সমললৈ যাওক

পৃষ্ঠা:সম্ভৱতঃ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হ’বলৈ মন গ’ল। দুহাত মেলি যেন সি তাইৰ চুলি কেইডাল ঠিক ঠাক কৰি দিব। অলপ বিশ্বাস আৰু স্নেহৰ টিচু পেপাৰেৰে সি যেন তুলি আনিব তাইৰ চকুত ওপঙি থকা বেদনাৰ তৰল ছাঁখিনি।

 ‘টোপনি ধৰিছে’? মৈত্ৰেয়ীয়ে সুধিলে।

 ‘ওহোঁ। তোমাৰ সন্মুখত বহি আছো বাবে টোপনিয়ে টোপনিয়াই আছে।’

 ‘সুন্দৰ। কিন্তু, টোপনিয়াই থকা টোপনিটোক একেবাৰে টোপনি যাবলৈ নিদিবা।’

 ‘থল লল লক কক...’

 মৈত্ৰেয়ীয়ে আৰু দুটা পেগ বনালে। এটা গিলাচ সমুদ্ৰলৈ আগবঢ়াই আনটো ওঁঠলৈ তুলি ধৰিলে।

 ‘মৈত্ৰেয়ী, তোমাৰ হাতখন এবাৰ চুই চাব পাৰোনে?’

 আকস্মিক প্ৰশ্নটোৰ পৰা কঁপনি এটা নিঃসৃত হৈ অলপ সময় কোঠাটোত বগুৱাবাই থাকিল। তাৰ পাছত নিৰ্জনতাত ডুব গ'ল। নিৰ্জনতাখিনি বহুপৰ থৰ হৈ ৰৈ থাকিল। মৈত্ৰেয়ী খিৰিকীৰ কাষলৈ উঠি গ’ল। সমুদ্ৰই উভটি চালে। সিহঁতৰ সন্মুখত খিৰিকীৰ ফ্ৰেমৰ সিপাৰত বিশাল ব্যোম! তাত ওলমি আছে বহুত তৰা আৰু এটা জোন। তলত মহানগৰীৰ কৃত্ৰিম আলোৰ উন্নাসিকতা। পোহৰৰ ৰেখাবোৰে যেন হিলদল ভাঙি আকাশ চুবলৈ ঊৰ্ধ্বমুখী হৈ দৌৰিছে। মৈত্ৰেয়ীৰ চকুত নিচাৰ এটা আবেশ বিৰিঙি উঠিছে। অদ্ভুতভাৱে সেমেকি উঠিছে তাইৰ কণ্ঠ—।

 ‘সমুদ্ৰ শুনা—অৰিন্দমৰ পাছত এষণা খুব সৰু হৈ থাকোতেই মোৰ জীৱনলৈ- অ’ ঠিক জীৱনলৈ নহয়, জীৱনৰ গণনাবোৰৰ ভিতৰলৈ আৰু এজন মানুহ আহিছিল৷ সমীৰ চৌধুৰী। তেৱোঁ প্ৰথমে মোক সুধিছিল— ‘তোমাৰ হাতখন চুই চাব পাৰোনে?’ তেতিয়ালৈকে অন্ততঃ প্ৰেম নিবেদন কৰা সকলো পুৰুষকে মই বুভুক্ষ শ্বাপদ বুলি ভবা নাছিলো। মোৰ তেজৰ উত্তাপ তেতিয়াও সাৰে আছিল। ক'ৰবাত কেতিয়াবা অদ্ভুত এক ক্ষুধাই পোখা মেলিছিল। কিন্তু প্ৰেমহীন শাৰীৰিক নৈকট্যৰ কথা মোৰ সপোনতো নাছিল। এদিন সন্ধ্যা ঘৰত অকলে আছিলো। তেওঁ আহিল। প্ৰেমৰ কিছু সংলাপ মাতিলে। মোৰ হাতখন চুই মোক বুকুত সুমুৱাই ল’লে। তাৰ পাছত...’

 মৈত্ৰেয়ীয়ে উচুপিবলৈ ধৰিলে।

 স্থানুৰ দৰে ৰৈ থাকিল সমুদ্ৰ।

 ‘মই দুঃখিত মৈত্ৰেয়ী। তুমি মোৰ বাবে...’

 ‘শুনা’ হঠাতে উচুপনি বন্ধ কৰি তীক্ষ্ণ স্বৰেৰে ক’বলৈ ধৰিলে মৈত্ৰেয়ীয়ে ‘তাৰ পাছত হেজাৰ বাধা সত্ত্বেও তেওঁ মোৰ চেলোৱাৰৰ ৰছীত ধৰি টানিবলৈ ধৰিলে। কোঠাৰ পৰা দৌৰি ওলাই আহোতে তেওঁৰ হাতৰ মুঠিত মোৰ কামিজৰ টুকুৰা এটা ৰৈ গ’ল।’ তাই পুনৰ লাহে লাহে আগৰ ঠাইত আহি ঢপকৈ বহি দিলে। খকমকলৈ সাৰ পাই উঠিল বৰুণ। সি চকিত দৃষ্টিৰে সমুদ্ৰ আৰু মৈত্ৰেয়ীলৈ চালে।

 ‘কিয় তেনেদৰে ক’লে তাই... কিয় ক’লে?’

 ঈষৎ আতংকমিশ্ৰিত প্ৰশ্নবোধক দৃষ্টিৰে সমুদ্ৰই বৰুণলৈ চালে।

সম্ভৱতঃ ● ৩২