পৃষ্ঠা:সম্ভৱতঃ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এষণাৰ পিতৃ, মৈত্ৰেয়ীৰ যৌৱনৰ প্ৰথম পুৰুষ অৰিন্দম তাৰ জ্যেষ্ঠ ভ্ৰাতৃ। মৈত্ৰেয়ীয়ে লাইটৰ চুইচবোৰ অন কৰি দিলে। নীলাভ পোহৰৰ বৰ্ণচ্ছটাবোৰ উজ্জ্বল হালধীয়া ৰঙে গিলি পেলালে। মৈত্ৰেয়ীৰ বিষাদ-গম্ভীৰ উজ্জ্বল মুখখনলৈ পলক নোপেলোৱাকৈ চাই থাকিল সমুদ্ৰই।

 একোঠালী উজ্জ্বল হালধীয়া পোহৰত মমৰ মূৰ্তিৰ দৰে স্থবিৰ হৈ আছে মৈত্ৰেয়ী। তাই জানে, সমুদ্ৰই নাজানে— এই স্থবিৰতাক গতিশীল কৰিব পাৰে কেৱল এটা সত্যই। এষণা সেই সত্যৰ নাম।❐ ❐

সম্ভৱতঃ ● ৩৪