শোণিত কুঁৱৰী/দ্বিতীয় অঙ্ক, তৃতীয় দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ১৮ ]

 

তৃতীয় দৰ্শন

 (ঊষাৰ শয়ন মন্দিৰ। পালঙ্কত ঊষা টোপনিত। গৱাক্ষ এখন মুকলি হৈ আছিল। সেইফালেদি আকাশত তৰাবোৰ তিৰ বিৰাই জ্বলি থকা দেখা গৈছিল। মদন-ৰতিয়ে সেইফালেদি ঊষালৈ চাই ফুলশৰ মাৰিবলৈ চুপি আছিল। স্বপ্নদেৱী লাহে লাহে আৱিৰ্ভাৰ হয়। ঊষাৰ ফালে একান্ত মনেৰে চায়।)

স্বপ্নদেৱী: ইমান সুন্দৰী, ইমান ৰূপহী তুমি ঊষা! আন্ধাৰ কোঠালি পোহৰাই যেন এটি ৰূপৰ বন্তি জ্বলিহে আছে। সৌন্দৰ্যদেৱী! তুমি তোমাৰ ৰূপৰ আকৰ তেনেই উবুৰিয়াই ইয়াতে ঢালি দিলাহিনেকি। ঊষা! তুমিতো অকলে শুই থকা নাই! তোমাৰ সৈতে শত সুন্দৰীৰ সৌন্দৰ্য, শত যৌৱনমুগ্ধা ৰূপহীৰ কামনা, শত প্ৰেমিকাৰ আকুল আবেগ, শত যুৱতীৰ [ ১৯ ] মিলনবাসনা নিচুক হৈ কোনোবা নজনা-নিচিনা দেশৰ প্ৰাণৰ অতিথিলৈ প্ৰতীক্ষা কৰিছে। সৌৱা মই দেখিব লাগিছো, তোমাৰ মিলন-বাসনা তীব্ৰ চকু-যুৰিৰে, সৌৱা যৌৱন-মতলীয়া দেহ কাৰোবাৰ পৰশ পাবলৈ উত্ৰাৱল, সৌৱা তোমাৰ প্ৰেম কাৰোবাক আৱৰি ল’বলৈ দুকুল ভৰি উপচি পৰিছে। তোমাৰ হৃদয় কোনোবা সুন্দৰৰ প্ৰতীক্ষাত উজাগৰে থাকি বিনাব লাগিছে। ঊষা, আজি তোমাৰ সেই চিৰবাঞ্ছিতজন চিৰপ্ৰতীক্ষাৰ নজনা দেশৰ নিচিনা লোকৰ অচেতন মানসমূ্ৰ্তিটি মোৰ যাদুৰ পৰশত সজীৱ হৈ উঠক। যৌৱন-যামিনীৰ সোণালী সপোন দিঠকত পৰিণত হওক।

 (অনিৰুদ্ধৰ ছায়ামূৰ্তি অস্পষ্টভাৱে ওলাই আহে। লাহে লাহে অনিৰুদ্ধৰ মূৰ্তি স্পষ্ট হৈ জিলিকি উঠে, মিচিকিয়াই হাঁহি হাঁহি অনিৰুদ্ধৰ ছায়ামূৰ্তিয়ে ঊষালৈ একান্তমনে চাই ভোল যায়। এবাৰ মুখ ঊষাৰ ওচৰলৈ লৈ যায়, আকৌ আঁতৰাই নিয়ে। ঊষাই টোপনিত অনিৰুদ্ধৰ ছায়ামূৰ্তিক সাবটিবলৈ যায়। অনিৰুদ্ধৰ ছায়ামূৰ্তিয়ে হাঁহি হাঁহি পালঙ্কত আঁঠুপাতি বহি ঊষাক সাবটি ধৰি চুমা খায়। মদনৰ ফুলৰ শৰ দুয়োৰে গাত পৰেহি। টোপনিত ঊষা কিবা এটা আবেগ স্পন্দনত কঁপি উঠে। অনিৰুদ্ধৰ ছায়ামূৰ্তি হাঁহি হাঁহি ঊষাৰ ফালে চাই চাই আঁতৰি যায়। ঊষাই হাত মেলি সাবটিবলৈ ৰৈ থাকে। আৰু দূৰলৈ যায়। ঊষাই পালঙ্কত আঁঠুপাতি বহি হাত মেলি ধৰিবলৈ ৰৈ থাকে। ৰাতিপুৱায়া পুৱঁতীৰ প্ৰথম সূৰ্যৰ কিৰণৰ এটা ক্ষীণ আলোকৰেখা ঊষাৰ গাত পৰেহি। ছায়ামূৰ্তি নাইকিয়া হয়। স্বপ্নদেৱী ৰতি মদন সকলো অন্তৰ্দ্ধান হয়। ঊষা অলপ সজাগ হয়। অলোক ৰেখাৰ ফালে চাই আকৌ বিমনা হয়।)

ঊষা: (হাত মেলি আলোক ৰেখা চুই চুই) ক’তা?— ক’লৈ গ’ল? এইপিনেই গুচি গ’লগৈ কিয়? এয়া সৌন্দৰ্যবোৰ [ ২০ ] এইফালে পৰি পৰি গ’ল।— আহা। আকৌ আহা।— ৰূপৰাশি লৈ মধুৰ চাৱনি লৈ— কোমল— আহা, আহা— মই যে চিৰপ্ৰতীক্ষাত সেই মৌ-নিজৰা— দুখনি মোৰ ওঁঠত— নিপোটল গাল দুখনি— আহা মোৰ এই দুকুল উপচি পৰা বুকুত বুকুখনি ক’লৈ গ’ল! মোৰ সোৱাদ নৌ লওঁতেই— প্ৰণয়ে আৱৰি ধৰোতেই। ক’লৈ গুচি গ’ল— মোৰ উৰুঙা কৰি চিৰবাঞ্ছিত অনিন্দ্য সুন্দৰ! হিয়াতে গুমৰি থকা পৰিপূৰ্ণ বাসনাত অপূৰ্ণতা থৈ!!

 (ঊষাৰ বিননি শুনি চিত্ৰলেখাই আনটো কোঠাৰপৰা চকু মোহাৰি মোহাৰি লৰি সোমাই আহে। চিত্ৰৰ ৰিহা মাটিত চুচৰি আহে, চুলিবোৰ আউলি-বাউলি হৈ থাকে। ঊষাৰ বাহুত ধৰি।)

চিত্ৰ: সখী, সখী, কি হ’ল? কি?
ঊষা: (ঊষাই চক্ খাই চিত্ৰৰফালে চাই) ক’লৈ গ’ল? ক’ত থলা? ক’ত লুকুৱালা? কোৱা— কোৱা চিত্ৰসখী— কোৱা— কোৱা!
চিত্ৰ: কোন? কোন? কাৰ কথা কৈছা?

(আচৰিত হয়)

ঊষা: কোৱা সখী! মই সহিব নোৱাৰো। আনি দিয়া। ক’ত লুকুৱালা— এইপিনে সখী— এইপিনে— গুচি গ’ল? নাই যোৱা।— আছে, আছে। ক’ত আছে? কোৱা? কোৱা? সখী, সখী, মোৰ কি হ’ল? কি হ’ল? কি হ’ল?
চিত্ৰ: (বৰ আচৰিত হৈ) কোন? কোন?
ঊষা: নোকোৱা?— কোৱা, কোৱা? কোনপিনে সখী— চোৱা চোৱা— কোনপিনে সখী, কোনপিনে???

 (চিত্ৰক গবা মাৰি ধৰি মুখলৈ আকুল হৈ চাই থাকে। চিত্ৰই আচৰিত হৈ বুজিব নোৱাৰি ঊষাৰ মুখলৈ চাই থাকে।)

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )