পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
সাহিত্য আৰু প্ৰেম


নিৰ্বাসনৰ কঠোৰ নিৰ্যাতন অৱমাননাৰ ভিতৰতো তেওঁৰ অন্তৰ্জীৱনৰ ধ্ৰুবতৰা আছিল আদৰ্শ প্ৰতিমা বিয়েট্ৰীছৰ স্মৃতি। তেওঁৰ মহাকাব্যও এই নিৰ্বাসনৰ ভিতৰতেই লিখা হয়।

 মৰুভূমিৰ তপত বালিৰ তলত ৰৈ থকা পানীৰ দৰে, উত্তপ্ত পাষাণ ৰাশিৰ অন্তঃস্ৰোত নিজৰাৰ দৰে মধ্যযুগৰ বিদগ্ধ পণ্ডিত আৰু ৰাজনীতিত আগৰণুৱা ডাণ্টেৰ কঠোৰ দৈনন্দিন জীৱনৰ ভিতৰেদি বিয়েট্ৰীছ-প্ৰেম তেওঁৰ ন বছৰ বয়সৰ পৰা আৰম্ভ কৰি ১৩২১ খ্ৰীষ্টীয় শকত তেওঁৰ মৰণলৈকে ৪৭ বছৰ কাল পাতালি গঙ্গাৰ দৰে সঞ্জীৱনী শক্তিৰূপে বৈ আছিল। এই প্ৰেমৰ বাহ্যিক স্বৰূপ ‘নৱজীৱন’ত উল্লেখ কৰা ঘটনাবোৰ প্ৰেমৰ কাহিনী হিছাপে কোনো ঘটনাই নহয়। কিন্তু কবিৰ মনত কি মাৰ নোযোৱা ভাবৰ ঢৌ উঠিছিল বা কি অপৰূপ সৌন্দৰ্যৰ বিকাশ হৈছিল তাক সমান-ধৰ্মীত বাজে আনে বুজিব নোৱাৰে। ডাণ্টেৰ মহাকাব্যত বিয়েট্ৰীছক নায়িকাস্বৰূপে সুমোৱা হৈছে। কিন্তু সেই কথা আলোচনা কৰা এই প্ৰবন্ধৰ উদ্দেশ্য নহয়। বিয়েট্ৰীছক কিভাৱে মহাকাব্যত চিত্ৰিত কৰা হৈছে, সেইটো ডেকা কবিৰ অহৈতুকী প্ৰেমৰ শেষ বিকাশ মাথোন। মহাকাব্যৰ শেহত ডাণ্টেই লিখিছে— “My desire and will were rolled even as a wheel which moveth equally by the Love that moves the sun and the other stars”– “যি প্ৰেমৰ তাড়নাত সূৰ্য আৰু নক্ষত্ৰাৱলীয়ে ঘূৰিব লাগিছে, সেই প্ৰেমেই গাড়ীৰ চকৰিৰ দৰে মোৰ ইচ্ছা আৰু বাসনাক নিয়ন্ত্ৰিত কৰিছে।”

 কবিৰ মনত প্ৰেম আৰু বিশ্বশক্তি অভিন্ন পদাৰ্থ। প্ৰবন্ধৰ আৰম্ভণিতেই উল্লেখ কৰা সহজীয়া কবিৰ ৰামী ৰজকিনীৰ প্ৰতি যি নাম-গন্ধ নোহোৱা প্ৰেমৰ উচ্ছ্বাস, যাৰ প্ৰেৰণাত প্ৰেমিকাই ‘উপাসনাৰস’, ‘বেদমাতা গায়ত্ৰী’ৰ ঠাই অধিকাৰ কৰিছে, সিয়ো ইটালিৰ মহাকবিৰ অহৈতুকী প্ৰীতিৰ শ্ৰেণীৰেই কিবা বস্তু। কেৱল চণ্ডীদাসৰ ৰজকিনী ভক্তি আৰু কবিত্ব-ৰস এনে সংশ্লিষ্টভাৱে অভিষিক্ত যে ৰজকিনীত কিমানখিনি সাধকৰ ৰস তাক বেলেগে বিশ্লেষণ কৰিব নোৱাৰি।