সম্ভৱতঃ/সংগী

ৱিকিউৎসৰ পৰা

[ ৩৫ ]



সংগী



সাংঘটিত ধৰণে আত্মকেন্দ্ৰিক হৈ পৰিছে মানুহ। সহৃদয়তা, মমতা, ত্যাগ আদি শব্দবোৰ আধুনিক পৃথিৱীত যেন হৃদয় বজাৰৰ একো একোটা অচল টকা। গুৱাহাটীৰ মাজমজিয়াৰ মাটি কঠাৰ বাবে দুয়ো পুতেকৰ মাজৰ তিক্ত হৈ পৰা সম্পৰ্কই পুনৰ এবাৰ বিভৱ বৰুৱাক এই কথা সোঁৱৰাই দিলে। বৃদ্ধত্বই ক্ৰমশঃ নিঃসংগ কৰি তোলা এজন মানুহ বিভৱ বৰুৱা। অৱসৰপ্ৰাপ্ত অধ্যাপক। লেখা-পঢ়া, বিয়লি লনখনত অলপ খোজকঢ়া, এমাহত দুই এখন মিটিং আৰু অনন্ত অৱসৰ – তাৰ বাদে একঘেয়ামিৰ লহ লহ জিভা মেলি ৰৈ থকা সময়ৰ স্তূপটোলৈ নিৰ্বাক, ভীত হৈ চাই থাকে তেওঁ। অথচ স্বভাৱতেই তেওঁ আছিল নিঃসংগতাপ্ৰিয়। যাৰ বাবে তেওঁৰ বন্ধুৰ সংখ্যা সীমিত, নিকটাত্মীয়ৰ লগত সম্পৰ্ক কম, যাৰ বাবে তেওঁ মাজে মাজে অহংকাৰ আৰু কঠোৰতাৰ মুখা পিন্ধিবলৈও কুণ্ঠাবোধ কৰা নাছিল – সেই নিঃসংগতাপ্ৰিয় স্বভাৱেই যে এসময়ত বুমেৰাং হৈ তেওঁৰ বাবে ব্যাখ্যাহীন এক সুতীব্ৰ যন্ত্ৰণাৰ উৎস হৈ পৰিব তেওঁ কোনোদিনেই অনুমান কৰিব পৰা নাছিল।

 নিস্তব্ধ দুপৰীয়া। খিৰিকিৰ সমুখলৈ চকীখন টানি আনি বহি পৰিল বিভৱ বৰুৱা। হাতত দৈনিক কাকত। একাপ চাহ লৈ পৰিয়ালৰ পুৰণা বনকৰা মানুহ ভদ্ৰেশ্বৰ সোমাই আহিল। এটা সংগৰ বাবে কাতৰ হৈ আছিল বিভৱ বৰুৱা। হৃদয়ৰ চাৰিওটা কোঠাতে উপচি পৰা ৰিক্ততাখিনি নিশ্চয় কমাব পাৰিব অলপ কথোপকথনে, অলপ স্বতঃস্ফূৰ্ত, আন্তৰিক কথোপকথনে! ‘ভদ্ৰেশ্বৰ’ তেওঁ লাহেকৈ মাতিলে। ‘বহচোন। অলপ কথা পাতো।’ চকুদুটা ডাঙৰ হৈ গ’ল ভদ্ৰেশ্বৰৰ। এইখন ঘৰত কাম কৰাৰ তাৰ পাঁচ বছৰৰো বেছি দিন হ’ল। বিভৱ বৰুৱাৰ এনে এটা অনুৰোধ ভদ্ৰেশ্বৰৰ বাবে সঁচায়ে আশ্চৰ্যকৰ। মুঢ়া এটাত অলপ আঁতৰি তলমূৰকৈ বহি পৰিল সি। ‘তই যে কৈছিলি পাগলাদিয়াৰ পাৰৰ আওহতীয়া গাঁও এখনত তোৰ ঘৰ – তোৰ ঘৰখন কেনেকুৱা আছিলনো?’ হে ভগৱান, মানুহজনৰ নিশ্চয় গা- চা বেয়া। নহ'লেনো এনে সময়ত এনেবোৰ কথা ... [ ৩৬ ]  ‘মানে... মানে... মানে ...’ ঘেঁহাবলৈ ধৰিলে ভদ্ৰেশ্বৰে। অভিজ্ঞ অধ্যাপক আছিল বিভৱ বৰুৱা। এটা প্ৰশ্নৰ উত্তৰতে ছাত্ৰৰ মেধা আৰু দুৰ্বলতা ধৰি পেলোৱাৰ ক্ষমতা তেওঁৰ আছিল। ভদ্ৰেশ্বৰৰ বিব্ৰত আৰু অসহায় মুখখনলৈ চাই তেওঁৰ মায়া হ’ল। সি ঘেঁহাই থাকোতেই তেওঁ তাক যাবলৈ দিলে। সুদীৰ্ঘ দিন ধৰি নিজকে খুব সযতনে আনৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছে তেওঁ। এতিয়া তেওঁ ইচ্ছা কৰিলেই সেই অভেদ্য আৱৰণ ভেদ কৰি যিকোনো লোক তেওঁৰ অন্তৰংগ হৈ পৰিব নিশ্চয় নোৱাৰে। জীৱনৰ অন্তিম সময়লৈকে নোৱাৰিলে অদিতিয়েও। অদিতি তেওঁতকৈ বহু বছৰৰ সৰু তেওঁৰ পত্নী যাৰ মৃত্যু হৈছে দুটা মাত্ৰ বছৰৰ আগেয়ে। বিভৱ বৰুৱাই মাজে মাজে ভাবে – অদিতি যদিহে জীয়াই থাকিলহেঁতেন তেওঁৰ নিস্তৰংগ জীৱনটোত নিশ্চয় ভালপোৱা আৰু দায়িত্ববোধৰ কিছু বুদ্বুদৰ উদ্ভৱ হ’লহেঁতেন। প্ৰাচুৰ্যৰ মাজতো ক’ৰবাত সাংঘাতিক ধৰণে হয়তো শূন্য হৈ আছিল অদিতি — তেওঁৰ আজিকালি এনে লাগে কেতিয়াবা। অতীতলৈ যেতিয়া উভতি চায়, মাকৰ আঁচলৰ উমখিনি বাদ দিলে যিগৰাকী মানুহ তেওঁৰ নিচেই কাষত আছিল যেন বোধ হয়, তেৱেঁই আছিল অদিতি। অথচ তেৱোঁ যে দূৰত আছিল কিমান!

 খিৰিকীৰ জড় ফ্ৰেমৰ বাহিৰত নিস্তেজ হৈ আহিছে ৰ’দ জলমল এটা দিন। কংক্ৰীটৰ অৰণ্যৰ কাষৰীয়া নদীখনৰ দিশৰ পৰা এচাটি শীতল বতাহ বৈ আহিছে। বিভৱ বৰুৱাই কাণ উনালে। কথা কৈছে নেকি বতাহজাকে ... ক’ৰ পৰা ভাঁহি আহিছে ৰিণি ৰিণি এক নিফুট স্বৰ ...দুটি শিশুৰ কলকলনি ...। ‘ঐশ্বৰ্য’ আৰু ‘কিশলয়’! আজিকালি কেতিয়াবা এনে হয়। দূৰ অতীতত যাপন কৰি অহা জীৱনৰ কোনো কোনো অংশ সোঁৱৰণীৰ অটল গভীৰৰ পৰা উঠি আহি বৰ্তমানৰ লগত মিলি যায়। তেওঁ নিজৰ লগত কথা পাতে। কেতিয়াবা শিশু ঐশ্বৰ্য আৰু কিশলয়ৰ থুনুক-থানাক মাতবোৰে তেওঁৰ কৰ্ণকুহৰত বনফৰিঙৰ দৰে জপিয়াই থাকে।

 ১৫ আগষ্ট। ঐশ্বৰ্যৰ জন্মদিন। ঘৰতে সৰুকৈ ৰুবীয়ে এটা পাৰ্টী দিছিল। বিশাল ড্ৰয়িং ৰুমত ৰুবী আৰু ঐশ্বৰ্যৰ গেষ্টবোৰৰ লগত অনিচ্ছা সত্ত্বেও কিছু সময় পাৰ কৰিবলগীয়া হৈছিল বিভৱ বৰুৱাই। এটা নিৰ্দিষ্ট সময়ত কোনোবাই বাতৰি চাওঁ বুলি টিভিটো অন কৰি দিলে। ধেমাজিত স্বাধীনতা দিবস উদযাপন কৰি থাকোতেই প্ৰচণ্ড এটা বিস্ফোৰণ হ'ল। বিস্ফোৰণৰ ঘটনাটো সম্পাদনা নকৰাকৈয়ে সম্প্ৰচাৰ কৰিছিল স্থানীয় চেনেল এটাই। স্বাভাৱিকতে সকলোৰে দৃষ্টি টিভিৰ ওপৰত নিবদ্ধ হ’ল। দৌৰি থকা মানুহবোৰ, ছিন্ন ভিন্ন শিশুৰ শৰীৰ ...। ‘উস’ ‘আস’ আদি শব্দবোৰ তুলাৰ দৰে কোঠাটোত ওপবিলৈ ধৰিলে। কোনোবাই চৰকাৰক, আন কোনোবাই আলফাক সমালোচনা কৰিলে আৰু এসময়ত টিভিৰ পৰ্দাত মানুহৰ কান্দোন আৰু শিশুৰ খণ্ড-বিখণ্ড শৰীৰৰ তেজৰ ডোঙা সমুখত লৈয়েই মাংস পোলাওৰ লগত ব্যস্ত হৈ পৰিল বিভৱ বৰুৱাৰ পুত্ৰৰ প্ৰজন্ম।

 ‘আঃ ৰুবী। তুমি কি সুন্দৰ চিকেন বনাইছা। ঐশ্বৰ্যলৈ ঈৰ্ষাই লাগে।’

 ‘জহা চাউলৰ পোলও সুন্দৰ হৈছে দেই।’

 ‘চাওঁ — মটৰ পনীৰৰ তৰকাৰীখন এইফালে দিয়াচোন।’ দুৱাৰ বন্ধ কৰি নিজৰ কোঠাত সোমাইছিল বিভৱ বৰুৱা। তেওঁৰ ভয় লাগিছিল। সাংঘাটিক ভয়। কি চমৎকাৰ হৃদয়ানুভূতি [ ৩৭ ] ৰুবীহঁতৰ! এক কৰুণতম ঘটনাৰ শোকৰ পৰা মাংস-পোলাওৰ স্বাদলৈ সাংঘাটিক দীঘল যেন লগা এক পৰিক্ৰমা সিহঁতে কিমান সহজতে সমাপ্ত কৰিব পাৰে নিমিষতে!

 ক্ৰমশঃ তেওঁৰ নিঃসংগতা বাঢ়ি আহে। এসময়ৰ নিঃসংগতাবিলাসী মানুহজনক নিঃসংতাৰ পীড়াই এনেদৰে কাতৰ কৰিবলৈ আৰম্ভ কৰিলে যে আবেলি আবেলি তেওঁ মহানগৰীৰ মাজ মজিয়াৰ এখন উদ্যানত অকলে অকলে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। প্ৰেমিক- প্ৰেমিকাৰ নৈকট্য আৰু মৃদু গুঞ্জন, দোলনাত দোলায়িত শিশুৰ আহ্লাদিত কল্লোল, কোনো দম্পতীৰ সুখী অৱসৰৰ পৰিকল্পনা আদিবোৰৰ মাজে মাজে তেওঁ খোজ কাঢ়ে। চৌপাশৰ গুঞ্জৰিত শব্দবোৰৰ এটা অংশ হিচাপে তেওঁ নিজকে কল্পনা কৰি লয়। আৰু ... যেতিয়া তেওঁৰ কোনো প্ৰাক্তন ছাত্ৰ আগবাঢ়ি আহি মাত দিয়ে, ‘ছাৰ, ভালে আছেনে?’ তেওঁৰ বুকুখন ভৰি উঠে। খুব সচেতনতাৰে তেওঁ কথাৰ পাতনি মেলে। অথচ সচেতন হৈ থাকে সকলো সময়তে আনে যাতে তেওঁক কথা চহকী বুঢ়া মানুহ বুলি ভাবি ল’ব নোৱাৰে।

 দুই পুত্ৰ আৰু ডাঙৰ বোৱাৰীৰ চূড়ান্ত ব্যস্ততাৰ মাজত অধিক অৱহেলিত হয় বিভৱ বৰুৱা। ‘দেউতা, কিবা লাগিছিল নেকি?’ ‘গা ভালে আছেনে?’ আদি প্ৰশ্নবোৰেৰে সিহঁতে দায়িত্বশীল সন্তানৰ ভাও দিব বিচাৰে আৰু এনেবোৰ মুহূৰ্তত দৃঢ় ব্যক্তিত্বৰ অধ্যাপক বিভৱ বৰুৱাই অধিক গাম্ভীৰ্যৰে তেওঁৰ দৃঢ়তা আৰু সম্পূৰ্ণতাৰ কথা ঘোষণা কৰে।

 ঐশ্বৰ্য সফল ব্যৱসায়ী। ৰুবী হায়াৰ ছেকেণ্ডাৰী স্কুল এখনৰ শিক্ষয়িত্ৰী। মহানগৰীৰ মাজমজিয়াৰ মাটিখিনিত সিহঁতে এটা বিজনেছ কমপ্লেক্স সাজিব বিচাৰে। ডাঃ কিশলয় বৰুৱাৰ ইচ্ছা তাত এখন নাৰ্ছিং হোম নিৰ্মাণ কৰাৰ। কিশলয়ে বিয়া কৰিবলৈ ওলোৱা ছোৱালীজনীৰ নাম প্ৰজ্ঞা। এবছৰৰ পাছত তায়ো মেডিচিনৰ ডাক্তৰ হৈ ওলাই আহিব। তাৰ পাছতে বিয়া।

 একো সিদ্ধান্ত ল’ব পৰা নাই বিভৱ বৰুৱাই। মহানগৰীৰ দাঁতিকাষৰীয়া এই পাহাৰীয়া ঠাইখিনিত অলপ নিৰ্জনতা বিচাৰিয়েই তেওঁ ঘৰটো সজাইছিল। তেওঁৰ দুই পুত্ৰই এতিয়া ইয়াৰ পৰা উভতিব বিচাৰিছে প্ৰচণ্ড গতিশীল জনাৰণ্যৰ মধ্যৱৰ্তী স্থানলৈ।

 অব্যাহত থাকে বিভৱ বৰুৱাৰ বিয়লিৰ উদ্যান পৰিক্ৰমা। সমবয়সী দুই এজন বৃদ্ধৰ লগত তেওঁৰ অন্তৰংগতা গঢ়ি উঠে। মুখ ফুটাই কোনেও একো নক’লেও তেওঁ বুজি পায় তেওঁলোক প্ৰত্যেকেই আধুনিক জীৱনৰ ধামখুমীয়াত দিশহাৰা হৈ পৰা একো একোজন মানুহ অনভ্যস্ততাই যাক বিচ্ছিন্ন কৰি আনিছে সাম্প্ৰতিকতাৰ পৰা। জীৱন যাৰ বাবে পৰিণত হৈছে ‘অন্ত’ৰ এক অন্তহীন অপেক্ষাত। তেওঁ অনুভৱ কৰে — নিসংগতাই পীড়িত কৰা মানুহ তেওঁৰ দৰে আৰু বহু আছে, অৰ্থাৎ তেওঁ নিঃসংগ নহয়।

 কিছু পৰিৱৰ্তন আহে বিভৱ বৰুৱাৰ প্ৰাত্যহিকতালৈ। একঘেয়ামীৰ অনন্ত সময়ৰ নিসংগতাবোধ তেওঁৰ কিছু কমি আহে। বিয়লিৰ বাবে অপেক্ষাই তেওঁৰ পুৱা আৰু দুপৰবোৰক অৰ্থময় কৰি তোলে। মাটিৰ বাবে দুই পুত্ৰৰ তিক্ত সম্পৰ্ক অথবা বোৱাৰীয়েকৰ অত্যাধুনিকতাই তেওঁক গভীৰ আৰু দুখী কৰিব নোৱাৰা হয়। বিভৱ বৰুৱাই এটা সিদ্ধান্ত লয় — মহানগৰীৰ মধ্যৱৰ্তী স্থানৰ তেওঁৰ মাটি টুকুৰাত তেওঁ এটি বৃদ্ধাশ্ৰম সাজিব। উদ্যানৰ নতুন সংগী এসময়ৰ অভিযন্তা চিত্তৰঞ্জন দাসৰ লগত তেওঁ ইতিমধ্যে পৰিকল্পনা আৰম্ভ কৰি [ ৩৮ ] দিলে। বৃদ্ধাশ্ৰমৰ লগতে এখন স্কুল থাকিব। মহানগৰীৰ ফুটপাথ আৰু বস্তিৰ পৰা তুলি অনা কিছু শিশুক লিখা-পঢ়া শিকাব। বিভৱ বৰুৱাৰ মনত সংগোপনে এটা অভিলাস আছিল এই শিশুবোৰক আখৰৰ লগতে তেওঁ মানৱতাৰ পাঠ দিব। সিহঁতক জোনাকৰ কথা ক’ব, গছৰ জীৱনৰ কথা ক’ব। মুঠতে সমুখত মানুহৰ তেজ লৈ চিকেনৰ সোৱাদ ল’ব নোৱাৰা একো একোজন মানুহ গঢ়াৰ চেষ্টা কৰিব তেওঁ। ইতিমধ্যে চিত্তৰঞ্জন দাসৰ বন্ধু দিছপুৰৰ দুই- এজন মন্ত্ৰীৰ লগত সমগ্ৰ বিষয়টো তেওঁলোকে আলোচনা কৰিছিল। সকলোৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল, আন্তৰিকতাৰে।

 এনেতে এদিন প্ৰজ্ঞা আহিল। দিল্লীত পঢ়ি থকা কিশলয়ৰ বাগদত্তাই মেডিকেলৰ অন্তিমটো পৰীক্ষা দি আহিছে। গুৱাহাটীত তেওঁলোকৰ ঘৰত দুদিন থাকি লক্ষীমপুৰৰ নিজৰ ঘৰলৈ যাব। প্ৰজ্ঞাৰ কথা বহুবাৰ শুনিলেও ছোৱালীজনীক প্ৰথম দেখিলে বিভৱ বৰুৱাই। ওখ, ক্ষীণ, কৃষ্ণ বৰণৰ ছোৱালীজনীৰ সমগ্ৰ ব্যক্তিত্বত এক অপূৰ্ব সৰলতা। কোমল মুখ, শিশুৰ দৰে নিষ্পাপ চকুৰ চাৱনি। বুদ্ধিদীপ্ততা আৰু সাৰল্যৰ সংমিশ্ৰণত এক সৌন্দৰ্যময় ব্যক্তিত্ব প্ৰজ্ঞাৰ। বিভৱ বৰুৱাৰ সান্ধ্য বিহাৰৰ কিছু পূৰ্বে তেওঁৰ কোঠালৈ ছোৱালীজনীয়ে অদ্ভুত এটা প্ৰস্তাৱ লৈ সোমাই আহিল।

 ‘বৰদেউতা, কিশলয়ে কৈছে আবেলি বোলে সদায় আপুনি পাৰ্কত খোজ কাঢ়ে। আজি মোকো লগত নিবনে?’ ইতঃস্ততঃবোধ কৰিছিল বিভৱ বৰুৱাই। কিন্তু ছোৱালীজনীৰ আশাৰে তিৰ্‌বিৰ্‌ চকু দুটালৈ চাই তেওঁ সন্মতি দিলে। কিশলয় হাস্পতালৰ পৰা ওভতা নাছিল। মুহূৰ্তৰ ভিতৰতে অফ হোৱাইট চুৰিদাৰ পিন্ধি, ক’লা বেগ এটা লৈ বিভৱ বৰুৱাৰ কাষত থিয় হ’লহি প্ৰজ্ঞা। পুনৰ আচৰিত হ'ল বিভৱ বৰুৱা। প্ৰজ্ঞাহঁতৰ বয়সৰ ছোৱালীৰ প্ৰসাধনহীন মুখ আৰু এনে সাধাৰণ বেশভূষা বিৰল নহ’লেও খুব বেছিকৈও দেখা নাযায়।

 প্ৰজ্ঞাৰ বাবে সামান্য গৰ্ববোধ কৰিলে তেওঁ। মাৰুতি জেনখনত তেওঁৰ কাষতে বহিল প্ৰজ্ঞা। এই প্ৰথম প্ৰজ্ঞাহঁতৰ ঘৰৰ বিষয়ে ভালকৈ জানিলে বিভৱ বৰুৱাই। প্ৰজ্ঞাৰ দেউতাক সৰুতেই ঢুকাইছে। মাক অধ্যাপিকা। এটি ভায়েকে ইঞ্জিনীয়াৰিং পঢ়ি আছে।

 উদ্যানত চিত্তৰঞ্জন বৰুৱা তেওঁৰ বাবে ৰৈ আছিল। প্ৰজ্ঞাক লগত দেখি তেওঁ কিছু আচৰিত হৈছিল। বিভৱ বৰুৱাই চিনাকি কৰাই দিলে। স্মাৰ্ট ছোৱালীজনী খুব সহজেই দুই বৃদ্ধৰ লগত মিলি গ’ল। তেওঁলোকৰ বৃদ্ধাশ্ৰমৰ পৰিকল্পনা শুনি তাই আনন্দত জপিয়াই উঠিল। বৰদেউতা, ময়ো থাকিম আপোনালোকৰ লগত। জানেনে বন্ধৰ দিনত আমি দহ- বাৰ জনীয়া গ্ৰুপ এটা দিল্লীৰ একো একোখন ‘অল্ড-এইজ হোম’লৈ যোৱা কৰিছিলো। তেওঁলোকৰ লগত কেতিয়াবা কেৰম, লুডু খেলিছিলো আৰু কেতিয়াবা সৰু-সুৰা পিকনিকৰো আয়োজন কৰিছিলো। আমাৰ লগৰ দেবিকা ভৰদ্বাজ নামৰ ছোৱালীজনীৰ দেউতাকো ‘অল্ড- এইজ হোম’ এখনতে আছিল।... আৰু বৰদেউতা, আপোনালোকৰ ‘অল্ড-এইজ হোম’ ততো এজন ডাক্তৰ লাগিবই। মই মোৰ চাকৰি কনফাৰ্মড বুলি ধৰোনে?’ স্মাৰ্ট নাটকীয় ভং এটাত ফিক্সড্ হৈ থাকি প্ৰজ্ঞাই তেওঁলোকৰ উত্তৰৰ বাবে অপেক্ষা কৰিলে। তাইৰ সৰু মূৰটোত মৰমেৰে টুকুৰীয়াই দিলে বিভৱ বৰুৱাই। দুদিন থাকিবৰ বাবে অহা ছোৱালীজনীক [ ৩৯ ] আৰু দুদিন ৰাখিলে বিভৱ বৰুৱাই। ঐশ্বৰ্য, ববী, কিশলয় সকলো আচৰিত হ’ল। বগা ফুল ছাৰ্টৰ কলাৰ উঠাই প্ৰজ্ঞাই কিশলয়ক জোকালে —‘তোমালোকেহে কোৱা দেউতাই কথা নাপাতে বুলি। আচলতে দেউতাৰ মানসিকতাৰ, দেউতাৰ বয়সৰ মানুহৰ লগত কথা পতাৰ সক্ষমতা তোমালোকৰ নায়েই।’ অভিভূত হৈছিল কিশলয়। বৃদ্ধ দেউতাকৰ উদ্ভাসিত মুখখনে তাক সুখী কৰিছিল। ... আৰু খুব বিচক্ষণতাৰে প্ৰজ্ঞাৰ লগত দেউতাকৰ আত্মীয়তাৰ সুৰুঙাৰে এটা বৈষয়িক হিচাপ মিলাই ল’ব পৰা যাব বুলি সি আশা কৰিছিল। মুখত হাঁহি থাকিলেও ভিতৰি ভিতৰি আতংকিত হৈছিল ৰুবী আৰু ঐশ্বৰ্য। কি সাংঘাতিক চালাক এই ছোৱালীজনী! বিয়াৰ আগতেই দেউতাক পতাই লৈ ...।

 যোৱাৰ আগদিনা বিভৱ বৰুৱাৰ কোঠাত খিৰিকীৰ সন্মুখত বহি আছিল দুই প্ৰজন্মৰ দুই প্ৰতিনিধি — প্ৰজ্ঞা আৰু বিভৱ বৰুৱা। তিনিটা দিন বিভৱ বৰুৱাই তেওঁৰ অতীতৰ কথা কৈছিল। আজি প্ৰজ্ঞাই নিজকে উন্মুক্ত কৰিলে — ‘বৰদেউতা, লক্ষীমপুৰ চহৰৰপৰা সাত কিলোমিটাৰ আঁতৰৰ গাঁও এখনত আমাৰ ঘৰ আছিল। মই তাতেই প্ৰাইমেৰী স্কুলত পঢ়িছিলো। কি যে অদ্ভুত আছিলো মই। মামাৰ ঘৰৰ কাষত এখন সৰু নদী আৰু পথাৰ আছিল। গাঁৱৰ গৰুবোৰ সেই পথাৰতে চৰিছিল। সন্ধিয়া পঢ়া টেবুলত বহোতে মাকক হেৰুৱাই অকলশৰীয়া হৈ হেম্বেলিয়াই থকা দামুৰীবোৰৰ দুখত মোৰ প্ৰায়ে চকুপানী ওলাইছিল।’ ছোৱালীজনীয়ে অন্যমনস্কভাৱে হাঁহিলে।‘দেউতাক ভালদৰে মনতেই নপৰে। ফটো দেখিছো। মায়ে কয় তেওঁ বোলে খুব সাহসী আৰু দৃঢ় ব্যক্তিত্বৰ মানুহ আছিল। ... সম্ভৱতঃ দেখাত তেওঁ আপোনাৰ দৰেই আছিল। ওখ, গহীন আৰু ধুনীয়া ...।’

 কি কয় এই ছোৱালীজনীয়ে! বাহিৰৰ পাতল এন্ধাৰৰপৰা বহু আগতে শুনা এটা ভাল লগা গীতৰ কলি যেন ওপঙি আহিছে বতাহত। বিভৱ বৰুৱাৰ চকুৰ কোণ দুটা সেমেকি উঠিছে।

 ‘প্ৰজ্ঞা, মাৰাৰ লগত কথা পাতি তুমি মোলৈ ফোন এটা কৰিবা। যিমান সোনকালে পাৰি বিয়াখন ...’ তেওঁ ক’ব নোৱাৰাকৈয়ে মুখৰ পৰা ওলাই আহিল। বিভৱ বৰুৱাই প্ৰজ্ঞাক কৈ গ’ল কিদৰে নিজান বাতাবৰণ এটাৰ আশাত এই পৰ্বতীয়া ঠাইখিনিত তেওঁ ঘৰ সজাইছিল। খিৰিকীৰে দৃশ্যমান হোৱা আকাশত শুকুলা ডাৱৰৰ টুকুৰা কেইটামান ওপঙি আছিল। তাৰ তলেৰে ইংৰাজী ভি আখৰটোৰ আকৃতিত এজাক চৰাই উৰি গ’ল। প্ৰজ্ঞাই মুগ্ধ হৈ চালে। আৰু তাইৰ মুগ্ধ মুখখনলৈ চাই পিতৃহীনা ছোৱালীজনীৰ প্ৰতি অপাৰ মমতাৰে বিভৱ বৰুৱাৰ মনটো ভৰি উঠিল। পিছদিনা যাবৰ বাবে সাজু হৈ ব্ৰেকফাষ্ট কৰিবলৈ বহিছিল প্ৰজ্ঞা। কিশলয়ৰ লগত দুদিন ধৰি কৰা বজাৰেৰে তাইৰ বেগ দুটা ওফন্দি পৰিছিল। বিভৱ বৰুৱাৰ ভাল লাগিছিল। কোনেও নোকোৱাকৈয়ে তেওঁ বুজি পাইছিল এই বজাৰৰ অৰ্ধাংশই প্ৰজ্ঞা-কিশলয়ৰ বিয়াৰ প্ৰস্তুতি। অৰ্থাৎ ব্যতিক্ৰমী ছোৱালীজনী খুব সোনকালেই বোৱাৰী হৈ তেওঁৰ ঘৰলৈ আহিব। ঘৰখনৰ সকলো একেলগে বহিল ব্ৰেকফাষ্টৰ বাবে। প্ৰজ্ঞা যাব বাবেই এই ব্যৱস্থা। নহ'লে ঘৰখনত সকলোৱে একেলগে কাচিহে খাবলৈ বহে। টিভিটো অন কৰি দিলে কিশলয়ে। ৰাজনীতিৰ গতানুগতিক বাতৰিৰ লগতে আন এটা বাতৰিৰ প্ৰতি সকলো কৌতূহলী হৈ উঠিল। ন বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিলে [ ৪০ ] চাৰিজন যুৱকে। টিভিৰ পৰ্দাত সৰল মুখৰ এজনী কিশোৰীৰ ফটো এখন কেইছেকেণ্ডমান ফিক্সড্ হৈ থাকিল। তাৰ পাছত তেজৰ ডোঙাৰ মাজত ফুলি উঠা এটি উলংগ নাৰীদেহ। ভদ্ৰেশ্বৰে ফুলা লুচী আৰু অমলেট দি গ’ল। মহানাগৰিক ব্যস্ততাৰ অভিজাত, ক্ষিপ্ৰ ভংগিমাৰে ৰবী আৰু ঐশ্বৰ্যই লুচীত কামোৰ দিলে। ডিঙি আৰু গালত হাত ৰাখি স্তব্ধ হৈ টিভিটোলৈ চাই থকা প্ৰজ্ঞাক হাতেৰে হেঁচুকি দিলে কিশলয়ে – ‘কি চাই আছা—খোৱা। তোমাক গাড়ীত উঠাই ন বজাত মই নাৰ্চিং হোম পাবগৈ লাগিব।’

 টিভিত বিভিন্ন এংগলৰ পৰা মৃতদেহটো দেখুৱাই আছে। এগৰাকী মানুহে তেজৰ ডোঙাটোত উবুৰি খাই পৰিব খুজিছে। খালী চাহকাপো মুখলৈ নিব নোৱাৰা হ’ল বিভৱ বৰুৱাই। কিশলয়ৰ তাগিদাত প্লেটৰ ফালে হাতখন আগবঢ়াই প্ৰজ্ঞা ৰৈ গ’ল। আশা আৰু আশংকাৰে বিভৱ বৰুৱাই চাই থাকিল — তেজৰ ডোঙাটোৰ দৃশ্যানুভূতিৰ পৰা ফুলা লুচীৰ স্বাদানুভূতিলৈ থকা দূৰত্বখিনি অতিক্ৰম কৰিবলৈ প্ৰজ্ঞাই কিমান সময় লয়!❐❐