এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
চাবা সখী। মদনৰ
আলসুৱা সন্তান ৰতন,
অনিৰুদ্ধ নাতি শ্ৰীকৃষ্ণৰ
(অনিৰুদ্ধৰ মূৰ্তি আঁকিবলৈ ধৰে। যিমান ফুটি উঠে, ঊষা তিমান চঞ্চল হৈ যায়। লাহে লাহে অঁকা শেষ হয়।)
উষা: | সখী— সখী— এৱেঁই— এৱেঁই। |
(ৰঙা পৰি যায়। আৰু পিছ মুহূৰ্ততে ওৰণিৰে মুখ লুকুৱায়)
চিত্ৰ: | (হাঁহি) ধৰা পৰিলা। মোৰ আনন্দ। আজি মোৰ জীৱন সাৰ্থক, চিত্ৰলেখা নাম সাৰ্থক। মোৰ ইমান দিনৰ সাধনা সফল। সখী। মোৰ এপাক নাচি পেলাবৰ মন গৈছে। |
সখী, ভাগ্যৱতী তুমি।
মদনমোহন এই প্ৰদ্যুম্ন কুমাৰ।
মহাবীৰ মহাযোদ্ধা মহা বীৰ্যৱান।
সমতুল্য নাই কোনো এই কোঁৱৰৰ
ৰূপত ভুবন জিনা শ্ৰীকৃষ্ণৰ
নুমলীয়া নাতি; পোহৰাই
আছে সখী দ্বাৰকাৰ ৰাজ-
প্ৰাসাদত,— মাৰ যায় য’ত বেলি;
সিন্ধুৰ বুকুত—
শোণিতৰ পছিম দিশত
ঊষা: | (ওৰণি অলপ গুচাই) সখী! |
চিত্ৰ: | এঁ এঁ নিদিওঁ। |
(পটখন মুখৰ আগত দাঙি ধৰে। ঊষাই পটখন থাপ মাৰি লৈ উঠি যাব খোজে। চিত্ৰই ধৰি ৰাখে। চিত্ৰ আৰু পত্ৰই হাঁহিবলৈ ধৰে।)
পত্ৰ: | কি সখী হয়নে? |
ঊষা: | হয় সখী, হয় |
(পটখন চুমা খায় তাৰ পিছত একে থিৰে পটখনলৈ চাই থাকে।)