এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় অঙ্ক
প্ৰথম দৰ্শন
(লোহিতৰ পাৰত ঊষাৰ নগৰ। বেলি মাৰ যোৱা সময়। দূৰত অগ্নিগড়ৰ অগ্নিশিখা দেখা গৈছে। ব্ৰহ্মপুত্ৰৰ ক্ষীণ শব্দ আহি কাণত পৰিছে। ওখ অট্টালিকাৰ ওপৰত ঊষা এটা স্তম্ভত আঁউজি আছিল। পত্ৰলেখা, চন্দ্ৰলেখা, মধুলেখা আৰু আন আন সখীসকল নানা ঠাইত বহি কথা-বতৰা পাতি আছিল। ঊষাই একান্ত মনে পশ্চিমৰ ফালে চাই গীত গাইছিল।)
গীত
গুমৰি উঠিছে হিয়া অভিনৱ তানে।
যৌৱনৰ প্ৰথম পুৱাত আজি
ক’ত আছে প্ৰাণৰ আলহী
কোনে কৈয়ে দিব
কোনে জানে।
(এনেতে চিত্ৰলেখাই হাতত বীণ এখন লৈ সোমাই আহে।)
চিত্ৰ: | ইঃ ইঃ! যৌৱনৰ আলহী বিচাৰিছা নেকি হে? মই জানো, মই জানো। (সখীবোৰে হাঁহে)
নেলাগে নেলাগে আৰু এতিয়া আলহী বিচাৰিব, এইফালে আহা |
ঊষা: | মোৰ সৌ নৈৰ পাৰলৈ যাবৰ মন গৈছে ব’লা সখী! তালৈ যাওঁ! |
চিত্ৰ: | ক’লৈ? ভাল কৈছা দেওহে! পিতাৰাই ইয়াত যে তোমাক বন্দী কৰি থৈছে তাক হ’বলা ভুকে পোৱা নাই? |
ঊষা: | কিয়? |
চিত্ৰ: | কিয় পৰ্বতটো যে থিয়? তোমাৰ যোগ্য দৰা নেপাই— মহা দিগ্বিজয় নে দিগগজ্ বীৰ নেপাই! |