগালে—“হে মহাৰাজ, যেতিয়া বহু মহাৰথে লগলাগি অভিমন্যুক বিনাশ কৰিছিল, তেতিয়া তোমাৰ এই জ্ঞান কলৈ গৈছিল? প্ৰাণীবিলাক কষ্টত পৰিলে ধৰ্ম্মপথ দেখা পায়, আৰু পদ পালে পৰলোকৰ দুৱাৰ বন্ধ দেখে। হে বীৰ! তুমি কবচ পিন্ধা, চুলি বান্ধা আৰু যি অভাৱ আছে সেইবোৰ পূৰাই লোৱাঁ। এই যুদ্ধত তুমি তোমাৰ প্ৰাণ দিয়াৰ বাহিৰে আৰু তোমাৰ প্ৰিয় কাৰ্য্য একো নাই।”