এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই
ফাগুনৰ বতাহে গাতে ছাটি মাৰে—
গাতে ছাটি মাৰি যায়।
(হাঁহি) চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
সখীয়াৰে গাতে উৱাদিহ নাই।
(চোঁৱৰী বেশেৰে হাতত ঘোঁৰা-কোবোৱা চোঁৱৰ লৈ আঁঠুমুৰীয়া চুটি ফুলাম পাতলিৰ মেখেলা, কঁকালত টঙালি বান্ধি চিত্ৰ সোমাই আহে।)
পত্ৰ: | ই! সখী দেখোন একেবাৰে চোঁৱৰী হ’লা। সঁচাকৈয়ে যাবা নেকি? |
চিত্ৰ: | কি, যাব নালাগেনেকি? |
ঊষা: | কিয় যাব নেলাগিব! যাব লাগিব। |
চিত্ৰ: | নিশ্চয় যাম। ভয় নকৰিবা। সখী! সময় নিচেই কম; মই খৰধৰ কৰি যাব লাগিব। কিন্তু যোৱাৰ আগতে তোমাক মই কেটামান কথা কৈ যাওঁ। মই চন্দ্ৰ সূৰ্য সাক্ষীকৈ ক’লো, যদি কুমাৰক আনিব নোৱাৰো, ময়ো আৰু উলটি নাহো। ঊষা সখী! (উষাক সাৱটি ধৰি) সখী বেজাৰ নকৰিবা। ধৈৰ্য ধৰি থাকা। পত্ৰ তোমাৰ সৈতে আছেই। আনৰ আগত এতিয়া এইবোৰ কথা নক’বা। তুমি মোৰ কাৰণে বেজাৰ নকৰিবা। মোক এতিয়া বিদায় দিয়া সখী! (ঊষাক চুমা খাই) থাকিব আৰু এতিয়া পত্ৰ। যাওঁ দেই। (যাব ধৰে) |
ঊষা: | সখী! সখী! মোৰ প্ৰাণে যে সখী ৰবা ৰবা, নাযাবা। নহয়, যোৱা যোৱা। |
(পত্ৰৰ ডিঙিত সাবটি ধৰি কান্দে। চিত্ৰই দুখোজমান গৈ উভতি ৰয়; আকৌ খোজ দিব খোজে।)
আঁৰ-কাপোৰ