পৃষ্ঠা:সম্ভৱতঃ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে




যাত্ৰা পথত
এসন্ধ্যা


অলপ আগতে বৈ থকা কোবাল বতাহজাকৰ গতি স্তিমিত হৈ আহিছে। লাইটবোৰ নুমাই গ’ল। এক গভীৰ নিস্তব্ধতাত ডুব গ’ল নিষ্প্ৰদীপ সন্ধ্যাটো। সেই নিস্তব্ধতা আৰু পোহৰহীনতা বগাই আহিছিল পাহাৰৰ দাঁতিকাষৰীয়া বিল্ডিং এটা তিনিমহলাৰ এটা ফ্লেটত বহি থকা তিনিজন মানুহৰ বুকুলৈও। ঘুৰণীয়াকৈ এখন টেবুলৰ চৌপাশে তেওঁলোক বহি আছে। বন্ধু। এজন কবি, এজন গল্পকাৰ আৰু এজন চিত্ৰকৰ। কোঠাৰ এটা কোণত নীলাভ কাঁচৰ পিৰিছ এখনত ভগা গ্লাছৰ টুকুৰাৰ মাজত ক্ষীণ শিখাৰ এডাল মমবাতি জ্বলি আছে। পোহৰৰ বৰ্ণচ্ছটা চেগা চোৰোগাকৈ চিটিকি পৰি কোঠাটোক মায়াময় কৰি তুলিছে। বিদেশী পানীয়ৰ দুটা সুগঢ়ি বটল দম্ভেৰে থিয় দি আছে টেবুলখনৰ ওপৰত। কেনেবাকৈ সিহঁতে যেন বুজি উঠিছিল তিনিজন মানুহৰ বুকুত শুই থকা কথাবোৰৰ আজি সিহঁতৰ অনুগ্ৰহতে মৰ-ঘুমটি ভাঙিব।

 বৰুণৰ বুকত নিঃপালি দি থকা এটুকুৰা কাহিনীৰ ঘুমটি ভাগিব ধৰিছিল... ‘তাই উভতি আহিব চাবা। ....তাই এনেদৰে ইমানদিন নোৱাৰে মোৰ পৰা আঁতৰি থাকিব। তাই মই নহ'লে সপোনো দেখিব নোৱাৰে বুলি কৈছিল।’ দহ মিনিটমানৰ পূৰ্বে মৈত্ৰেয়ীয়ে বৰুণক সুধিছিল— ‘সোণালীক লগ পোৱানে কেতিয়াবা?’ উত্তৰত সি মৃদুকৈ হাঁহি গ্লাচটো ওঁঠত লগাইছিল। তাৰ পাছৰপৰা এই কথাখিনিয়ে তাৰ মনলৈ আহি আছে। এটা পাতল গুলপীয়া নিচাৰ সৈতে লাটুমৰ দৰে পাক-ঘুৰণি খাই খাই তাৰ মনৰ মাজত ঘূৰি আছে এই কথাখিনি। মুখলৈ ওলাই অহা নাই। ইমান সৰু আৰু সাধাৰণ কথাটোকে কিয় বাৰে বাৰে কৈ থাকিব লাগে মানুহক! তাৰ ওপৰত অভিমান কৰি অলপ দিনৰ বাবেহে আঁতৰি গৈছে সোণালী— আগতে যেনিবা যাত্ৰা পথত দুমাহৰ পাছতে আহিছিল— এতিয়া দুবছৰ হৈছে, আহিবতো!

 অস্ফুট শব্দ এটা চাৎকৈ বৰুণৰ মুখেৰে নিগৰি পৰিল আৰু গিলাচৰ ‘টুং-টাং-থিং-নাং’ শব্দৰ লগত মিলি গ’ল।

 ‘কিবা কৈছা বৰুণ’—– মৈত্ৰেয়ীয়ে সুধিলে।
সম্ভৱতঃ ● ২৭