পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চতুৰ্থ দৰ্শন

 (ঊষাৰ অস্তেষপুৰৰ এভাগ। চিত্ৰই ঊষাক হাতত ধৰি লৈ আহে। ঊষা বিমনা— বিষাদিনী)।

চিত্ৰ: সখী। নক’লেনো মই কেনেকৈ বুজো তোমাৰ কিটোনো হ’ল। কোৱা কথাবোৰ ভাঙি-পাতি। এইদৰে মৌনব্ৰত ধৰিলে জানো কিবা উপকাৰ হ’ব। আহা এই দলিচাখনিতে বহা। বেছ জুৰ পৰিছে। তোমাৰ কি হ’ল মোৰ আগত ভাঙি পাতি কোৱা।

 (ঊষাক নি দলিচা এখনত বহুৱাই চিত্ৰও এখনত বহে। পত্ৰও বহে)

ঊষা: সখী! তুমি মোৰ কথা শুনিলে মোক বলিয়া বুলিবা, ধেমালি বুলি হাঁহি উৰাই দিবা; কিন্তু ই ধেমালি নহয়— নহয়।
চিত্ৰ: বাৰু নাভাবো। কোৱা। তুমিনো ক’লৈ গ’ল বুলি কাক বিচাৰিছিলা।
ঊষা: কেনেকৈ কওঁ কোন? চিত্ৰসখী তোমালোকতো মোৰ দুখৰ সুখৰ লগৰী। তোমালোকৰ আগতনো মই কি লুকাম। কিন্তু আজি যেন সখী! মোক লাজে খুন্দা মাৰি ধৰিছে। মোৰ আগত যেন কোনোবাই এখনি লাজৰ অৱৰণ দি গৈছে। মই কওঁ কেনেকৈ সখী ই এটা সপোন। ভাবিব নোৱৰা তুমি— কেনে— এখনি সৌন্দৰ্যৰ ছবি।
চিত্ৰ: (অলপ হাঁহি) তাকে নোকোৱা কিয়? তুমি সাপোন দেখি বলিয়া হৈছা।
পত্ৰ: এ, সাপোনহে, মই আকৌ বেলো কি হ’ল— সপোন দেখিনো তুমি এনে হ’ব পোৱানে? কিনো দেখিলা সপোনত?
চিত্ৰ: অঁ, অঁ, মই অলপ বুজিছো। তুমি কোনোবা মহাবীৰ দিগ্‌গজক সপোনত দেখিলানেকি?
উষা: (লাজ কৰি) তুমিতো—