পৃষ্ঠা:সম্ভৱতঃ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘কৈছো—— পৃথিৱীখন ঘুৰণীয়া। তুমি যদি এই ঠাইৰ পৰা খোজ কাঢ়িবলৈ আৰম্ভ কৰা— একে দিশেৰে গৈ থাকা — ধৰি লোৱা বেলি ওলোৱা দিশেৰে, তেনেহ’লে পুনৰ এদিন ইয়াতে ওলাবাহি।’

 সমুদ্ৰই হুমুনিয়াহ কাঢ়িলে। সামান্য নিচাতে অবান্তৰ কথা কিছুমান ভীষণ বাস্তৱ বুলি ভাবিবলৈ আৰম্ভ কৰে বৰুণে। সোণালী মাতৃ হোৱাৰ খবৰ পায়ো সি এটোপোলা মিঠাই লৈ আহিছিল। উজ্জ্বল মুখেৰে মিঠাই বিলাওতে বিৰবিৰাই আছিল সি— ‘সোণালী ‘মা’ হ’ল। জানানে বিবাহিতা ছোৱালী এজনীৰ বাবে মাতৃত্ব কিমান ডাঙৰ প্ৰাপ্তি!’

 ‘খল লল লক কক...’’মৈত্ৰেয়ীৰ পাতল, সুগোল আঙুলীৰ মাজত নাচি উঠি বটলটোৱে গিলাচত অলপ পানীয় ঢালি দিলে। সহজে নিচা নালাগে মৈত্ৰেয়ীৰ। যিমান পেগ খালে বৰুণে ‘সোণালী মোৰ ওচৰলৈ আহি আছে চা’ বুলি দোৰোল খোৱা জিভাৰে লেনিয়াবলৈ ধৰিব, সিমানটা পেগত হয়তো তাইৰ চকুত আবেশ অকণমানেহে জ্বলমলাই উঠিব। সমুদ্ৰই কমকৈ খায়। তাৰ কেতিয়াও নিচা নহয়।

 আচলতে পোৱা নোপোৱাৰ হিচাপ কৰি থকাতকৈ দামী সুৰাৰ পেগ এটাৰ দৰে জীৱনটো আলফুলকৈ পি খাই থৈ দিব লাগে। সুৰা পানী নিমিহলোৱাকৈ খালে যিদৰে চোকা লাগে, ডিঙিৰ পৰা পেটলৈকে পুৰি যায় — অনিয়ম আৰু যন্ত্ৰণাৰ অলপ আমেজ মিহলাই নল’লে জীৱন বিস্বাদ হৈ যায়। মিহলালেই উপাদেয়। এয়া মৈত্ৰেয়ীৰ ফিল’চফি। তথাকথিত বিচাৰেৰে ‘নষ্ট চৰিত্ৰ’ এই ছোৱালীজনীৰ ওচৰলৈ গীৰ্জালৈ যোৱাৰ দৰে যায় বৰুণ আৰু সমুদ্ৰ। তাইৰ ওচৰত সিহঁতে পাপ আৰু পুণ্যৰো ‘কনফেচন’ দিয়ে।

 অলপ আগতে শেঁতা হৈ পৰা বতাহজাকৰ গতি লাহে লাহে বাঢ়ি আহিল। জিৰ জিৰ সুৰ তুলি বতাহজাকে মমৰ মিহি শিখাডালক জোকাবলৈ ধৰিলে।

 ‘অ’ উইণ্ড

 লিফট মি এজ এ লিফ...

 বৰুণৰ কবি সত্তা সাৰ পাই উঠিল। কোঠাটোৰ কণ কণ শব্দৰ ঢৌবোৰক সামৰি সুতৰি দগ মগাই উঠিল তাৰ বলিষ্ঠ বিষণ্ণ কণ্ঠ।

 তাৰ পাছত পুনৰ বাকহীন হৈ পৰিল কোঠাটো। কঁপি কঁপি নাচি থকা পোহৰৰ বৰ্ণচ্ছটা, বতাহৰ জিৰ জিৰ শব্দ আৰু গিলাছৰ টুং-টাং শব্দৰ সমলয়ে মৈত্ৰেয়ীৰ খুব নিঃভূতত যেন এখন চেতাৰ বজাইছিল। এষণালৈ মনত পৰিছিল তাইৰ।

 ‘সমুদ্ৰ—শুনা। শান্তি নিকেতনৰ ‘বসন্ত উৎসৱ’ত এষণাই শকুন্তলাৰ ৰোলটো কৰিছিল। জোনৰ পোহৰত কন্ব মুনিৰ আশ্ৰমত গা ঢালি ঘূৰি ফুৰা মোৰ এষণাক তেতিয়া বোলে জোনাকৰ দৰে সুন্দৰ দেখাইছিল। তাইৰ বন্ধু নীতাই লিখিছিল মোলৈ—। ঠিকেইতো, জোনত কলংক থাকে— জোনাকত কিন্তু নাথাকে।

 ‘তুমি এষণাক ইমান দূৰলৈ পঠাই দিব নালাগিছিল।

 ‘নপঠোৱাকৈয়ো বহুত গুচি যায়। যিবোৰ নপঠোৱাকৈয়ে গুচি যায়, ভৰিৰ তলৰ মাটিখিনি শূন্য কৰি থৈ যায়। নিজৰ অস্তিত্বহীনতাৰ উপলব্ধি বুকুত অঙঠা কঢ়িয়াই ফুৰাৰ দৰে।

অৰিন্দম গুচি যাওঁতে মোৰ নিজকে ডাষ্টবিনত পেলাই দয়া দিয়া মিঠাই ভৰাই অনা ডাঠ

সম্ভৱতঃ ● ২৮