কাগজৰ পেকেট এটাৰ দৰে লাগিছিল। তুমি নুবুজিবা।’
নীলাভ পোহৰৰ টুকুৰা এটা উফৰি পৰিছিল মৈত্ৰেয়ীৰ মুখৰ বাওঁফালে। পোহৰ টুকুৰালৈ চাই চাই তন্ময় হৈ গ’ল সমুদ্ৰ। কুমাৰী মাতৃ মৈত্ৰেয়ী। নৈতিকতাৰ শৃংখলহীন কোনো এটা মুহূৰ্তত তাইৰ গৰ্ভত থিত লৈছিল জীৱন্ত মঙহ এটুকুৰাই। মঙহ টুকুৰাই পূৰ্ণাংগ ৰূপ লৈ হাত ভৰি এচাৰি থকা চাবলৈ তাই যিমান ব্যাকুল হৈ পৰিছিল, সিমানেই বিতত হৈছিল অৰিন্দম। সি আঁতৰি যোৱাৰ পাছতো দুৰ্দান্ত সাহসেৰে মৈত্ৰেয়ী থিয় দি থাকিল। অৱশ্যে, বিধৱা মাক আৰু প্ৰচুৰ সম্পত্তিৰ সমৰ্থনেও তাইক পৰোক্ষভাৱে সহায় কৰিছিল।
আজিৰ বেংকৰ উচ্চ পদস্থ চাকৰিয়াল মৈত্ৰেয়ীৰ লগত বিশ্ববিদ্যালয়ৰ দিনৰে বন্ধুত্ব বৰুণ আৰু সমুদ্ৰৰ। বহুতৰ তাচ্ছিল্যৰ পাছতো মৈত্ৰেয়ীৰ অভ্যন্তৰত থকা স্ফটিকৰ স্বচ্ছতাই সিহঁতক চুম্বকৰ দৰে টানিছিল। তাতে সুকুমাৰ কলাৰ একান্ত অনুৰাগী, সংবেদনশীল আৰু জীৱনৰ প্ৰায় একে ধৰণৰ দৰ্শন এটাৰ তপস্বী আছিল তিনিও। বন্ধুত্ব স্বাভাৱিক।
‘তুমি এতিয়াও বিয়া কৰাব পাৰা। ৰিয়েলি- আই মিন ইট।’ মৈত্ৰেয়ীক লক্ষ্য কৰি থকা বৰুণে ঘপহকৈ কৈ দিলে। নিশা পুখুৰী এটাৰ শান্ত, স্বচ্ছ জলৰাশিত প্ৰতিবিম্বিত হৈ থকা জোনৰ ছবিখন যেন শিলগুটি এটা দলি মাৰি দিয়াত ঠনৰকৈ ভাগি থাকিল।
এয়া মৈত্ৰেয়ীৰ বাবে নতুন প্ৰশ্ন নহয়৷ প্ৰায়ে বৰুণে সোধে, আন কোনো শুভাকাংক্ষী, কোনো বন্ধুৱে সোধে। একেটা নেতিবাচক উত্তৰকে ঘূৰাই পকাই দি থাকে তাই।
‘হোৱেৰ দেয়াৰ ইজ এ হাৰ্ট, দেয়াৰ ইজ এ হোম— ঘৰৰ বাবে হৃদয় এখন ক’ৰ পৰা ধাৰ কৰি আনিম মই। ...আৰু পুৰুষবোৰ-নাৰীক সিহঁতে এটা মাংসপিণ্ডতকৈ অধিক বুলি নাভাবে। বাক চাতুৰ্য আৰু স্পৰ্শকলাৰে মাংসপিণ্ডটোক নিজৰ কৰি লোৱালৈকেহে সিহঁতৰ মনত প্ৰেমৰ সম্ভ্ৰম থাকে।’ কঠিন শ্লেষ মিশ্ৰিত মৈত্ৰেয়ীৰ উত্তৰটো মন দি শুনাৰ পূৰ্বেই বৰুণ হয়তো ডুবি গৈছিল সোণালী সোণালী গোলাপী নিচাত। সমুদ্ৰ স্থিৰ হৈ থাকিল। কিমান যন্ত্ৰণাৰে মৈত্ৰেয়ী আৰু তাৰ মাজত ডুলি থকা সম্পৰ্কৰ আঁত এডাল সকলোৰে অলক্ষিতে কঢ়িয়াই ফুৰিছে সি! কেতিয়াবা ইয়াৰ খেলি-মেলি বিন্যাসে তাৰ উশাহ টানি ধৰিব খোজে। কি কৰিব মৈত্ৰেয়ীয়ে সেই কথা জানিলে। সি নিজেও স্বীকাৰ কৰিবলৈ টান পোৱা সেই নিৰ্মম সত্য!
মমৰ শিখা কোবাই থকা বতাহজাক তাৰ ভিতৰলৈ সোমাই গৈ তাৰ অলিন্দ নিলয় ভৰাই পেলালে। সি যেন মৈত্ৰেয়ীৰ কেনভাছত জীৱন্ত হৈ উঠা সেই সুৰটো— বৃত্তাকাৰ গতিৰে অলিন্দ নিলয় স্পৰ্শ কৰি অসীমৰ পৰা উটি অহা যি সুৰ লঠঙা গছৰ অৰণ্যত বৈ থকা এজাক তামৰঙী বতাহত মিলি গৈছে।
...আপুনি কেৱল তেওঁৰ বাবেই ৰৈ থাকক।
যি আপুনি বেদনাত নীলা হৈ যোৱাৰ পাছতো
যন্ত্ৰণাত কোঙা হৈ পৰা আপোনাৰ হাত দুখন
সাবটি ল’বলৈ উভতি আহিব
কাঁইটীয়া অৰণ্যত