পৃষ্ঠা:সম্ভৱতঃ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘তুমি শুনিলানে সমুদ্ৰ তাই কি ক’লে— মৈত্ৰেয়ী তুমি শুনিলানে...?’ উদ্ৰান্তৰ দৰে লাগিছে বৰুণক। সমুদ্ৰ তাৰ কাষলৈ উঠি গ’ল।

 ‘কোনে কি ক’লে বৰুণ?’ সমুদ্ৰই সুধিলে।

 —‘সোণালীয়ে...’

 ‘অহ। তুমি সপোন দেখিছিলা।’

 ‘সপোন। হ’ব পাৰে। কিন্তু তাই কিয় তেনেদৰে ক’ব মোক— কিয় ক’ব তাই আৰু নাহে। তাইৰ বাবে বাট নাচাবলৈ কিয় সকীয়াই দিব মোক। তাই কিয় এনেদৰে ক’ব— তাইক বিচৰাটো মৰিচিকা।’

 ‘বৰুণ, তুমি সপোন দেখিছিলা।’

 ‘বুজিছো। সপোনেই। কিন্তু তাই কিয় তেনেদৰে মিছা কথা ক’ব। ক’লেই হ’লনে— জানোতো মই তাই আহিবই। নোৱাৰে থাকিব মোক এৰি। — নোৱাৰে।’ বৰুণে ‘নোৱাৰে’ শব্দটো কিছু সময় স্বগতোক্তিৰ দৰে আওৰাই থাকিল। তাৰ পাছত চকু মুদি পূৰ্বৰ দৰে চকীখনত হেলান দিলে। সমুদ্ৰ তলমূৰকৈ থিয় দি থাকিল। এক আচম্বিক আঘাতে তাক যেন চুচুৰ্মৈ কৰি আনিছে।

 ‘সমুদ্ৰ তুমি মোৰ খুব ভাল বন্ধু। আজি কৰা প্ৰশ্নটো পুনৰ নকৰিবা মোক। মই তোমাক হেৰুৱাব বিচৰা নাই। আৰু মঙহৰ বাবে ক্ষুধাৰ্ত পুৰুষ চামৰ মাজত তোমাক মই কেতিয়াও কল্পনা কৰিব নোৱাৰো। জানানে সমুদ্ৰ, নাৰীৰ সন্মুখত হৃদয়ৰ আবেগ উবুৰিয়াই দি আঁচলত মুখ গোজাৰ আচিলা বিচৰা পুৰুষ চামে আচলতে এটা বৰশী পেলায়।’

 খুব মৃদুকৈ কোঠাটোত বাজি উঠা মৈত্ৰেয়ীৰ কণ্ঠই সমুদ্ৰৰ কলিজা খামুচি ধৰিলে। সি কেনেদৰে বুজাব মৈত্ৰেয়ীক কেনেদৰে তাইৰ মনৰ পৰা মচি পেলাব অবিশ্বাস আৰু অপ্ৰেমৰ গভীৰ দাগবোৰ। সি জানেনে নিজেই তাৰ এই মুহূৰ্তৰ আবেগৰ স্থায়িত্ব কিমান! গভীৰতা কিমান! সি উভতি চালে। সোঁহাতখন সমুদ্ৰৰ বাহুত ৰাখি কথাখিনি শেষ কৰিলে মৈত্ৰেয়ীয়ে— ‘আমাৰ মাজত থকা বিশ্বাস আৰু অন্তৰংগতাৰে মোৰ হাতখন তুমি ইচ্ছা গ'লেই স্পৰ্শ কৰিব পাৰা। কিন্তু, এই যে মোক প্ৰশ্ন কৰিলা— ‘তোমাৰ হাতখন চুই চাব পাৰোনে’— তুমি মোৰ বন্ধু হৈ নাথাকিলা। হৈ পৰিলা পুৰুষ। মোৰ এনে লাগিছে যেন তুমি এটা বৰশী পেলাব বিচাৰিছা। তোমাৰ দৃষ্টিত মই কেৱল নাৰী হৈ গৈছো... অৰ্থাৎ এটা উপাদেয় মাংসৰ স্তুপ।’

 যন্ত্ৰণাত সমুদ্ৰৰ দুচকু জাপ খাই আহিব খোজে। ‘মৈত্ৰেয়ী... মৈত্ৰেয়ী... জানানে তোমাৰ অভ্যন্তৰৰ স্ফটিকৰ দৰে স্বচ্ছতাখিনি কোনো নাৰীৰ মাজত দেখা নাই বাবেই মই এতিয়াও অবিবাহিত। একো নালাগে মোক- মাথোঁ তোমাৰ সন্মুখত বহি এই স্বচ্ছতাক বুকু ভৰাই লৈ যাবলৈ মাজে মাজে অনুমতি দিবা। যদি তুমি কেতিয়াবা দেখা পোৱা এই স্বচ্ছতাই মোকো শুদ্ধ কৰিছে, জুয়ে পোৰা সোণৰ দৰে— মই সুখী হ’ম।’ মৃদু এছাটি বতাহত পাক খাই খাই এই কথাখিনি সমুদ্ৰৰ বুকুৰ মাজতে পকনীয়া হৈ ঘুৰি থাকিল।

 সি নোৱাৰে এই কথা মুখ ফুটাই ক’ব। এই কথাও সি আজিলৈকে ক’ব পৰা নাই যে

সম্ভৱতঃ ● ৩৩