পৃষ্ঠা:সম্ভৱতঃ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সমুদ্ৰৰ প্ৰশ্নটোৰ কোনো উত্তৰ নিদিলে মৈত্ৰেয়ীয়ে।

 বতাহজাক ৰৈ গৈছে। ঘপকৈ লাইটবোৰ জ্বলি উঠিল। মৈত্ৰেয়ীয়ে উঠি গৈ লাইটৰ চুইছবোৰ অফ কৰি দিলে। পুনৰ এন্ধাৰ আৰু মম নিঃসৃত নীলাভ পোহৰৰ বৰ্ণচ্ছটাবোৰ কোঠাটোত হাতত ধৰা-ধৰিকৈ ৰৈ থাকিল।

 ‘তুমি কিয় বিয়া নকৰোৱা সমুদ্ৰ— মূল সুঁতিৰে যোৱা মানুহ তোমালোক। মোৰ দৰে পোন ৰাস্তা এটাৰ প্ৰতি তীব্ৰ অনীহাতো নাই! এই বয়সত স্বাভাৱিক জীৱন এটাৰ বাবে কাৰোবাৰ নিকট সান্নিধ্যৰ খুব প্ৰয়োজন। বুজিছানে— মই কি ক’বলৈ বিচাৰিছো। আফটাৰ অল ছেক্স ইজ এন ইম্পৰটেণ্ট...।’

 ‘প্ৰত্যেক মানুহৰ বাবেই বেলেগ বেলেগ বিষয় বেছি ইম্পটেণ্ট হ’ব পাৰে। মই যদি কওঁ— মই কাৰোবাৰ বাবে অপেক্ষা কৰি আছো আৰু স্বাভাৱিক জীৱনতকৈ এই ৰূঢ় অপেক্ষা মোৰ বাবে বেছি ইম্পৰটেণ্ট।’

 ‘সকলো অপেক্ষাৰ অন্ত বিচৰা ধৰণেৰে হ’বও পাৰে।’

 ‘তথাপি মই ভাবো এদিন এটা মিৰাকল ঘটিব। মোৰ অপেক্ষাৰ নায়িকাই প্ৰখৰ ৰ’দত দগ্ধ হৈ অথবা তীব্ৰ বৰষুণত তিতি বুৰি মোৰ হৃদয়ৰ দুৱাৰ খুলিবহি।’

 তুমি ভবাৰ দৰে নহ'বও পাৰে। প্ৰখৰ ৰ’দত মূৰৰ ওপৰত তেওঁ ছাটি এটাও তুলি ল'ব পাৰে। অথবা এয়াৰ কণ্ডিচনাৰ ৰূমত বহি তেওঁ বিথোভেনৰ সংগীত শুনি থাকিব। আৰু বৰষুণ! জানানে বৰষুণত তিতাটো বহুত মানুহৰে এটা নিচা। অথবা যদি কোনো বাছ ষ্টপৰ অস্থায়ী ছালিৰ তলত ৰৈ তেওঁ বাট চাই থাকে— বৰষুণ থামক।’

 ‘আস! অপেক্ষা কৰাত ক্ষতি কি?’

 ‘অপেক্ষাৰ ফল শূন্য হ’লে মানুহৰ কষ্ট হয়।’

 ‘কষ্টৰ ভয়ত অপেক্ষাৰ আনন্দখিনিও চাকি নাচাম নে মই?’

 ‘উহ সমুদ্ৰ। মই জাষ্ট তোমাক শুভেচ্ছা জনাব পাৰো।’

 ‘শুনা মৈত্ৰেয়ী— তুমি এবাৰ মোৰ এই ইচ্ছাটোক কেনভাছত আঁকিবৰ চেষ্টা কৰিবানে? উমি উমি জ্বলি থকা বা কোনো একক প্ৰান্তৰৰ নৈঃশব্দ্য ভাঙি ৰিণি ৰিণি বাজিব ধৰা এই ইচ্ছাক?’

 ‘আৰু এই ইচ্ছাই মৰিচিকা খেদাৰ দৰে তোমাৰ কল্পনাৰ নায়িকাক খেদি ফুৰিব? গুলপীয়া ছায়া বৃত্ত এটাৰ মাজত আবদ্ধ কৰি ৰাখিম নে তোমাৰ ইচ্ছাক?’

 ‘ইচ্ছা কৰিলে তুমি তোমাৰ স্বচ্ছতাখিনিও কেনভাছত উবুৰিয়াই দিব পাৰা মোৰ কল্পনাৰ লগত সানমিহলি কৰি।’

 ‘বাঃ গল্পকাৰ— তুমি কিছু চেন্‌চ আনি লৈছা ‘অপেক্ষা’ নামৰ বিমূৰ্ত বস্তু এটালৈও।’ মৈত্ৰেয়ীয়ে হাঁহিলে। তাইৰ দাঁত আৰু থুতৰীত একে সময়তে বৰ্তুলাকৃতিৰ এচমকা নীলাভ পোহৰ এচাৰ খাই পৰিছিল।

 বতাহত দুলি দুলি তাইৰ কপাল আৰু গালত নাচি আছিল কেইডালমান উচ্ছৃংখল চুলি। মৈত্ৰেয়ীৰ হাঁহিটোৰ পৰাও যেন বিকিৰিত হৈছিল বেদনাৰ নিজস্ব এটা ৰং...।

 এটা হাঁহিত ফুটি ওলাব পাৰেনে এনেদৰে— ইমান ৰিক্ততা! সমুদ্ৰৰ অলপ সাহসী

সম্ভৱতঃ ● ৩১