পৃষ্ঠা:সম্ভৱতঃ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ওলাই যাব নোৱাৰাকৈ আপুনি বন্দী বুলি জানিও
 যি উদ্‌ভ্ৰান্ত হৈ দৌৰি আহিব
 আপোনাৰ বুকুত শুই থকা
 প্ৰেমৰ এখন চহৰ বিচাৰি...’

 ধীৰ অস্ফূট কণ্ঠৰ বৰুণৰ মুখ নিঃসৃত শব্দবোৰ কোঠাটোত ওপঙিবলৈ ধৰিলে।

 ‘টুং টাং থিং’

 গিলাচৰ শব্দত অলপ সময় বাকী আটাইবোৰ শব্দ ডুবি থাকিল।

 ‘আজি কালি এই সময়ত কেতিয়াবা দুঘণ্টাও লোড শ্বেডিং হয়’— মৈত্ৰেয়ীয়ে ক’লে।

 ‘মনত যদি পোহৰ নাথাকে বাহিৰৰ পোহৰে কি কৰিব!’ বৰুণৰ জিভা দোৰোল খাবলৈ ধৰিছে।

 ‘তুমি আৰু নাখাবা নেকি!’ সমুদ্ৰই বৰুণৰ হাতৰ গিলাচটো কাঢ়ি আনিব খুজিলে।

 খুব মূল্যৱান বস্তু এটা ভাগি যোৱাৰ ভয়ত শিশু এটিৰ হাতত তুলি নিদিয়াৰ ভংগিমাৰে গিলাচটো ওপৰলৈ উঠালে বৰুণে। তাৰ নিচা বেছি হৈ আহিছিল।

 ‘জানানে মই কেতিয়াও সোণালীৰ উদং গাত হাত দিয়া নাছিলো। তাই অস্থিৰ হৈ পৰিলেও মই নিজকে চম্ভালি ল'ব পাৰিছিলো। মৈত্ৰেয়ী তুমি এটা কথা ক’বানে—

 ছোৱালীবিলাকৰ মঙহৰ ঠিক তলতে হৃদয়খন মূৰৰ পৰা ভৰিলৈকে বিয়পি থাকে নেকি— মই তাইৰ শৰীৰটো নোচোৱাকৈ হৃদয়খন চুব বিচৰাটো ভুল হ’ল— শৰীৰ নুচুলো বাবেই হৃদয়ো চুব নোৱাৰিলো।’

 ‘তুমি কোৱা দেখোন— মৈত্ৰেয়ী উভটি আহিব।’

 ‘অ’কওঁনেকি! আহিব ছাগে। ছাগে মানে আহিবই— তাই নোৱাৰে মোক এৰি থাকিব— কেতিয়াও নোৱাৰে—’

 অস্ফুট হৈ অহা শব্দবোৰৰ সৈতে আৰামী চকীখনত হেলান দিয়া বৰুণৰ চকুৰ পতা তন্দ্ৰাত জাপ খাই আহিল।

 সমুদ্ৰই মৈত্ৰেয়ীলৈ চালে। নিৰ্লিপ্ত চকুৰ দৃষ্টিত যেন কোন সুদূৰৰ আহ্বান! এই আহ্বানত উটি-ভাঁহি ফুৰি কিমানবাৰ যে সি গল্পত লিখিছে তাইৰ কথা। তাইৰ অভ্যন্তৰৰ স্ফটিকোজ্জ্বল তিৰবিৰণিটোৰ কথা। গাম্ভীৰ্যৰ ডাঠ প্ৰলেপ এটা থাকিলেও তেত্ৰিশ বছৰীয়া যেন নালাগে মৈত্ৰেয়ীক। আৰু কোনে ক’ব তাই এজনী কিশোৰীৰ মাতৃ! তাইৰ উনৈশ বছৰ বয়সত হৈছিল সেই ভ্ৰূণৰ স্মৰণ!

 এষণালৈ মনত পৰিল সমুদ্ৰৰ। এখন নিষ্পাপ, কান্তিময় মুখ। এষণাৰ দুবছৰ বয়সত মৈত্ৰেয়ীক লগ পাইছিল সি। আচৰিতভাৱে এষণাৰ লগত তাৰ চেহেৰাৰ সাদৃশ্য আছিল। পাছত সি জানিব পাৰিছিল এই সাদৃশ্যৰ আঁৰৰ ৰহস্য। মৈত্ৰেয়ীক সি ক’ব পৰা নাই। হয়তো নোৱাৰিব।

 ‘এবাৰ এষণাৰ ওচৰলৈ যাবা নেকি? মোৰো কলকাতালৈ যাবলগীয়া আছে... মানে বিশ্বভাৰতীত এখন ছেমিনাৰ আছে।’

সম্ভৱতঃ ● ৩০