সম্ভৱতঃ/যাত্ৰা পথত এসন্ধ্যা
[ ২৭ ]
যাত্ৰা পথত
এসন্ধ্যা
অলপ আগতে বৈ থকা কোবাল বতাহজাকৰ গতি স্তিমিত হৈ আহিছে। লাইটবোৰ নুমাই গ’ল। এক গভীৰ নিস্তব্ধতাত ডুব গ’ল নিষ্প্ৰদীপ সন্ধ্যাটো। সেই নিস্তব্ধতা আৰু পোহৰহীনতা বগাই আহিছিল পাহাৰৰ দাঁতিকাষৰীয়া বিল্ডিং এটা তিনিমহলাৰ এটা ফ্লেটত বহি থকা তিনিজন মানুহৰ বুকুলৈও। ঘুৰণীয়াকৈ এখন টেবুলৰ চৌপাশে তেওঁলোক বহি আছে। বন্ধু। এজন কবি, এজন গল্পকাৰ আৰু এজন চিত্ৰকৰ। কোঠাৰ এটা কোণত নীলাভ কাঁচৰ পিৰিছ এখনত ভগা গ্লাছৰ টুকুৰাৰ মাজত ক্ষীণ শিখাৰ এডাল মমবাতি জ্বলি আছে। পোহৰৰ বৰ্ণচ্ছটা চেগা চোৰোগাকৈ চিটিকি পৰি কোঠাটোক মায়াময় কৰি তুলিছে। বিদেশী পানীয়ৰ দুটা সুগঢ়ি বটল দম্ভেৰে থিয় দি আছে টেবুলখনৰ ওপৰত। কেনেবাকৈ সিহঁতে যেন বুজি উঠিছিল তিনিজন মানুহৰ বুকুত শুই থকা কথাবোৰৰ আজি সিহঁতৰ অনুগ্ৰহতে মৰ-ঘুমটি ভাঙিব।
বৰুণৰ বুকত নিঃপালি দি থকা এটুকুৰা কাহিনীৰ ঘুমটি ভাগিব ধৰিছিল... ‘তাই উভতি আহিব চাবা। ....তাই এনেদৰে ইমানদিন নোৱাৰে মোৰ পৰা আঁতৰি থাকিব। তাই মই নহ'লে সপোনো দেখিব নোৱাৰে বুলি কৈছিল।’ দহ মিনিটমানৰ পূৰ্বে মৈত্ৰেয়ীয়ে বৰুণক সুধিছিল— ‘সোণালীক লগ পোৱানে কেতিয়াবা?’ উত্তৰত সি মৃদুকৈ হাঁহি গ্লাচটো ওঁঠত লগাইছিল। তাৰ পাছৰপৰা এই কথাখিনিয়ে তাৰ মনলৈ আহি আছে। এটা পাতল গুলপীয়া নিচাৰ সৈতে লাটুমৰ দৰে পাক-ঘুৰণি খাই খাই তাৰ মনৰ মাজত ঘূৰি আছে এই কথাখিনি। মুখলৈ ওলাই অহা নাই। ইমান সৰু আৰু সাধাৰণ কথাটোকে কিয় বাৰে বাৰে কৈ থাকিব লাগে মানুহক! তাৰ ওপৰত অভিমান কৰি অলপ দিনৰ বাবেহে আঁতৰি গৈছে সোণালী— আগতে যেনিবা যাত্ৰা পথত দুমাহৰ পাছতে আহিছিল— এতিয়া দুবছৰ হৈছে, আহিবতো!
অস্ফুট শব্দ এটা চাৎকৈ বৰুণৰ মুখেৰে নিগৰি পৰিল আৰু গিলাচৰ ‘টুং-টাং-থিং-নাং’ শব্দৰ লগত মিলি গ’ল।
‘কিবা কৈছা বৰুণ’—– মৈত্ৰেয়ীয়ে সুধিলে। [ ২৮ ] ‘কৈছো—— পৃথিৱীখন ঘুৰণীয়া। তুমি যদি এই ঠাইৰ পৰা খোজ কাঢ়িবলৈ আৰম্ভ কৰা— একে দিশেৰে গৈ থাকা — ধৰি লোৱা বেলি ওলোৱা দিশেৰে, তেনেহ’লে পুনৰ এদিন ইয়াতে ওলাবাহি।’
সমুদ্ৰই হুমুনিয়াহ কাঢ়িলে। সামান্য নিচাতে অবান্তৰ কথা কিছুমান ভীষণ বাস্তৱ বুলি ভাবিবলৈ আৰম্ভ কৰে বৰুণে। সোণালী মাতৃ হোৱাৰ খবৰ পায়ো সি এটোপোলা মিঠাই লৈ আহিছিল। উজ্জ্বল মুখেৰে মিঠাই বিলাওতে বিৰবিৰাই আছিল সি— ‘সোণালী ‘মা’ হ’ল। জানানে বিবাহিতা ছোৱালী এজনীৰ বাবে মাতৃত্ব কিমান ডাঙৰ প্ৰাপ্তি!’
‘খল লল লক কক...’’মৈত্ৰেয়ীৰ পাতল, সুগোল আঙুলীৰ মাজত নাচি উঠি বটলটোৱে গিলাচত অলপ পানীয় ঢালি দিলে। সহজে নিচা নালাগে মৈত্ৰেয়ীৰ। যিমান পেগ খালে বৰুণে ‘সোণালী মোৰ ওচৰলৈ আহি আছে চা’ বুলি দোৰোল খোৱা জিভাৰে লেনিয়াবলৈ ধৰিব, সিমানটা পেগত হয়তো তাইৰ চকুত আবেশ অকণমানেহে জ্বলমলাই উঠিব। সমুদ্ৰই কমকৈ খায়। তাৰ কেতিয়াও নিচা নহয়।
আচলতে পোৱা নোপোৱাৰ হিচাপ কৰি থকাতকৈ দামী সুৰাৰ পেগ এটাৰ দৰে জীৱনটো আলফুলকৈ পি খাই থৈ দিব লাগে। সুৰা পানী নিমিহলোৱাকৈ খালে যিদৰে চোকা লাগে, ডিঙিৰ পৰা পেটলৈকে পুৰি যায় — অনিয়ম আৰু যন্ত্ৰণাৰ অলপ আমেজ মিহলাই নল’লে জীৱন বিস্বাদ হৈ যায়। মিহলালেই উপাদেয়। এয়া মৈত্ৰেয়ীৰ ফিল’চফি। তথাকথিত বিচাৰেৰে ‘নষ্ট চৰিত্ৰ’ এই ছোৱালীজনীৰ ওচৰলৈ গীৰ্জালৈ যোৱাৰ দৰে যায় বৰুণ আৰু সমুদ্ৰ। তাইৰ ওচৰত সিহঁতে পাপ আৰু পুণ্যৰো ‘কনফেচন’ দিয়ে।
অলপ আগতে শেঁতা হৈ পৰা বতাহজাকৰ গতি লাহে লাহে বাঢ়ি আহিল। জিৰ জিৰ সুৰ তুলি বতাহজাকে মমৰ মিহি শিখাডালক জোকাবলৈ ধৰিলে।
‘অ’ উইণ্ড
লিফট মি এজ এ লিফ...
বৰুণৰ কবি সত্তা সাৰ পাই উঠিল। কোঠাটোৰ কণ কণ শব্দৰ ঢৌবোৰক সামৰি সুতৰি দগ মগাই উঠিল তাৰ বলিষ্ঠ বিষণ্ণ কণ্ঠ।
তাৰ পাছত পুনৰ বাকহীন হৈ পৰিল কোঠাটো। কঁপি কঁপি নাচি থকা পোহৰৰ বৰ্ণচ্ছটা, বতাহৰ জিৰ জিৰ শব্দ আৰু গিলাছৰ টুং-টাং শব্দৰ সমলয়ে মৈত্ৰেয়ীৰ খুব নিঃভূতত যেন এখন চেতাৰ বজাইছিল। এষণালৈ মনত পৰিছিল তাইৰ।
‘সমুদ্ৰ—শুনা। শান্তি নিকেতনৰ ‘বসন্ত উৎসৱ’ত এষণাই শকুন্তলাৰ ৰোলটো কৰিছিল। জোনৰ পোহৰত কন্ব মুনিৰ আশ্ৰমত গা ঢালি ঘূৰি ফুৰা মোৰ এষণাক তেতিয়া বোলে জোনাকৰ দৰে সুন্দৰ দেখাইছিল। তাইৰ বন্ধু নীতাই লিখিছিল মোলৈ—। ঠিকেইতো, জোনত কলংক থাকে— জোনাকত কিন্তু নাথাকে।
‘তুমি এষণাক ইমান দূৰলৈ পঠাই দিব নালাগিছিল।
‘নপঠোৱাকৈয়ো বহুত গুচি যায়। যিবোৰ নপঠোৱাকৈয়ে গুচি যায়, ভৰিৰ তলৰ মাটিখিনি শূন্য কৰি থৈ যায়। নিজৰ অস্তিত্বহীনতাৰ উপলব্ধি বুকুত অঙঠা কঢ়িয়াই ফুৰাৰ দৰে। অৰিন্দম গুচি যাওঁতে মোৰ নিজকে ডাষ্টবিনত পেলাই দয়া দিয়া মিঠাই ভৰাই অনা ডাঠ [ ২৯ ] কাগজৰ পেকেট এটাৰ দৰে লাগিছিল। তুমি নুবুজিবা।’
নীলাভ পোহৰৰ টুকুৰা এটা উফৰি পৰিছিল মৈত্ৰেয়ীৰ মুখৰ বাওঁফালে। পোহৰ টুকুৰালৈ চাই চাই তন্ময় হৈ গ’ল সমুদ্ৰ। কুমাৰী মাতৃ মৈত্ৰেয়ী। নৈতিকতাৰ শৃংখলহীন কোনো এটা মুহূৰ্তত তাইৰ গৰ্ভত থিত লৈছিল জীৱন্ত মঙহ এটুকুৰাই। মঙহ টুকুৰাই পূৰ্ণাংগ ৰূপ লৈ হাত ভৰি এচাৰি থকা চাবলৈ তাই যিমান ব্যাকুল হৈ পৰিছিল, সিমানেই বিতত হৈছিল অৰিন্দম। সি আঁতৰি যোৱাৰ পাছতো দুৰ্দান্ত সাহসেৰে মৈত্ৰেয়ী থিয় দি থাকিল। অৱশ্যে, বিধৱা মাক আৰু প্ৰচুৰ সম্পত্তিৰ সমৰ্থনেও তাইক পৰোক্ষভাৱে সহায় কৰিছিল।
আজিৰ বেংকৰ উচ্চ পদস্থ চাকৰিয়াল মৈত্ৰেয়ীৰ লগত বিশ্ববিদ্যালয়ৰ দিনৰে বন্ধুত্ব বৰুণ আৰু সমুদ্ৰৰ। বহুতৰ তাচ্ছিল্যৰ পাছতো মৈত্ৰেয়ীৰ অভ্যন্তৰত থকা স্ফটিকৰ স্বচ্ছতাই সিহঁতক চুম্বকৰ দৰে টানিছিল। তাতে সুকুমাৰ কলাৰ একান্ত অনুৰাগী, সংবেদনশীল আৰু জীৱনৰ প্ৰায় একে ধৰণৰ দৰ্শন এটাৰ তপস্বী আছিল তিনিও। বন্ধুত্ব স্বাভাৱিক।
‘তুমি এতিয়াও বিয়া কৰাব পাৰা। ৰিয়েলি- আই মিন ইট।’ মৈত্ৰেয়ীক লক্ষ্য কৰি থকা বৰুণে ঘপহকৈ কৈ দিলে। নিশা পুখুৰী এটাৰ শান্ত, স্বচ্ছ জলৰাশিত প্ৰতিবিম্বিত হৈ থকা জোনৰ ছবিখন যেন শিলগুটি এটা দলি মাৰি দিয়াত ঠনৰকৈ ভাগি থাকিল।
এয়া মৈত্ৰেয়ীৰ বাবে নতুন প্ৰশ্ন নহয়৷ প্ৰায়ে বৰুণে সোধে, আন কোনো শুভাকাংক্ষী, কোনো বন্ধুৱে সোধে। একেটা নেতিবাচক উত্তৰকে ঘূৰাই পকাই দি থাকে তাই।
‘হোৱেৰ দেয়াৰ ইজ এ হাৰ্ট, দেয়াৰ ইজ এ হোম— ঘৰৰ বাবে হৃদয় এখন ক’ৰ পৰা ধাৰ কৰি আনিম মই। ...আৰু পুৰুষবোৰ-নাৰীক সিহঁতে এটা মাংসপিণ্ডতকৈ অধিক বুলি নাভাবে। বাক চাতুৰ্য আৰু স্পৰ্শকলাৰে মাংসপিণ্ডটোক নিজৰ কৰি লোৱালৈকেহে সিহঁতৰ মনত প্ৰেমৰ সম্ভ্ৰম থাকে।’ কঠিন শ্লেষ মিশ্ৰিত মৈত্ৰেয়ীৰ উত্তৰটো মন দি শুনাৰ পূৰ্বেই বৰুণ হয়তো ডুবি গৈছিল সোণালী সোণালী গোলাপী নিচাত। সমুদ্ৰ স্থিৰ হৈ থাকিল। কিমান যন্ত্ৰণাৰে মৈত্ৰেয়ী আৰু তাৰ মাজত ডুলি থকা সম্পৰ্কৰ আঁত এডাল সকলোৰে অলক্ষিতে কঢ়িয়াই ফুৰিছে সি! কেতিয়াবা ইয়াৰ খেলি-মেলি বিন্যাসে তাৰ উশাহ টানি ধৰিব খোজে। কি কৰিব মৈত্ৰেয়ীয়ে সেই কথা জানিলে। সি নিজেও স্বীকাৰ কৰিবলৈ টান পোৱা সেই নিৰ্মম সত্য!
মমৰ শিখা কোবাই থকা বতাহজাক তাৰ ভিতৰলৈ সোমাই গৈ তাৰ অলিন্দ নিলয় ভৰাই পেলালে। সি যেন মৈত্ৰেয়ীৰ কেনভাছত জীৱন্ত হৈ উঠা সেই সুৰটো— বৃত্তাকাৰ গতিৰে অলিন্দ নিলয় স্পৰ্শ কৰি অসীমৰ পৰা উটি অহা যি সুৰ লঠঙা গছৰ অৰণ্যত বৈ থকা এজাক তামৰঙী বতাহত মিলি গৈছে।
...আপুনি কেৱল তেওঁৰ বাবেই ৰৈ থাকক।
যি আপুনি বেদনাত নীলা হৈ যোৱাৰ পাছতো
যন্ত্ৰণাত কোঙা হৈ পৰা আপোনাৰ হাত দুখন
সাবটি ল’বলৈ উভতি আহিব
কাঁইটীয়া অৰণ্যত
ওলাই যাব নোৱাৰাকৈ আপুনি বন্দী বুলি জানিও
যি উদ্ভ্ৰান্ত হৈ দৌৰি আহিব
আপোনাৰ বুকুত শুই থকা
প্ৰেমৰ এখন চহৰ বিচাৰি...’
ধীৰ অস্ফূট কণ্ঠৰ বৰুণৰ মুখ নিঃসৃত শব্দবোৰ কোঠাটোত ওপঙিবলৈ ধৰিলে।
‘টুং টাং থিং’
গিলাচৰ শব্দত অলপ সময় বাকী আটাইবোৰ শব্দ ডুবি থাকিল।
‘আজি কালি এই সময়ত কেতিয়াবা দুঘণ্টাও লোড শ্বেডিং হয়’— মৈত্ৰেয়ীয়ে ক’লে।
‘মনত যদি পোহৰ নাথাকে বাহিৰৰ পোহৰে কি কৰিব!’ বৰুণৰ জিভা দোৰোল খাবলৈ ধৰিছে।
‘তুমি আৰু নাখাবা নেকি!’ সমুদ্ৰই বৰুণৰ হাতৰ গিলাচটো কাঢ়ি আনিব খুজিলে।
খুব মূল্যৱান বস্তু এটা ভাগি যোৱাৰ ভয়ত শিশু এটিৰ হাতত তুলি নিদিয়াৰ ভংগিমাৰে গিলাচটো ওপৰলৈ উঠালে বৰুণে। তাৰ নিচা বেছি হৈ আহিছিল।
‘জানানে মই কেতিয়াও সোণালীৰ উদং গাত হাত দিয়া নাছিলো। তাই অস্থিৰ হৈ পৰিলেও মই নিজকে চম্ভালি ল'ব পাৰিছিলো। মৈত্ৰেয়ী তুমি এটা কথা ক’বানে—
ছোৱালীবিলাকৰ মঙহৰ ঠিক তলতে হৃদয়খন মূৰৰ পৰা ভৰিলৈকে বিয়পি থাকে নেকি— মই তাইৰ শৰীৰটো নোচোৱাকৈ হৃদয়খন চুব বিচৰাটো ভুল হ’ল— শৰীৰ নুচুলো বাবেই হৃদয়ো চুব নোৱাৰিলো।’
‘তুমি কোৱা দেখোন— মৈত্ৰেয়ী উভটি আহিব।’
‘অ’কওঁনেকি! আহিব ছাগে। ছাগে মানে আহিবই— তাই নোৱাৰে মোক এৰি থাকিব— কেতিয়াও নোৱাৰে—’
অস্ফুট হৈ অহা শব্দবোৰৰ সৈতে আৰামী চকীখনত হেলান দিয়া বৰুণৰ চকুৰ পতা তন্দ্ৰাত জাপ খাই আহিল।
সমুদ্ৰই মৈত্ৰেয়ীলৈ চালে। নিৰ্লিপ্ত চকুৰ দৃষ্টিত যেন কোন সুদূৰৰ আহ্বান! এই আহ্বানত উটি-ভাঁহি ফুৰি কিমানবাৰ যে সি গল্পত লিখিছে তাইৰ কথা। তাইৰ অভ্যন্তৰৰ স্ফটিকোজ্জ্বল তিৰবিৰণিটোৰ কথা। গাম্ভীৰ্যৰ ডাঠ প্ৰলেপ এটা থাকিলেও তেত্ৰিশ বছৰীয়া যেন নালাগে মৈত্ৰেয়ীক। আৰু কোনে ক’ব তাই এজনী কিশোৰীৰ মাতৃ! তাইৰ উনৈশ বছৰ বয়সত হৈছিল সেই ভ্ৰূণৰ স্মৰণ!
এষণালৈ মনত পৰিল সমুদ্ৰৰ। এখন নিষ্পাপ, কান্তিময় মুখ। এষণাৰ দুবছৰ বয়সত মৈত্ৰেয়ীক লগ পাইছিল সি। আচৰিতভাৱে এষণাৰ লগত তাৰ চেহেৰাৰ সাদৃশ্য আছিল। পাছত সি জানিব পাৰিছিল এই সাদৃশ্যৰ আঁৰৰ ৰহস্য। মৈত্ৰেয়ীক সি ক’ব পৰা নাই। হয়তো নোৱাৰিব।
‘এবাৰ এষণাৰ ওচৰলৈ যাবা নেকি? মোৰো কলকাতালৈ যাবলগীয়া আছে... মানে বিশ্বভাৰতীত এখন ছেমিনাৰ আছে।’[ ৩১ ] সমুদ্ৰৰ প্ৰশ্নটোৰ কোনো উত্তৰ নিদিলে মৈত্ৰেয়ীয়ে।
বতাহজাক ৰৈ গৈছে। ঘপকৈ লাইটবোৰ জ্বলি উঠিল। মৈত্ৰেয়ীয়ে উঠি গৈ লাইটৰ চুইছবোৰ অফ কৰি দিলে। পুনৰ এন্ধাৰ আৰু মম নিঃসৃত নীলাভ পোহৰৰ বৰ্ণচ্ছটাবোৰ কোঠাটোত হাতত ধৰা-ধৰিকৈ ৰৈ থাকিল।
‘তুমি কিয় বিয়া নকৰোৱা সমুদ্ৰ— মূল সুঁতিৰে যোৱা মানুহ তোমালোক। মোৰ দৰে পোন ৰাস্তা এটাৰ প্ৰতি তীব্ৰ অনীহাতো নাই! এই বয়সত স্বাভাৱিক জীৱন এটাৰ বাবে কাৰোবাৰ নিকট সান্নিধ্যৰ খুব প্ৰয়োজন। বুজিছানে— মই কি ক’বলৈ বিচাৰিছো। আফটাৰ অল ছেক্স ইজ এন ইম্পৰটেণ্ট...।’
‘প্ৰত্যেক মানুহৰ বাবেই বেলেগ বেলেগ বিষয় বেছি ইম্পটেণ্ট হ’ব পাৰে। মই যদি কওঁ— মই কাৰোবাৰ বাবে অপেক্ষা কৰি আছো আৰু স্বাভাৱিক জীৱনতকৈ এই ৰূঢ় অপেক্ষা মোৰ বাবে বেছি ইম্পৰটেণ্ট।’
‘সকলো অপেক্ষাৰ অন্ত বিচৰা ধৰণেৰে হ’বও পাৰে।’
‘তথাপি মই ভাবো এদিন এটা মিৰাকল ঘটিব। মোৰ অপেক্ষাৰ নায়িকাই প্ৰখৰ ৰ’দত দগ্ধ হৈ অথবা তীব্ৰ বৰষুণত তিতি বুৰি মোৰ হৃদয়ৰ দুৱাৰ খুলিবহি।’
তুমি ভবাৰ দৰে নহ'বও পাৰে। প্ৰখৰ ৰ’দত মূৰৰ ওপৰত তেওঁ ছাটি এটাও তুলি ল'ব পাৰে। অথবা এয়াৰ কণ্ডিচনাৰ ৰূমত বহি তেওঁ বিথোভেনৰ সংগীত শুনি থাকিব। আৰু বৰষুণ! জানানে বৰষুণত তিতাটো বহুত মানুহৰে এটা নিচা। অথবা যদি কোনো বাছ ষ্টপৰ অস্থায়ী ছালিৰ তলত ৰৈ তেওঁ বাট চাই থাকে— বৰষুণ থামক।’
‘আস! অপেক্ষা কৰাত ক্ষতি কি?’
‘অপেক্ষাৰ ফল শূন্য হ’লে মানুহৰ কষ্ট হয়।’
‘কষ্টৰ ভয়ত অপেক্ষাৰ আনন্দখিনিও চাকি নাচাম নে মই?’
‘উহ সমুদ্ৰ। মই জাষ্ট তোমাক শুভেচ্ছা জনাব পাৰো।’
‘শুনা মৈত্ৰেয়ী— তুমি এবাৰ মোৰ এই ইচ্ছাটোক কেনভাছত আঁকিবৰ চেষ্টা কৰিবানে? উমি উমি জ্বলি থকা বা কোনো একক প্ৰান্তৰৰ নৈঃশব্দ্য ভাঙি ৰিণি ৰিণি বাজিব ধৰা এই ইচ্ছাক?’
‘আৰু এই ইচ্ছাই মৰিচিকা খেদাৰ দৰে তোমাৰ কল্পনাৰ নায়িকাক খেদি ফুৰিব? গুলপীয়া ছায়া বৃত্ত এটাৰ মাজত আবদ্ধ কৰি ৰাখিম নে তোমাৰ ইচ্ছাক?’
‘ইচ্ছা কৰিলে তুমি তোমাৰ স্বচ্ছতাখিনিও কেনভাছত উবুৰিয়াই দিব পাৰা মোৰ কল্পনাৰ লগত সানমিহলি কৰি।’
‘বাঃ গল্পকাৰ— তুমি কিছু চেন্চ আনি লৈছা ‘অপেক্ষা’ নামৰ বিমূৰ্ত বস্তু এটালৈও।’ মৈত্ৰেয়ীয়ে হাঁহিলে। তাইৰ দাঁত আৰু থুতৰীত একে সময়তে বৰ্তুলাকৃতিৰ এচমকা নীলাভ পোহৰ এচাৰ খাই পৰিছিল।
বতাহত দুলি দুলি তাইৰ কপাল আৰু গালত নাচি আছিল কেইডালমান উচ্ছৃংখল চুলি। মৈত্ৰেয়ীৰ হাঁহিটোৰ পৰাও যেন বিকিৰিত হৈছিল বেদনাৰ নিজস্ব এটা ৰং...।
এটা হাঁহিত ফুটি ওলাব পাৰেনে এনেদৰে— ইমান ৰিক্ততা! সমুদ্ৰৰ অলপ সাহসী [ ৩২ ] হ’বলৈ মন গ’ল। দুহাত মেলি যেন সি তাইৰ চুলি কেইডাল ঠিক ঠাক কৰি দিব। অলপ বিশ্বাস আৰু স্নেহৰ টিচু পেপাৰেৰে সি যেন তুলি আনিব তাইৰ চকুত ওপঙি থকা বেদনাৰ তৰল ছাঁখিনি।
‘টোপনি ধৰিছে’? মৈত্ৰেয়ীয়ে সুধিলে।
‘ওহোঁ। তোমাৰ সন্মুখত বহি আছো বাবে টোপনিয়ে টোপনিয়াই আছে।’
‘সুন্দৰ। কিন্তু, টোপনিয়াই থকা টোপনিটোক একেবাৰে টোপনি যাবলৈ নিদিবা।’
‘থল লল লক কক...’
মৈত্ৰেয়ীয়ে আৰু দুটা পেগ বনালে। এটা গিলাচ সমুদ্ৰলৈ আগবঢ়াই আনটো ওঁঠলৈ তুলি ধৰিলে।
‘মৈত্ৰেয়ী, তোমাৰ হাতখন এবাৰ চুই চাব পাৰোনে?’
আকস্মিক প্ৰশ্নটোৰ পৰা কঁপনি এটা নিঃসৃত হৈ অলপ সময় কোঠাটোত বগুৱাবাই থাকিল। তাৰ পাছত নিৰ্জনতাত ডুব গ'ল। নিৰ্জনতাখিনি বহুপৰ থৰ হৈ ৰৈ থাকিল। মৈত্ৰেয়ী খিৰিকীৰ কাষলৈ উঠি গ’ল। সমুদ্ৰই উভটি চালে। সিহঁতৰ সন্মুখত খিৰিকীৰ ফ্ৰেমৰ সিপাৰত বিশাল ব্যোম! তাত ওলমি আছে বহুত তৰা আৰু এটা জোন। তলত মহানগৰীৰ কৃত্ৰিম আলোৰ উন্নাসিকতা। পোহৰৰ ৰেখাবোৰে যেন হিলদল ভাঙি আকাশ চুবলৈ ঊৰ্ধ্বমুখী হৈ দৌৰিছে। মৈত্ৰেয়ীৰ চকুত নিচাৰ এটা আবেশ বিৰিঙি উঠিছে। অদ্ভুতভাৱে সেমেকি উঠিছে তাইৰ কণ্ঠ—।
‘সমুদ্ৰ শুনা—অৰিন্দমৰ পাছত এষণা খুব সৰু হৈ থাকোতেই মোৰ জীৱনলৈ- অ’ ঠিক জীৱনলৈ নহয়, জীৱনৰ গণনাবোৰৰ ভিতৰলৈ আৰু এজন মানুহ আহিছিল৷ সমীৰ চৌধুৰী। তেৱোঁ প্ৰথমে মোক সুধিছিল— ‘তোমাৰ হাতখন চুই চাব পাৰোনে?’ তেতিয়ালৈকে অন্ততঃ প্ৰেম নিবেদন কৰা সকলো পুৰুষকে মই বুভুক্ষ শ্বাপদ বুলি ভবা নাছিলো। মোৰ তেজৰ উত্তাপ তেতিয়াও সাৰে আছিল। ক'ৰবাত কেতিয়াবা অদ্ভুত এক ক্ষুধাই পোখা মেলিছিল। কিন্তু প্ৰেমহীন শাৰীৰিক নৈকট্যৰ কথা মোৰ সপোনতো নাছিল। এদিন সন্ধ্যা ঘৰত অকলে আছিলো। তেওঁ আহিল। প্ৰেমৰ কিছু সংলাপ মাতিলে। মোৰ হাতখন চুই মোক বুকুত সুমুৱাই ল’লে। তাৰ পাছত...’
মৈত্ৰেয়ীয়ে উচুপিবলৈ ধৰিলে।
স্থানুৰ দৰে ৰৈ থাকিল সমুদ্ৰ।
‘মই দুঃখিত মৈত্ৰেয়ী। তুমি মোৰ বাবে...’
‘শুনা’ হঠাতে উচুপনি বন্ধ কৰি তীক্ষ্ণ স্বৰেৰে ক’বলৈ ধৰিলে মৈত্ৰেয়ীয়ে ‘তাৰ পাছত হেজাৰ বাধা সত্ত্বেও তেওঁ মোৰ চেলোৱাৰৰ ৰছীত ধৰি টানিবলৈ ধৰিলে। কোঠাৰ পৰা দৌৰি ওলাই আহোতে তেওঁৰ হাতৰ মুঠিত মোৰ কামিজৰ টুকুৰা এটা ৰৈ গ’ল।’ তাই পুনৰ লাহে লাহে আগৰ ঠাইত আহি ঢপকৈ বহি দিলে। খকমকলৈ সাৰ পাই উঠিল বৰুণ। সি চকিত দৃষ্টিৰে সমুদ্ৰ আৰু মৈত্ৰেয়ীলৈ চালে।
‘কিয় তেনেদৰে ক’লে তাই... কিয় ক’লে?’
ঈষৎ আতংকমিশ্ৰিত প্ৰশ্নবোধক দৃষ্টিৰে সমুদ্ৰই বৰুণলৈ চালে।[ ৩৩ ] ‘তুমি শুনিলানে সমুদ্ৰ তাই কি ক’লে— মৈত্ৰেয়ী তুমি শুনিলানে...?’ উদ্ৰান্তৰ দৰে লাগিছে বৰুণক। সমুদ্ৰ তাৰ কাষলৈ উঠি গ’ল।
‘কোনে কি ক’লে বৰুণ?’ সমুদ্ৰই সুধিলে।
—‘সোণালীয়ে...’
‘অহ। তুমি সপোন দেখিছিলা।’
‘সপোন। হ’ব পাৰে। কিন্তু তাই কিয় তেনেদৰে ক’ব মোক— কিয় ক’ব তাই আৰু নাহে। তাইৰ বাবে বাট নাচাবলৈ কিয় সকীয়াই দিব মোক। তাই কিয় এনেদৰে ক’ব— তাইক বিচৰাটো মৰিচিকা।’
‘বৰুণ, তুমি সপোন দেখিছিলা।’
‘বুজিছো। সপোনেই। কিন্তু তাই কিয় তেনেদৰে মিছা কথা ক’ব। ক’লেই হ’লনে— জানোতো মই তাই আহিবই। নোৱাৰে থাকিব মোক এৰি। — নোৱাৰে।’ বৰুণে ‘নোৱাৰে’ শব্দটো কিছু সময় স্বগতোক্তিৰ দৰে আওৰাই থাকিল। তাৰ পাছত চকু মুদি পূৰ্বৰ দৰে চকীখনত হেলান দিলে। সমুদ্ৰ তলমূৰকৈ থিয় দি থাকিল। এক আচম্বিক আঘাতে তাক যেন চুচুৰ্মৈ কৰি আনিছে।
‘সমুদ্ৰ তুমি মোৰ খুব ভাল বন্ধু। আজি কৰা প্ৰশ্নটো পুনৰ নকৰিবা মোক। মই তোমাক হেৰুৱাব বিচৰা নাই। আৰু মঙহৰ বাবে ক্ষুধাৰ্ত পুৰুষ চামৰ মাজত তোমাক মই কেতিয়াও কল্পনা কৰিব নোৱাৰো। জানানে সমুদ্ৰ, নাৰীৰ সন্মুখত হৃদয়ৰ আবেগ উবুৰিয়াই দি আঁচলত মুখ গোজাৰ আচিলা বিচৰা পুৰুষ চামে আচলতে এটা বৰশী পেলায়।’
খুব মৃদুকৈ কোঠাটোত বাজি উঠা মৈত্ৰেয়ীৰ কণ্ঠই সমুদ্ৰৰ কলিজা খামুচি ধৰিলে। সি কেনেদৰে বুজাব মৈত্ৰেয়ীক কেনেদৰে তাইৰ মনৰ পৰা মচি পেলাব অবিশ্বাস আৰু অপ্ৰেমৰ গভীৰ দাগবোৰ। সি জানেনে নিজেই তাৰ এই মুহূৰ্তৰ আবেগৰ স্থায়িত্ব কিমান! গভীৰতা কিমান! সি উভতি চালে। সোঁহাতখন সমুদ্ৰৰ বাহুত ৰাখি কথাখিনি শেষ কৰিলে মৈত্ৰেয়ীয়ে— ‘আমাৰ মাজত থকা বিশ্বাস আৰু অন্তৰংগতাৰে মোৰ হাতখন তুমি ইচ্ছা গ'লেই স্পৰ্শ কৰিব পাৰা। কিন্তু, এই যে মোক প্ৰশ্ন কৰিলা— ‘তোমাৰ হাতখন চুই চাব পাৰোনে’— তুমি মোৰ বন্ধু হৈ নাথাকিলা। হৈ পৰিলা পুৰুষ। মোৰ এনে লাগিছে যেন তুমি এটা বৰশী পেলাব বিচাৰিছা। তোমাৰ দৃষ্টিত মই কেৱল নাৰী হৈ গৈছো... অৰ্থাৎ এটা উপাদেয় মাংসৰ স্তুপ।’
যন্ত্ৰণাত সমুদ্ৰৰ দুচকু জাপ খাই আহিব খোজে। ‘মৈত্ৰেয়ী... মৈত্ৰেয়ী... জানানে তোমাৰ অভ্যন্তৰৰ স্ফটিকৰ দৰে স্বচ্ছতাখিনি কোনো নাৰীৰ মাজত দেখা নাই বাবেই মই এতিয়াও অবিবাহিত। একো নালাগে মোক- মাথোঁ তোমাৰ সন্মুখত বহি এই স্বচ্ছতাক বুকু ভৰাই লৈ যাবলৈ মাজে মাজে অনুমতি দিবা। যদি তুমি কেতিয়াবা দেখা পোৱা এই স্বচ্ছতাই মোকো শুদ্ধ কৰিছে, জুয়ে পোৰা সোণৰ দৰে— মই সুখী হ’ম।’ মৃদু এছাটি বতাহত পাক খাই খাই এই কথাখিনি সমুদ্ৰৰ বুকুৰ মাজতে পকনীয়া হৈ ঘুৰি থাকিল।
সি নোৱাৰে এই কথা মুখ ফুটাই ক’ব। এই কথাও সি আজিলৈকে ক’ব পৰা নাই যে [ ৩৪ ] এষণাৰ পিতৃ, মৈত্ৰেয়ীৰ যৌৱনৰ প্ৰথম পুৰুষ অৰিন্দম তাৰ জ্যেষ্ঠ ভ্ৰাতৃ। মৈত্ৰেয়ীয়ে লাইটৰ চুইচবোৰ অন কৰি দিলে। নীলাভ পোহৰৰ বৰ্ণচ্ছটাবোৰ উজ্জ্বল হালধীয়া ৰঙে গিলি পেলালে। মৈত্ৰেয়ীৰ বিষাদ-গম্ভীৰ উজ্জ্বল মুখখনলৈ পলক নোপেলোৱাকৈ চাই থাকিল সমুদ্ৰই।
একোঠালী উজ্জ্বল হালধীয়া পোহৰত মমৰ মূৰ্তিৰ দৰে স্থবিৰ হৈ আছে মৈত্ৰেয়ী। তাই জানে, সমুদ্ৰই নাজানে— এই স্থবিৰতাক গতিশীল কৰিব পাৰে কেৱল এটা সত্যই। এষণা সেই সত্যৰ নাম।❐ ❐