পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সাহিত্য আৰু প্ৰেম


 এনেতে এদিন তেওঁ দিঠকতেই দেখা পালে, বহুত বছৰৰ আগৰ দৰে যেন বিয়েট্ৰীছে ৰঙা শাৰী পিন্ধি দুজনী গাভৰুৰ মাজত বাটেদি খোজকাঢ়ি যাবলৈ ধৰিছে। বয়সো তেতিয়াৰ দৰেই কুমলীয়া। কবিৰ সোঁৱৰণিয়ে আকৌ অতীতৰ ভাব আৰু ঘটনা-পৰম্পৰাৰ সূতা বগাই ফুৰিবলৈ ধৰিলে আৰু অইন এজনী ছোৱালীৰ প্ৰতি প্ৰেমৰ চকু দিয়া বুলি তীব্ৰ অনুতাপে ঠাই ল’লে। বিয়েট্ৰীছৰ শোক আকৌ উথলি উঠিল; ফ্লোৰেন্স নগৰখন তেওঁ নিৰানন্দময় যেন দেখিবলৈ ধৰিলে।

 ‘নৱজীৱন’ বোলা গদ্য-পদ্যময় কাব্যখনৰ শেষ কবিতাত ডাণ্টেই এনেদৰে লিখিছে—

It sees a lady round whom splendours move
In homage; till by the great light thereof
Abashed; the pilgrim spirit stands at gaze,
It sees her such, that when it tells me this
Which it hath seen, I understand it not,
It hath a speech so subtle and so fine.

 “কবিত্মময় অন্তৰ্দৃষ্টিৰে কবিয়ে দেখিলে যেন বিয়েট্ৰীছ স্বৰ্গৰাজ্যত আছে আৰু স্বৰ্গৰ সকলো সৌন্দৰ্যই তেওঁক উপাসনা কৰিব লাগিছে। সেইবোৰৰ এনে প্ৰখৰ জ্যোতি যে তেওঁৰ অন্তৰ্দৃষ্টিয়ে কেৱল মুগ্ধ হৈ চাইহে আছে। এই সৌন্দৰ্যলীলাৰ অৰ্থ তেওঁৰ অন্তৰ্দৃষ্টিয়ে তেওঁক উপলব্ধি কৰাব নোৱাৰে। ইয়াৰ ভাষা অতি সূক্ষ্ম।”

 এই কবিতাটো লেখাৰ পিছত ডাণ্টেই এটি বিৰাট বিশ্ব-সপোন দেখিলে। সপোনৰ বিৱৰণ তেওঁ দিয়া নাই, মাথোন কৈছে যে, “সপোনত এনেবোৰ কথা দেখিছো যাৰ পৰা এইটো থিৰাং জ্ঞান হৈছে যে সম্পূৰ্ণ উপযোগী নহওঁ মানে আকৌ এই মহিমাময়ীৰ কথা নিলিখো।”

 “I saw things which determined me that I would say nothing further of this blessed one, untill such time as I could discourse more worthily concerning her.”

 তেতিয়াৰ পৰা তেওঁৰ সকলো ধ্যান, চিন্তা এই উদ্দেশ্যেই নিহিত হৈছিল। তেওঁ লিখিছে, “If my life continue with me a few years, it is my hope that I shall yet write concerning her what hath not before been written of any woman.” “আৰু কেইবছৰমান যদি মোৰ জীৱন বৰ্তি থাকে তেনেহ’লে মই আশা কৰিব পাৰো যে তেওঁৰ বিষয় এনে কেতবোৰ কথা লিখিম যিবোৰ ইয়াৰ আগেয়ে কোনো তিৰোতাৰ বিষয়ে লিখা হোৱা নাই।”

 এই প্ৰতিজ্ঞাৰ ফলস্বৰূপে স্বদেশৰ পৰা নিৰ্বাসিত হোৱা অৱস্থাত শেষ বয়সত