এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
চিত্ৰ: | অঁ বেছ বেছ। কোৱা কাক দেখিলা? মোৰ মন বৰ উৎসুক হৈছে। কোৱা, কোৱা। |
পত্ৰ: | পিছেনো সপোনেই যদি, সপোনতে কাৰোবাক দেখিছা যদি এইদৰে বাৰু বলিয়া হ’ব লাগেনে? |
ঊষা: | অৱশ্যে সপোনত দেখিছো। সেই সুন্দৰ অনুপম মূৰ্তি সপোনতে উটি আহিছিল, আকৌ সপোনতে উটি গ’ল— কিন্তু থৈ গ’ল এটি অঙ্গস্পৰ্শনৰ আনন্দ— সৌন্দৰ্যৰ মোহ, যৌৱনৰ লালসা, প্ৰণয়ৰ অদম্য হেঁপাহ। তেওঁ কোন, তেওঁ ক’ৰ মই ক’ব নোৱাৰো। কিন্তু তেওঁ মোৰেই, মই তেওঁৰ; ই সপোনেই হওক বা দিঠকেই হওক। প্ৰথমেই তেওঁ মোৰ অঙ্গ স্পৰ্শ কৰিছে, তেওঁক মই হৃদয়ত ঠাই দিছো। |
চিত্ৰ: | বৰ আচৰিত দিয়া। সপোনত দৰ্শন পাই এনে হোৱাটো মই কেতিয়াও দেখা নাই, শুনা নাই। কোন ক’ৰ একো নাজানি তুমি আত্মসমৰ্পণ কৰিলা। বৰ অদ্ভুত। |
পত্ৰ: | বাৰু, তোমাৰ সপোনটো কোৱাচোন? |
চিত্ৰ: | অঁ, কোৱাচোন শুনো। |
ঊষা: | বাৰু কওঁ, কিন্তু নাহাঁহিবা দেই। ৰাতি মই সাৰ পাইছিলো নে কি জানো! এটি অনিন্দ্যসুন্দৰ যুৱক মোৰ শয্যাত বহি মোৰ ফালে চাই হাঁহি। (চিত্ৰই হাঁহি দিয়ে) যোৱাঃ, নকওঁ। |
চিত্ৰ: | নহয়, নহয়, নাহাঁহো বাৰু। |
(আকৌ হাঁহে।)
পত্ৰ: | কি হে হাঁহি থাকা? তেওঁক ক’বলৈ নিদিয়া কিয়? |
চিত্ৰ: | বাৰু নাহাঁহো কোৱা। |
(গম্ভীৰ হয়।)
ঊষা: | তাৰ পিছত— |
চিত্ৰ: | তাৰ পিছত তুমি, তেওঁলৈ চালা। তেওঁক বৰ ভাল পালা। তেওঁক আকোৱালি ধৰিলা। |
ঊষা: | যোৱা কি ধেমালি কৰা। সখী! তুমি মোৰ সতে ধেমালি |