পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
কবিৰ অহৈতুকী প্ৰীতি


দেখিলে বগা কাপোৰ পিন্ধা ডেকা এজনে তেওঁৰ কাষত বহি হুমুনিয়া কাঢ়ি তেওঁক ক’লে, “বোপাটি, তুমি ছলনা এৰি পেলোৱা; তুমি এনেভাৱে এটি কবিতা লিখি প্ৰচাৰ কৰা, তাৰ পৰা যেন তোমাৰ প্ৰকৃত কাহিনী প্ৰকাশ পায়; আৰু কবিতাটো এনেবোৰ ঠাইলৈ পঠিয়াবা যেন তাৰ মৰ্ম তোমাৰ প্ৰেয়সীৰ কাণত পৰে।” এনেতে সপোনৰ মূৰ্তিৰ অন্তৰ্দ্ধান হ’ল আৰু লগে লগে তেওঁৰ সপোনো ভাগিল।

 ইয়াৰ কিছুমান দিনৰ পিছত বিয়েট্ৰীছৰ পিতাক ঢুকাল। বিয়েট্ৰীছৰ পিতৃশোকত ডাণ্টে নিজেই ইমান চিন্তাকুল হ’ল যে তেৱোঁ নৰিয়াত পৰিল। নৰিয়াত মূৰৰ ভ্ৰমত তেওঁ নানান খেলি-মেলি সপোন দেখিলে। তাৰ ভিতৰত শোকাতুৰা কেতবোৰ তিৰোতাই তেওঁক কোৱা শুনিলে যেন তেওঁৰ প্ৰাণ-প্ৰেয়সী বিয়েট্ৰীছ আৰু ইহজগতত নাই। সপোনতেই তেওঁ ইমান কান্দিলে যে সঁচাকৈ তেওঁৰ বিছনা তিতি গ’ল।

 সপোন ভাগিলতহে তেওঁ বুজিব পাৰিলে সেইটো মিছা। কিন্তু সপোনৰ বৃত্তান্তটি কবিতাত লিপিবন্ধ কৰি থ’লে। এইদৰে অন্তৰ ৰাজ্যৰ ৰাণী পাতি নানান কবিতা আৰু ছন্দেৰে বিয়েট্ৰীছৰ গুণ-গৰিমা ব্যাখ্যা কৰি থাকোতে থাকোতে প্ৰথমে বাটত দেখাৰ পৰা ন বছৰৰ মূৰত ডাণ্টেৰ কাণত আহি বজ্ৰৰ দৰে ঘোষিত হ’ল— বিয়েট্ৰীছৰ মৃত্যু হৈছে।

 এই নিদাৰুণ বাতৰিত শোকাভিভূত হ’লেও ডাণ্টেৰ বাহিৰা ব্যৱহাৰত কোনো উত্ৰাৱল ভাব প্ৰকাশ নহ’ল। তেওঁৰ শোক কেৱল ছন্দ আৰু গাঁথাতহে প্ৰকাশ পালে।

 এদিন অকলে বহি তেওঁ দেৱদূতীৰ মূৰ্তি এখনি পটত আঁকি আছিল। তেওঁ ইমান ভাবমগ্ন হৈ আছিল যে তেওঁক দেখা কৰিবলৈ অহা মানুহ কেইজনমানে তেওঁৰ পাছফালে থিয় হৈ তেওঁৰ কাৰ্যকলাপ চাই থকা কথাৰ তেওঁ গমকেই নেপালে। ভালেমান বেলিৰ মূৰত তত্ পাই তেওঁলোকক আদৰকৈ বহুৱাই ক’লে, “আন এজনা মোৰ লগত আছিল।”

 অন্তৰত শোকৰ মাত্ৰা বেছি হ’লে কোনোবাই কেনেবাকৈ তেওঁৰ ব্যৱহাৰ লক্ষ্য কৰে বুলি ভালেমান দিনলৈ ডাণ্টেই আনৰ চকুৰ আঁৰে আঁৰে ফুৰিবলৈ ধৰিলে। এদিন শোকাতুৰ হৈ ফুৰোতে কোনোবাই দেখে বুলি চাৰিওফালে চকু ফুৰাই চালত দেখিলে যে খিৰিকিয়েদি এজনী গাভৰু ছোৱালীয়ে তেওঁৰ পিনে থৰ লাগি চাই আছে। গাভৰুৰ চকুযুৰি মৰম-বেথাত পূৰ্ণ। কবিয়ে ভাবিলে, তেওঁৰ ব্যথাতেই যেন ছোৱালীজনীও ব্যথিত। তাৰ পিছত আহোতে কি যাওঁতে প্ৰায়েই ডাণ্টেই খিৰিকিৰ মুখত থিয় হৈ থকা ছোৱালীজনীক দেখা পাবলৈ ধৰিলে। শেহত গৈ গাভৰুজনীক দেখিলেই তেওঁৰ মনত আনন্দ হয়; তেৱোঁ ভাবিলে, “এই গাভৰুজনীও বিয়েট্ৰীছৰ নিচিনাই শান্ত আৰু ৰূপহী; জানোচা মোৰ অশান্ত মনত শান্তি দিবলৈকেই প্ৰেমৰ দেৱতাই এওঁক মোৰ চকুত পেলাইছে।”