চিত্ৰ-পত্ৰহঁত:
|
হয়, আই আছো।
|
ঊষা:
|
(হাঁহি) পিছে, আমাৰ কুঁজী বায়ে সদায় চিঞৰ-বাখৰ কৰি থাকে। (কুঁজীক) উ কুন্ধচ!
|
(ঊষাৰ কথা শুনি কুঁজীয়ে তিনি জাঁপ দি চিঞৰ-বাখৰ কৰি)
ঊষা:
|
ধেমালিহে কুঁজী বাই! ধেমা—
|
কুঁজী:
|
অঁ’ ধেমালিতো। হে মই তোৰ জানো সমনীয়া, তাতে মোৰ লগত যে চুপতিখন কৰ? মোক যে সদায় কুন্ধচ কুন্ধচ কৰ, মইনো কিহত বেয়া? ৰূপতে বেয়া নে গুণতে বেয়া নে কিহত বেয়া? এতিয়াহে বুঢ়ী হ’লো। দাঁত সৰিল, চুলি পকিল, কঁকাল পৰিল;— ডেকেৰী হৈ থকা হ’লে দেখিলিহেঁতেন। এতিয়াহে দেখিছ মোক এনে হেন। বাটৰ মানুহেৰ লাগি চাই গৈছিল। (আটাইখনে হাঁহে।) কেইটা ৰজাৰ ল’ৰাই বিয়া কৰিবলৈ হাবাথুৰি খাই ফুৰিছিল। পিছে, মই জানো তেনে কেটালৈ যাওঁ? এতিয়াহে মোক বোল— যা, যা বুঢ়ী যা।
|
ঊষা:
|
ইহ কুঁজীবাই। বেয়া পোৱানো কিয়? ধেমালিহে কৰিলো।
|
কুঁজী:
|
ধেমালি, যা যা আইহে! কালিৰ ছোৱালীজনী হৈ তই মোক বেয়া দেখিলি ‘নয়’। ইমান দিন মাৰ-বাপেৰৰ লগত থাকিলো কোনেও বেয়া বুলিব নোৱাৰিলে, তোৰ আগতহে হ’লো বেয়া!
|
চিত্ৰ:
|
কুঁজী! তই ৰাৰু বৰ ৰূপহী দে। মনে মনে থাক!
|
(কুঁজীয়ে চিত্ৰৰ ফালে চকু পোন্দাই চায়।
মধুমতী:
|
কুঁজী! মনে মনে থাক। ধেমালিতে লাগিব লাগেনে?
|
(কুঁজীয়ে মনে মনে বোকবোকাই থাকে।)
চিত্ৰ:
|
আই! তুমি আজিয়েই যাবাগৈনেকি?
|
মধুমতী:
|
এৰা আই, আজিয়েই যাম।
|
ঊষা:
|
নহয় আই, আজি নাযাবা। মোৰ বেয়া লাগিব আই! তুমি ইমান দিনৰ মূৰত আহিছা।
|