পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
কবিৰ অহৈতুকী প্ৰীতি


ঘটনাত সেইটোকেই আলোচনা কৰা হ’ব। চণ্ডীদাসৰ ঘৰুৱা বা পাৰিবাৰিক জীৱনৰ কথা নাইবা তেওঁৰ ভক্তজীৱন বা উপাসনা প্ৰণালীৰ কথা আমি নেজানো। তেওঁৰ ধৰ্মমতত দীক্ষিতসকলে তেওঁৰ ৰহস্যপূৰ্ণ উক্তিবোৰৰ মৰ্ম বুজিলেও বুজিব পাৰে, কিন্তু সাধাৰণ পঢ়োতা হিছাপে তেওঁৰ পদাৱলীৰ সৰহ ভাগ উক্তিয়েই আমাৰ মনত কুঁৱলিময়।

 যি কামগন্ধবিহীন প্ৰেমৰ বিৰাট আৱেগত চণ্ডীদাসে প্ৰেমিক ৰজকিনীক ‘বেদমাতা গায়ত্ৰী’, ‘উপাসনা ৰস’ আদি বুলি বৰ্ণনা কৰিছে ইটালি দেশৰ মহাকবি ডাণ্টেও সেই একে প্ৰেমৰ আৱেগতেই তেওঁৰ প্ৰেয়সী বিয়েট্ৰীছক সমান ওখ ঠাই দিছে। মহাকবি ডাণ্টেই তেওঁৰ এই প্ৰেম ‘Vita Nuova’ বা ‘নৱজীৱন’ নামেৰে এখন সৰু গদ্য-পদ্যময় কিতাপত বৰ্ণনা কৰিছে। সেই কিতাপখনক তেওঁৰ প্ৰেমিক জীৱনৰ আত্মচৰিত বুলিব পাৰি।

 খ্ৰীষ্টীয় ১২৬৫ শকত ইটালি দেশৰ ফ্লোৰেন্স নগৰত মহাকবি ডাণ্টেৰ জন্ম হয়। ইটালি দেশৰ মহানগৰীবোৰত ৰাজনৈতিক দলসমূহৰ ভিতৰত নানান আত্ম-বিদ্ৰোহ চলিছিল। সৰুৰে পৰাই ডাণ্টেই এফালে যেনেকৈ লিখা-পঢ়াত মন দিছিল সেইদৰে আনফালে ৰাজনৈতিক আন্দোলনতো তেওঁৰ সম্পূৰ্ণ যোগ আছিল। তাৰে ফলত মাজ বয়সতেই তেওঁ ফ্লোৰেন্স নগৰৰ পৰা নিৰ্বাসিত হৈ জীৱিত কালত আকৌ পুণৰ জন্মভূমিলৈ উলটি আহিবলৈ নেপালে।

 ডাণ্টেৰ বয়স তেতিয়া ন বছৰ পাৰ হ’বলগীয়া, তেতিয়া তেওঁ নগৰিক এজনে দিয়া ভোজ এখনলৈ গৈছিল। তাতে তেওঁ ন বছৰত ভৰি দিয়া স্নিগ্ধ ৰঙা শাৰী পিন্ধা ছোৱালী এজনী দেখা পালে। ছোৱালীজনীৰ বাপেকো সেই ভোজলৈ গৈছিল। ছোৱালীজনীক দেখিয়েই ন বছৰীয়া ডাণ্টেৰ সৰ্বশৰীৰ এনেভাৱে কঁপি উঠিল যে তেওঁ কান্দি পেলালে। কান্দোতেই তেওঁৰ অন্তৰাত্মাই এনেদৰে কোৱা যেন শুনিলে, ‘এইজনীয়েই, তোমাৰ জীৱন-দেৱতা, তোমাৰ অন্তৰাত্মাৰ ওপৰত এওঁৱেই প্ৰভুত্ব কৰিব।’ সেইদিনাৰ পৰাই তেওঁৰ মনত প্ৰেমৰ পৰবেশ হ’ল আৰু বিয়েট্ৰীছৰ ছবি তেওঁৰ অন্তৰত ওপঙিবলৈ ধৰিলে। তাৰ পিছত সুদীৰ্ঘ ন বছৰৰ অন্তত আকৌ এদিন বিয়েট্ৰীছক দেখা পালে। আগৰ পৰা গুৰিলৈ বগা কাপোৰ পিন্ধি দুজনী তেওঁতকৈ বেছি বয়সীয়া গাভৰুৰ মাজত তেওঁ বাটেদি খোজকাঢ়ি গৈছে। অকস্মাৎ বাটৰ এচুকত ওঠৰ বছৰীয়া ডাণ্টে লাজতে তলমূৰ হৈ থকা দেখি তেওঁৰফালে চাই বিয়েট্ৰীছে শিষ্টতাৰ খাতিৰত তেওঁক নমস্কাৰ কৰি লাহে লাহে গুচি গ’ল। সেই নমস্কাৰতেই কবিয়ে স্বৰ্গীয় সুখৰ শেষ সীমা পোৱা যেন পালে। সুখতেই তন্দ্ৰাভিভূ হৈ কবিয়ে