১৬
মধুমতী:
|
আই! মই আৰু তহঁতক সদায় ধৰি থাকিমনে? সখীয়েৰহঁত থাকিব নহয়, কুঁজী থাকিব নহয়।
|
ঊষা:
|
(হাঁহি কুঁজীৰ ফালে কেৰাহিকৈ চাই) কুঁজীবাইক নেলাগে আমাক।
|
কুঁজী:
|
(খঙেৰে) নেলাগিবতো কুঁজীক! কুঁজী ফেদেলীক নালাগে। চিত্ৰলেখাৰ দৰে দীপলিপ কইনা কেখানিনো ক’ত পোৱা? থ মোৰ আই হে? এই কণৰপৰা তুলি-তালি ডাঙৰ কৰিলো, এতিয়া আকৌ নলগা হ’ল, নহয়।
|
(ঊষাহঁতে হাঁহে। চিত্ৰই চকু টিপিয়াই কুঁজীক জোকায়)
ঊষা:
|
বাৰু আই, তুমি মাজে মাজে আহি থাকিবা দেই।
|
চিত্ৰ:
|
ব’লা সখী, আইক আগবঢ়াই থওঁগৈ।
|
ঊষা আৰু সখীবোৰ:
|
ওঁ ব’লা। (সকলো যায়গৈ)
|
(কিছুপৰৰ পিছত ঊষা অকলে কিবা ভাবত বিভোল হৈ আহি বেদী এখনত বহেহি। এনেতে কেইজনীমান সখীয়ে ধূপ-ধূনা দি ঊষাৰ ওচৰতে ধূপৰ পাত্ৰ থৈ গুচি যায়। ঊষা বহি বহি ভগৱতীক ভাবি বিভোল হয়। সন্ধিয়া লাগি আন্ধাৰ হয়। সখীহঁতে তেতিয়াও ঊষাৰ কোঠাত প্ৰদীপ লগাই থৈ যোৱা নাছিল। ঊষা ভক্তিত গদ্গদ্ হৈ কয়।)
ঊষা:
|
আই ভগৱতী! হিয়াৰ গুপুত কামনা-বাসনাবোৰ কাণে কাণে পূৰ্ণ হৈ উথলি পৰিলে। মোৰ শান্ত হিয়া উথলি উঠিছে— কিহবাৰ আবেগত হিয়া বিয়াকুল হৈছে। মাতৃ! মোৰ অন্তৰৰ অতৃপ্ত বাসনা তুমি কেতিয়া পূৰাবা? মোৰ আকুল হিয়া কেতিয়া জুৰাবা আই!
|
(মূৰ দোৱাই সেৱা কৰে। ভক্তিৰ অশ্ৰু দুগালেদি বৈ আহে। এনেতে আন্ধাৰ খোঁটালি পোহৰাই ভগৱতীৰ আবিৰ্ভাৱ হয়। ঊষাই ভগৱতীৰ চৰণত গবা মাৰি ধৰি মূৰ দোঁৱায়।)