পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
কবিৰ অহৈতুকী প্ৰীতি


ডাণ্টেই ‘সপোন’ বা ‘ঐশ্বৰিক কাব্য’ (Vision বা Divine Comedy) বোলা এখন কাব্য লিখে।

 ওপৰত যি চমু বিৱৰণ দিয়া গ’ল ইহজগতত সেইখিনিয়েই ডাণ্টে-বিয়েট্ৰীছ সম্বলিত ঘটনা। তেওঁলোকৰ দেখা-দেখিও বাটত আৰু কেতিয়াবা ভোজ আৰু কেতিয়াবা উৎসৱত। সাধাৰণ প্ৰেমিক-প্ৰেমিকাৰ দৰে তেওঁলোকৰ গোপনে দেখা-শুনা হোৱা নাছিল। কেতিয়াও কোনো কথা-বতৰাও তেওঁলোকৰ হোৱা নাছিল। তাত বাজেও ডাণ্টেৰ এই নিৰ্বিকাৰ প্ৰেম-লীলা চলি থাকোতেই বিয়েট্ৰীছৰ আন এজনৰ লগত বিয়া হৈ গৈছিল। ‘নৱজীৱন’ত ডাণ্টেই তাৰ উল্লেখ কৰা নাই। তেওঁৰ মনত বিয়েট্ৰীছ চিৰকুমাৰী, চিৰসৌন্দৰ্যময়ী।

 যদি কেতিয়াবা অন্তৰৰ নিভৃত কোণতো ডাণ্টেই-বিয়েট্ৰীছৰ লগত মিলনৰ আশা সাঁচি ৰাখিছিল, বিয়েট্ৰীছৰ বিয়াৰ পিছত সেই আশা নিশ্চয় চিৰকাললৈ নোহোৱা হৈছিল। কিন্তু তেওঁৰ আদৰ্শ প্ৰতিমাৰ প্ৰতি আকৰ্ষণ আগৰ দৰেই থাকিল। আকৌ বিয়েট্ৰীছ মৰাৰ এবছৰৰ পিছতেই জেমা ডোনাটী (Gemma Donati) নামৰ ছোৱালী এগৰাকীৰ লগত ডাণ্টেৰ বিয়া হৈ গৈছিল। ‘নৱজীৱন’ত ইয়াৰো উল্লেখ নাই। এতেকে দেখা যায় বিয়েট্ৰীছৰ প্ৰতি ডাণ্টেৰ প্ৰেম-লীলাত মিলনৰ কোনো ক্ষীণ অভিলাষো নাছিল; থাকিলে বিয়েট্ৰীছৰ বিয়াৰ পিছত কবিৰ উন্মাদনা টুটি গ’লহেঁতেন। ইয়াক সম্ভোগ-লালসাৰ মানসিক বিকৃতিও বুলিব নোৱাৰি। তেনেহ’লেও বিয়েট্ৰীছৰ মৰণ আৰু ডাণ্টেৰ বিয়াৰ পিছত ডাণ্টেৰ জীৱনত বিয়েট্ৰীছ-অধ্যায়ৰ সামৰণি পৰিলহেঁতেন।

 এইটোও ক’ব নোৱাৰি যে ডাণ্টেৰ প্ৰেম-লীলা লাস-বিলাসত ডাঙৰ হোৱা এলেহুৱা ডেকা প্ৰেমিকৰ মানসিক বিকৃতি। কিয়নো প্ৰেম-চৰ্চাৰ লগে লগে ডাণ্টেই সেই সময়ৰ উৎকট পাঠ-চৰ্চাতো মনোযোগ দিছিল। সেই সময়ৰ ইটালীয় ৰাজনৈতিক আন্দোলনতো তেওঁৰ সম্পূৰ্ণ যোগ আছিল। বিয়েট্ৰীছ মৰাৰ এবছৰৰ আগতেই ফ্লোৰেন্স আৰু পিছা নগৰৰ মাজত যুঁজ লাগিছিল। সেই যুদ্ধলৈ সকলোৰে আগতেই ডাণ্টে অশ্বাৰোহী সৈনিকৰূপে নিজ ইচ্ছাৰে আগৰণুৱা হৈ ওলাইছিল আৰু সৈনিকৰূপে যুদ্ধও কৰিছিল। কঠোৰ পাঠ্যত আত্ম-নিয়োগ, স্বদেশৰ হকে যুদ্ধক্ষেত্ৰত অস্ত্ৰধাৰণ আদি সকলো পৌৰুষ কামতেই তেওঁ ডেকা কালৰ পৰাই লিপ্ত আছিল। এতেকে দেখা যায় ডাণ্টেৰ প্ৰেম-লীলা ভৱিষ্যৎ সন্মিলন আশাত আশান্বিত আছিল। ই প্ৰতিহত সম্ভোগ-বাসনাৰ মানসিক বিকাশ নহয়, নাইবা ভোগ-বিলাসত লালিত এলেহুৱা ডেকা প্ৰেমিকৰ মানসিক বিকৃতিও নহয়। ফ্লোৰেন্স নগৰৰ ৰাজনৈতিক আন্দোলন এটাৰ নেতা স্বৰূপে সেই সময়ত ডাণ্টে স্বদেশৰ পৰা চিৰকাললৈ নিৰ্বাসিত হৈছিল। সেই