পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৭

ভগৱতী: ঊষা! অচলা ভক্তিত তোৰ তুষ্ট হ’লো মই। যৌৱন-মুগুধা আই মোৰ পাবি তোৰ প্ৰাণৰ বাঞ্ছিত স্বামী, মহাবীৰ মহাযোদ্ধা অনিন্দ্য সুন্দৰ।

 (ভগৱতী অন্তৰ্দ্ধান হয়। ঊষাই সেৱা কৰি মূৰ দোঁৱাই থাকে। এনেতে ঊষাৰ সখীহঁত সন্ধ্যাদীপ হাতত লৈ সোমাই আহে। ৰঙচুৱা পোহৰ পৰি ঊষাৰ মুখত এটি অভিনৱ জেউতি ফুটাই তোলে।)

 


 

দ্বিতীয় দৰ্শন

 (এটা বন পথ। সন্ধ্যা হৈ আন্ধাৰ হৈছে। ৰতি আৰু মদন আহি গীত গাই গাই নাচে।)

গীত

আমি কৰি ফুৰো বিয়াকুল।
(থাকে) নিজৰ য’ত কুল কুল
ফুলৰ পাহিত নিয়ৰ দুল
সখীয়তীৰ মাতে যত বিয়পিছে ইকুল সিকুল।

মদন: মোৰ যে ফুলৰ কাঁৰ।
ৰতি: মোৰ হাতত মধুৰ ভাৰ
দুয়ো: আমাৰ কাষতে চোৱা প্ৰেমিক-প্ৰেমিকা বিয়াকুল।
ৰতি: মোৰ হাতত ফুলৰ ৰেণু।
মদন: মোৰ হাতত কানুৰ বেণু।
দুয়ো: লগৰী লগৰী আমাৰ মতলীয়া মধু পি আকুল।
মদন: এইবাৰ ভগৱতীয়ে বেছ কামটিলৈ পাচিছে।

(এনেতে স্বপদেৱী গীত গাই সোমায়।)