গ্ৰন্থকাৰৰ নিবেদন।
সাতোটা গল্পৰ সাত ধাৰ হাৰ গোটাই “সাতসৰী” গঢ়া হৈছে। ইয়াৰ একো একো ধাৰ বেলেগ বেলেগ সময়ত গঢ়া। তাৰ ভিতৰত “একোছা চুলি” “উষাক”, ‘এটি চুমা’ আৰু ‘চোৰ’ “আলোচনীক”, আৰু ‘হৰিচৰণৰ বিয়া’ “বাঁহীক” পিন্ধোৱা হৈছিল আৰু তাকে দেখিয়েই অসমীয়া ৰাইজে অসমীয়া ভাষাৰ কণ্ঠত তেনে আৰু আভৰণ দেখিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল; সেই কাৰণেই বাকী কেইধাৰেৰে লগ লগাই আজি এই “সাতসৰী” ৰাইজৰ হাতত অৰ্পণ কৰা হ'ল। ৰাইজ সকলে যদি ইয়াক পূৰ্ব্বৰ আগ্ৰহেৰেই পিন্ধিব খোজে, তেনেহলেই তাৰ ক্ষুদ্ৰ শিল্পীয়ে কৃতাৰ্থ মানিব।
“সাতসৰী” গঢ়োতাই প্ৰথমতে তেওঁৰ গল্প-হাৰ গোটাই কি গঢ়িব, স্থিৰ কৰিব নোৱাৰিছিল; “প্ৰতিমাৰ” সুবিখ্যাত খনিকৰ শ্ৰীযুক্ত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙ্গৰীয়াই তাৰ ভিতৰৰে সাতধাৰ ঘঁহি-পিহি লগ লগাই “সাতসৰী” গঢ়িবলৈ উপদেশ দিয়াৰ ফলতহে সি আজি এই নাম ধাৰণ কৰিছে। সেই কাৰণে “সাতসৰী ৰচক তেখেতৰ ওচৰত কৃতজ্ঞ।
২ ভাদ, ১৮৪৫ শক । |
নিবেদক গ্ৰন্থকাৰ । |