পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
সাহিত্য আৰু প্ৰেম


নিজৰ ঘৰ পাই এই নবাবিৰ্ভূত জীৱন-দেৱতাৰ কথা ভাবি থাকোতেই তেওঁৰ টোপনি আহিল আৰু টোপনিত এটি সপোন দেখিলে। তেওঁৰ খোঁটালিটো যেন জুই বৰণীয়া কুঁৱলিৰে আছন্ন। তাৰ মাজত ভয়ঙ্কৰ আকৃতিৰ মূৰ্তি এটাই তেওঁৰ পিনে এনে কঠোৰভাৱে চাই আছে যেন সেই কঠোৰতাৰ ভিতৰতো কবিৰ প্ৰতি এটি উপলুঙাৰ ভাব ফুটি ওলাইছে। অস্পষ্ট ভাষাৰে এই মূৰ্তিটোৱে বহুত কথা কোৱা যেন পালে, তাৰ ভিতৰত কবিয়ে এইষাৰ মাথোন বুজি পালে— ‘ময়ে তোমাৰ প্ৰভু’। তেওঁৰ দুই বাহুৰ মাজত তেজ বৰণীয়া কাপোৰেৰে মেৰোৱা মানৱ-মূৰ্তি এটি শুই আছে। ভালকৈ মন কৰি চালত কবিয়ে দেখিলে তেওঁক বাটত প্ৰণাম কৰা ছোৱালীজনীয়েই তাত শুই আছে। মানুহজনৰ হাতত দপ্‌দপ্ কৰে জুয়ে পুৰি থকা আকৌ কিবা এটি বস্তু দেখিলে। সেইটো দেখুৱাই মানুহজনে ক’লে, “ধৰা, এইখন তোমাৰ হিয়া।” তাৰ পিছত কোলাত শুই থকা ছোৱালীজনীক জগাই সেই জ্বলি থকা বস্তুটো খাবলৈ দিলে আৰু ছোৱালীজনীয়ে ভয় ভয়কৈ তাক খালে। তাৰ অলপ পিছতেই মানুহজনে কান্দিবলৈ ধৰিলে আৰু ছোৱালীজনীক বাহুৰ মাজত আঁকোৱালি ধৰি অদৃশ্য হ’ল। তেওঁৰ মনত খেলালে, মানুহজন ছোৱালীজনীৰে সৈতে স্বৰ্গলৈ গ’ল। তেওঁৰ মনত এনে যন্ত্ৰণা হ’ল যে তাৰে ফলত টোপনি ভাগিল।

 সপোনৰ ঘটনা বিবৃত কৰি ডাণ্টেই ছনেট কবিতা এটি লিখি তেওঁৰ সমসাময়িক কবিসকললৈ পঠিয়াই দিলে। সপোনৰ অৰ্থ কি সেইটো তেওঁলোকক সুধি পঠিয়ালে। সেইসকলৰ ভিতৰত গুইড়ো কেভেল কেণ্টি নামে কবি এজনে সপোনৰ যথাযথ ছনেট কবিতাত লিখি ডাণ্টেলৈ পঠিয়াই দিলে।

 সেইদিনাৰ পৰা এই দেৱ-মূৰ্তি ছোৱালীজনীৰ চিন্তাতেই ডাণ্টে শুকাই-ক্ষীণাই যাবলৈ ধৰিলে। তেওঁৰ বন্ধু-বান্ধৱসকলে সন্দেহ কৰিলে যে কাৰোবাৰ লগত প্ৰেমত পৰি ডাণ্টেৰ এই দুৰ্দশাপন্ন অৱস্থা হৈছে। নানান চেষ্টা কৰিও তেওঁলোকে ডাণ্টেৰ অন্তৰ্নিহিত ভাবৰ উৱাদিহ উলিয়াব নোৱাৰিলে। ডাণ্টেও কেনেবাকৈ তেওঁৰ গোপন প্ৰীতি প্ৰকাশ হয় বুলি আন এজনী ছোৱালীৰ নামে কবিতা লিখি তেওঁৰ লগৰীয়াসকলৰ চকুত ধুলি মাৰিবলৈ চেষ্টা কৰিলে। এই চাতুৰীৰ ফলত তেওঁৰ বন্ধুসকল প্ৰতাৰিত হ’ল সঁচা, কিন্তু আনফালে ইয়াৰ ফল ডাণ্টেৰ প্ৰতি বিষময় হৈ উঠিল। মানুহৰ মুখে মুখে বাগৰি গৈ ডাণ্টে এজন চৰিত্ৰহীন ডেকা বুলি এটি জনৰব উঠিল। এইটো বিয়েট্ৰীছৰ কাণতো সম্ভৱ পৰিলগৈ।

 আন এদিন বাটত আগৰ দৰে ভেটা-ভেটি হ’লত বিয়েট্ৰীছে ডাণ্টেক নমস্কাৰ নকৰিলে। ইয়াতেই কবিয়ে মনত তীব্ৰ আঘাত পালে। নীৰল ঠাই এডোখৰলৈ গৈ কবিয়ে মনৰ হেঁপাহ পলুৱাই কান্দি নিজৰ ঘৰলৈ গৈ মনে মনে শুই থাকিল। সপোনত