শোণিত কুঁৱৰী/দ্বিতীয় অঙ্ক, চতুৰ্থ দৰ্শন

ৱিকিউৎসৰ পৰা
[ ২১ ]
 

চতুৰ্থ দৰ্শন

 (ঊষাৰ অস্তেষপুৰৰ এভাগ। চিত্ৰই ঊষাক হাতত ধৰি লৈ আহে। ঊষা বিমনা— বিষাদিনী)।

চিত্ৰ: সখী। নক’লেনো মই কেনেকৈ বুজো তোমাৰ কিটোনো হ’ল। কোৱা কথাবোৰ ভাঙি-পাতি। এইদৰে মৌনব্ৰত ধৰিলে জানো কিবা উপকাৰ হ’ব। আহা এই দলিচাখনিতে বহা। বেছ জুৰ পৰিছে। তোমাৰ কি হ’ল মোৰ আগত ভাঙি পাতি কোৱা।

 (ঊষাক নি দলিচা এখনত বহুৱাই চিত্ৰও এখনত বহে। পত্ৰও বহে)

ঊষা: সখী! তুমি মোৰ কথা শুনিলে মোক বলিয়া বুলিবা, ধেমালি বুলি হাঁহি উৰাই দিবা; কিন্তু ই ধেমালি নহয়— নহয়।
চিত্ৰ: বাৰু নাভাবো। কোৱা। তুমিনো ক’লৈ গ’ল বুলি কাক বিচাৰিছিলা।
ঊষা: কেনেকৈ কওঁ কোন? চিত্ৰসখী তোমালোকতো মোৰ দুখৰ সুখৰ লগৰী। তোমালোকৰ আগতনো মই কি লুকাম। কিন্তু আজি যেন সখী! মোক লাজে খুন্দা মাৰি ধৰিছে। মোৰ আগত যেন কোনোবাই এখনি লাজৰ অৱৰণ দি গৈছে। মই কওঁ কেনেকৈ সখী ই এটা সপোন। ভাবিব নোৱৰা তুমি— কেনে— এখনি সৌন্দৰ্যৰ ছবি।
চিত্ৰ: (অলপ হাঁহি) তাকে নোকোৱা কিয়? তুমি সাপোন দেখি বলিয়া হৈছা।
পত্ৰ: এ, সাপোনহে, মই আকৌ বেলো কি হ’ল— সপোন দেখিনো তুমি এনে হ’ব পোৱানে? কিনো দেখিলা সপোনত?
চিত্ৰ: অঁ, অঁ, মই অলপ বুজিছো। তুমি কোনোবা মহাবীৰ দিগ্‌গজক সপোনত দেখিলানেকি?
উষা: (লাজ কৰি) তুমিতো—
[ ২২ ]
চিত্ৰ: অঁ বেছ বেছ। কোৱা কাক দেখিলা? মোৰ মন বৰ উৎসুক হৈছে। কোৱা, কোৱা।
পত্ৰ: পিছেনো সপোনেই যদি, সপোনতে কাৰোবাক দেখিছা যদি এইদৰে বাৰু বলিয়া হ’ব লাগেনে?
ঊষা: অৱশ্যে সপোনত দেখিছো। সেই সুন্দৰ অনুপম মূৰ্তি সপোনতে উটি আহিছিল, আকৌ সপোনতে উটি গ’ল— কিন্তু থৈ গ’ল এটি অঙ্গস্পৰ্শনৰ আনন্দ— সৌন্দৰ্যৰ মোহ, যৌৱনৰ লালসা, প্ৰণয়ৰ অদম্য হেঁপাহ। তেওঁ কোন, তেওঁ ক’ৰ মই ক’ব নোৱাৰো। কিন্তু তেওঁ মোৰেই, মই তেওঁৰ; ই সপোনেই হওক বা দিঠকেই হওক। প্ৰথমেই তেওঁ মোৰ অঙ্গ স্পৰ্শ কৰিছে, তেওঁক মই হৃদয়ত ঠাই দিছো।
চিত্ৰ: বৰ আচৰিত দিয়া। সপোনত দৰ্শন পাই এনে হোৱাটো মই কেতিয়াও দেখা নাই, শুনা নাই। কোন ক’ৰ একো নাজানি তুমি আত্মসমৰ্পণ কৰিলা। বৰ অদ্ভুত।
পত্ৰ: বাৰু, তোমাৰ সপোনটো কোৱাচোন?
চিত্ৰ: অঁ, কোৱাচোন শুনো।
ঊষা: বাৰু কওঁ, কিন্তু নাহাঁহিবা দেই। ৰাতি মই সাৰ পাইছিলো নে কি জানো! এটি অনিন্দ্যসুন্দৰ যুৱক মোৰ শয্যাত বহি মোৰ ফালে চাই হাঁহি। (চিত্ৰই হাঁহি দিয়ে) যোৱাঃ, নকওঁ।
চিত্ৰ: নহয়, নহয়, নাহাঁহো বাৰু।

(আকৌ হাঁহে।)

পত্ৰ: কি হে হাঁহি থাকা? তেওঁক ক’বলৈ নিদিয়া কিয়?
চিত্ৰ: বাৰু নাহাঁহো কোৱা।

(গম্ভীৰ হয়।)

ঊষা: তাৰ পিছত—
চিত্ৰ: তাৰ পিছত তুমি, তেওঁলৈ চালা। তেওঁক বৰ ভাল পালা। তেওঁক আকোৱালি ধৰিলা।
ঊষা: যোৱা কি ধেমালি কৰা। সখী! তুমি মোৰ সতে ধেমালি [ ২৩ ] কৰিবানেকি? তেওঁৰ বিনে মই আৰু কাকো ভাল নাপাওঁ। মোৰ জীৱনৰ তেৱেঁই একমাত্ৰ দেৱতা। সখী— ধেমালি নহয়।

(আনফলে মুখ কৰি বিমনা হয়।)

চিত্ৰ: (পত্ৰক) হাঁহি-ধেমালিকৈ উৰাই দিম বুলিছিলো; পিছে মিছা।

(উষাক) সখী! তুমি বেজাৰ নকৰিবা মই তেওঁক আনি দিম।

ঊষা: আনি দিবা— আনি দিবা— (চিত্ৰক সাবটি ধৰে।)
চিত্ৰ: (ভাবি) আনি দিম। পিছে কেনেকৈ? বাৰু, এটা কথা কৰো। এইদৰে উলিয়াব নোৱাৰিলে আন উপায় নাই, অৱশ্যে তোমাৰ সপোনৰ তেওঁ যদি সঁচাকৈয়ে আছে।
ঊষা: কি? কেনেকৈ?
চিত্ৰ: মই তিনিও ভুৱনত যতবোৰ বিখ্যাত ৰাজবংশ আছে সকলোৰে কুমাৰসকলক মোৰ পটত আঁকি যাম। তোমাৰ তেওঁৰ মুখৰ গঢ় ভালকৈ মনত আছে নহয়?
ঊষা: আছে সখী! আছে। তেওঁৰ সেই মুখখনি মোৰ হিয়াত চাব খাই আছে। সি আৰু মোচ নাখায়।
চিত্ৰ: বাৰু পত্ৰ যোৱাচোন তেন্তে। ভুজপত্ৰ কিছুমান আৰু মোৰ লিখনী আৰু বৰণবোৰ লৈ আহাগৈ।
পত্ৰ: বাৰু তোমাৰ তাতে আছে নহয়? (পত্ৰ আনিবলৈ যায়)
চিত্ৰ: ওঁ
চিত্ৰ: বুজিছা সখী। মই এতিয়া দেৱত-দানৱ গন্ধৰ্ব কিন্নৰ মানৱ সকলোৰে কুমাৰসকলক পটত তুলি যাম। মই সকলোকে জানো। যদি তেওঁ সঁচাকৈয়ে আছে তেন্তে ইয়াৰ ভিতৰত নোলাই নেথাকে কিন্তু, মই তোমাৰ ঘটনাটো বৰ আচৰিত পাইছো।
ঊষা: সখী মই—
চিত্ৰ: মই বুজিছো। (এনেতে পত্ৰই সেইবোৰ লৈ আহে) আনিলা, দিয়া। (চিত্ৰই সেইবোৰ লৈ আঁকিবলৈ প্ৰস্তুত হয়। ঊষা আৰু পত্ৰ একান্ত মনে চায়।
[ ২৪ ]
চিত্ৰ: ভগৱতীক সেৱা জনাই মই হাতত লিখনী ল’লো। (আঁকে)

চোৱা সখী! দেৱতাৰ
কুমাৰসকল— ৰূপৱান
বীৰ্যৱান। দৰ্শনতে
জগতৰ যৌৱন চঞ্চল

ঊষা: (মুখ আনফালে নি) ওঁহো, নাই।
চিত্ৰ: (আঁকি) এই চোৱা গন্ধৰ্ব কিন্নৰ,

নৃত্যগীত বিশাৰদ
কুমাৰসকল।

ঊষা: ওঁহো নাই। ইয়াতকৈও সুন্দৰ সখী!
চিত্ৰ: (আঁকে) চোৱা সখী দৈত্যকুল

উজ্বলাই আছে এই
মহাযোদ্ধা কুমাৰসকলে।
আছেনে প্ৰাণ প্ৰিয়
ইয়াৰ মাজত?

ঊষা: নাই সখী! নাই।
চিত্ৰ: তেন্তেতো সকলো শেষ। কেৱল মানৱৰ কুমাৰ সকল থাকিলগৈ। তাৰ ভিতৰতে এইজনৰ পট চোৱা।

(শ্ৰীকৃষ্ণক আঁকিবলৈ আৰম্ভ কৰে।)

যাৰ বেণু ৰৱ শুনি
গকুলৰ সদউ গোপিকা
ঘৰবাৰী এৰি মতলীয়া,
পটত তুলিলো সেই
মোহন কলিয়া।

(অঁকা শেষ।)

ঊষা: (বৰ উৎসুক হৈ চাই) সখী সখী— অ’ নহয়, কিন্তু প্ৰা প্ৰায়।
চিত্ৰ: ভগৱতী! ৰবা সখী! মোৰ বুকুখন বৰকৈ ধপ্ ধপাইছে। আই মাতৃ! (আঁকিব খোজে। ঊষাই বৰ ব্যগ্ৰ হৈ চায়।)
[ ২৫ ]

চাবা সখী। মদনৰ
আলসুৱা সন্তান ৰতন,
অনিৰুদ্ধ নাতি শ্ৰীকৃষ্ণৰ

 (অনিৰুদ্ধৰ মূৰ্তি আঁকিবলৈ ধৰে। যিমান ফুটি উঠে, ঊষা তিমান চঞ্চল হৈ যায়। লাহে লাহে অঁকা শেষ হয়।)

উষা: সখী— সখী— এৱেঁই— এৱেঁই।

 (ৰঙা পৰি যায়। আৰু পিছ মুহূৰ্ততে ওৰণিৰে মুখ লুকুৱায়)

চিত্ৰ: (হাঁহি) ধৰা পৰিলা। মোৰ আনন্দ। আজি মোৰ জীৱন সাৰ্থক, চিত্ৰলেখা নাম সাৰ্থক। মোৰ ইমান দিনৰ সাধনা সফল। সখী। মোৰ এপাক নাচি পেলাবৰ মন গৈছে।

সখী, ভাগ্যৱতী তুমি।
মদনমোহন এই প্ৰদ্যুম্ন কুমাৰ।
মহাবীৰ মহাযোদ্ধা মহা বীৰ্যৱান।
সমতুল্য নাই কোনো এই কোঁৱৰৰ
ৰূপত ভুবন জিনা শ্ৰীকৃষ্ণৰ
নুমলীয়া নাতি; পোহৰাই
আছে সখী দ্বাৰকাৰ ৰাজ-
প্ৰাসাদত,— মাৰ যায় য’ত বেলি;
সিন্ধুৰ বুকুত—
শোণিতৰ পছিম দিশত

ঊষা: (ওৰণি অলপ গুচাই) সখী!
চিত্ৰ: এঁ এঁ নিদিওঁ।

 (পটখন মুখৰ আগত দাঙি ধৰে। ঊষাই পটখন থাপ মাৰি লৈ উঠি যাব খোজে। চিত্ৰই ধৰি ৰাখে। চিত্ৰ আৰু পত্ৰই হাঁহিবলৈ ধৰে।)

পত্ৰ: কি সখী হয়নে?
ঊষা: হয় সখী, হয়

 (পটখন চুমা খায় তাৰ পিছত একে থিৰে পটখনলৈ চাই থাকে।) [ ২৬ ]

সখী: তুমি আনি দিম বুলিছিনা নহয়, এতিয়া মোক আনি দিয়া। চিত্ৰ সখী! জানিবা এওঁৰ বিনে মোৰ আন গতি নাই। যদিহে সঁচাকৈয়ে মোলৈ তোমাৰ মৰম আছে, তেন্তে সখী উপায় কৰা।
চিত্ৰ: অৱশ্যে ভাবিবলগীয়া কথা, এওঁক অনাটোতো সামান্য কথা নহয়।
ঊষা: চিত্ৰ সখী! এওঁৰ বিনে মোৰ জীৱন মিছা।
চিত্ৰ: তেন্তে উপায়?
ঊষা: উপায় কৰা।
চিত্ৰ: (ভাবি) তেন্তে মই এবাৰ নিজে এওঁৰ ওচৰলৈ যাব লাগিব, মোৰ মায়া-কৌশল সকলো খটাই চেষ্টা কৰো।
ঊষা: ওলোৱা তেন্তে সখী। যোৱা, এওঁক লৈ অহাগৈ। সখী!
চিত্ৰ: তুমি ইমান অধৈৰ্য হৈছা কিয়? তেন্তে মই এতিয়াই যাব লাগিবনেকি?
ঊষা: সখী, আজিয়েই যোৱা। মোৰ বুকুত হাত দি চোৱা, মোৰ হিয়া পুৰিব লাগিছে।
চিত্ৰ: বৰু তেন্তে। তুমি বহা। মই সাজি-পাৰি ওলাই আহোগৈ। পত্ৰ! তুমি এটা গীত গোৱা, এওঁৰ মনটো ভাল লাগিব।
পত্ৰ: বাৰু, মই গীত গাও দিয়া। তুমি যোৱা। (চিত্ৰ যায়গৈ।)
পত্ৰ: তুমি এনেকৈ বেজাৰ কৰি নাথাকিবা, আমাৰ বেয়া লাগে নহয়! মই গীত এটা গাও শুনা।
ঊষা: অ’ বাৰু গোৱা। (পত্ৰই চকুৰে হাঁহি গায়।)

গীত

আমাৰে সখীয়া আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই,
সপোনত কোঁৱৰে আহুদি আনিলে
মতলীয়া সখী খাই!

[ ২৭ ]

দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই
ফাগুনৰ বতাহে গাতে ছাটি মাৰে—
গাতে ছাটি মাৰি যায়।
(হাঁহি) চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
সখীয়াৰে গাতে উৱাদিহ নাই।

 (চোঁৱৰী বেশেৰে হাতত ঘোঁৰা-কোবোৱা চোঁৱৰ লৈ আঁঠুমুৰীয়া চুটি ফুলাম পাতলিৰ মেখেলা, কঁকালত টঙালি বান্ধি চিত্ৰ সোমাই আহে।)

পত্ৰ: ই! সখী দেখোন একেবাৰে চোঁৱৰী হ’লা। সঁচাকৈয়ে যাবা নেকি?
চিত্ৰ: কি, যাব নালাগেনেকি?
ঊষা: কিয় যাব নেলাগিব! যাব লাগিব।
চিত্ৰ: নিশ্চয় যাম। ভয় নকৰিবা। সখী! সময় নিচেই কম; মই খৰধৰ কৰি যাব লাগিব। কিন্তু যোৱাৰ আগতে তোমাক মই কেটামান কথা কৈ যাওঁ। মই চন্দ্ৰ সূৰ্য সাক্ষীকৈ ক’লো, যদি কুমাৰক আনিব নোৱাৰো, ময়ো আৰু উলটি নাহো। ঊষা সখী! (উষাক সাৱটি ধৰি) সখী বেজাৰ নকৰিবা। ধৈৰ্য ধৰি থাকা। পত্ৰ তোমাৰ সৈতে আছেই। আনৰ আগত এতিয়া এইবোৰ কথা নক’বা। তুমি মোৰ কাৰণে বেজাৰ নকৰিবা। মোক এতিয়া বিদায় দিয়া সখী! (ঊষাক চুমা খাই) থাকিব আৰু এতিয়া পত্ৰ। যাওঁ দেই। (যাব ধৰে)
ঊষা: সখী! সখী! মোৰ প্ৰাণে যে সখী ৰবা ৰবা, নাযাবা। নহয়, যোৱা যোৱা।

 (পত্ৰৰ ডিঙিত সাবটি ধৰি কান্দে। চিত্ৰই দুখোজমান গৈ উভতি ৰয়; আকৌ খোজ দিব খোজে।)

 

আঁৰ-কাপোৰ

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )