|
কৰিবানেকি? তেওঁৰ বিনে মই আৰু কাকো ভাল নাপাওঁ। মোৰ জীৱনৰ তেৱেঁই একমাত্ৰ দেৱতা। সখী— ধেমালি নহয়।
|
(আনফলে মুখ কৰি বিমনা হয়।)
চিত্ৰ:
|
(পত্ৰক) হাঁহি-ধেমালিকৈ উৰাই দিম বুলিছিলো; পিছে মিছা।
(উষাক) সখী! তুমি বেজাৰ নকৰিবা মই তেওঁক আনি দিম।
|
ঊষা:
|
আনি দিবা— আনি দিবা— (চিত্ৰক সাবটি ধৰে।)
|
চিত্ৰ:
|
(ভাবি) আনি দিম। পিছে কেনেকৈ? বাৰু, এটা কথা কৰো। এইদৰে উলিয়াব নোৱাৰিলে আন উপায় নাই, অৱশ্যে তোমাৰ সপোনৰ তেওঁ যদি সঁচাকৈয়ে আছে।
|
চিত্ৰ:
|
মই তিনিও ভুৱনত যতবোৰ বিখ্যাত ৰাজবংশ আছে সকলোৰে কুমাৰসকলক মোৰ পটত আঁকি যাম। তোমাৰ তেওঁৰ মুখৰ গঢ় ভালকৈ মনত আছে নহয়?
|
ঊষা:
|
আছে সখী! আছে। তেওঁৰ সেই মুখখনি মোৰ হিয়াত চাব খাই আছে। সি আৰু মোচ নাখায়।
|
চিত্ৰ:
|
বাৰু পত্ৰ যোৱাচোন তেন্তে। ভুজপত্ৰ কিছুমান আৰু মোৰ লিখনী আৰু বৰণবোৰ লৈ আহাগৈ।
|
পত্ৰ:
|
বাৰু তোমাৰ তাতে আছে নহয়? (পত্ৰ আনিবলৈ যায়)
|
চিত্ৰ:
|
বুজিছা সখী। মই এতিয়া দেৱত-দানৱ গন্ধৰ্ব কিন্নৰ মানৱ সকলোৰে কুমাৰসকলক পটত তুলি যাম। মই সকলোকে জানো। যদি তেওঁ সঁচাকৈয়ে আছে তেন্তে ইয়াৰ ভিতৰত নোলাই নেথাকে কিন্তু, মই তোমাৰ ঘটনাটো বৰ আচৰিত পাইছো।
|
চিত্ৰ:
|
মই বুজিছো। (এনেতে পত্ৰই সেইবোৰ লৈ আহে) আনিলা, দিয়া। (চিত্ৰই সেইবোৰ লৈ আঁকিবলৈ প্ৰস্তুত হয়। ঊষা আৰু পত্ৰ একান্ত মনে চায়।
|