শোণিত কুঁৱৰী/দ্বিতীয় অঙ্ক, দ্বিতীয় দৰ্শন

ৱিকিউৎসৰ পৰা

[ ১৭ ]

 

দ্বিতীয় দৰ্শন

 (এটা বন পথ। সন্ধ্যা হৈ আন্ধাৰ হৈছে। ৰতি আৰু মদন আহি গীত গাই গাই নাচে।)

গীত

আমি কৰি ফুৰো বিয়াকুল।
(থাকে) নিজৰ য’ত কুল কুল
ফুলৰ পাহিত নিয়ৰ দুল
সখীয়তীৰ মাতে যত বিয়পিছে ইকুল সিকুল।

মদন: মোৰ যে ফুলৰ কাঁৰ।
ৰতি: মোৰ হাতত মধুৰ ভাৰ
দুয়ো: আমাৰ কাষতে চোৱা প্ৰেমিক-প্ৰেমিকা বিয়াকুল।
ৰতি: মোৰ হাতত ফুলৰ ৰেণু।
মদন: মোৰ হাতত কানুৰ বেণু।
দুয়ো: লগৰী লগৰী আমাৰ মতলীয়া মধু পি আকুল।
মদন: এইবাৰ ভগৱতীয়ে বেছ কামটিলৈ পাচিছে।

(এনেতে স্বপদেৱী গীত গাই সোমায়।)

[ ১৮ ]

গীত

সপোন পাৰৰ মই সপোন কুঁৱৰী।
অমিয়ামাধুৰী মই আনো কুহকিনী
মই যে মায়াবিনী মই যে বিচাৰী॥
হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি।
সুখ দুখ, কত চাওঁ,
হাঁহো মৃদু মৃদু কৰি।

মদন: কিহে, সপোন সখী! পালাহিনেকি? ভগৱতীয়ে তোমাৰ কথাও কৈছিল বোলে, তোমালোক যোৱা, সপোনক মই পঠাই দিম। পিছে সময় হৈছে নহয়নে?
স্বপ্নদেৱী: ওঁ ওঁ, খৰ কৰিব লাগিল, ব’লা। বহু নিশা হৈছে। মই তেন্তে আগবাঢ়ো দেই।
মদন: বাৰু, আমি গৈছো ব’লা।

 (স্বপ্নদেৱী যায়গৈ আৰু মদন-ৰতিয়ে গাই গাই যায়।)

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )