শিল্পীসত্ত্বা
[ ২ ]
শিল্পী সত্ত্বা
‘SILPI SATTA’
অৰূপ শইকীয়া
Arup Saikia
প্ৰথম প্ৰকাশঃ
৩০ নৱেম্বৰ ২০২০
প্ৰকাশক
শ্ৰীগুঞ্জন কাকতি
অক্ষৰ বিন্যাস
শ্ৰীদিপজ্যোতি কলিতা, গ্ৰাফিকা
শোণিতপুৰ, অসম
কবি পৰিচয়
(About the poet)
অৰূপ শইকীয়া ৰাজ্যখনৰ এজন আগ শাৰীৰ সাংস্কৃতিক কৰ্মী তথা কবি। অসমৰ পৰা পোন প্ৰথমবাৰৰ কাৰনে তেখেতৰ নিদেৰ্শনা, অনুবাদ আৰু অভিনয়ৰে ইংৰাজী ভাষাত ভাওনা দেশ আৰু বিদেশতো অনুষ্ঠিত কৰিছিল। সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তেখেতে কেইবাটাও মননশীল কবিতা ইতিমধ্যে প্ৰকাশ কৰিছে। তেনেধৰণৰ কবিতাৰ সংকলনেই হৈছে “শিল্পী সত্ত্বা” নামৰ কবিতা পুঠিখন।
Arup Saikia is a performing artist, poet and cultural enthusiast. He has performed Assamese traditional BHAONA in English for the first time from Assam in various parts of world under his directorship, as actor and translator also. Moreover wrote many Poetry on diverse present & past social scenarios.
'SILPI SATTA' (essence of artist), : A collection of Poetry written by Arup Saikia based on present perspective of socio-political and personal thinking of human beings. This book is one kind of symbolic expression of human thoughts in various periods of life including depression, expectation from romanticism, nature and revolutionary zeal with holistic approach to everyone-subsequent conflict with rulers, companions, beloved one etc. 'SILPI SATTA’ is mirror of conscience.
[ ৪ ] সূচীপত্ৰ
১) শিল্পী সত্ত্বা
২) মই এজন কবি
৩) অভিনৱ শংকৰদেৱ
৪) অসমীয়াৰ চেতনা
৫) আৰতি
৬) যাত্ৰা
৭) প্লাৱন
৮) বিপ্লৱৰ পৰিভাষা
৯) বাটৰুৱা
১০) সাগৰ নীলা সপোন
১১) দেশ
১২) বিভ্ৰাত
১২) Unique Sankardev
গীতি কবিতা —
১) গোলাপৰ পাহে পাহে
২) আহো আহো কৈ
৩) কোনে আহি অজানিতে
৪) অসম আমাৰ মাতৃভূমি
শিল্পী সত্ত্বা
হে শিল্পী, জাতীয় জীৱনৰ সৈতে লুকাভাকু নেখেলিবা
মানুহৰ ধমনীৰ সোঁতে সোঁতে প্ৰবাহিত
কোনেও নেদেখা স্পণ্ডন বুজি পোৱা জনেই, তুমি শিল্পী।
সময়ৰ চিৰাচৰিত অনুভূতিক
এজন শিল্পীয়ে সাজি উলিয়াই,
তোমাক ভাঙিবলৈ কোনেও অনুমতি নিদিয়ে
হে শিল্পী, পৰপ্ৰেৰিত যশস্যাৰ পোহৰে বেলিফুল নুফুলাই।
শেষৰাতি সুন্দৰ জোনাকৰ পোচাক খুলি
সঁচা বেলিটিলৈ বাট চোৱা,
সৈনিক শিল্পী বিষ্ণুৰাভাই নহলে সাৰেই নাপাব।
হে শিল্পী, জীৱন আজীৱন কৰা, সুন্দৰৰ সন্ধান কৰা
তোমাৰ পথাৰৰ সোনগুটি প্ৰথমে চপাই লোৱা,
ৰাজভতিমা পিছত লিখিবা, সময় বহুত পাবা।
হে শিল্পী, তোমাৰ নামৰ অভিধানিক শব্দৰ ব্যাকৰণসিদ্ধ ব্যাখ্যা
ৰূপৰ খনিকৰ জ্যোতিয়ে কোৱা
কেতিয়াও নুশুনা, মুকলি মঞ্চত অভিনয় কৰা
আঁৰ কাপোৰ নাথাকিলে ভালকৈ বুজিবা।
হে শিল্পী, সাধনাই তোমাৰ সীমা
অতিক্ৰম কেতিয়াও নকৰিবা, সুস্বাদু খেজুৰৰ তলত বহি
বিপথে পৰিচালিত নহবা
তোমাৰ প্ৰকৃত সত্ত্বা বিচাৰি যোৱা।
মই এজন কবি
মই এজন কবি,
মোৰ সৃষ্টি মানুহক ভাল পোৱা,
তাৎক্ষনিকভাৱে পোৱা আনন্দৰ সুঁতিত
সাঁতুৰি নাদুৰি
নিভাজ অন্তৰৰ অনুভূতি বৈ অহাকৈ
সমূহীয়া গান লিখো।
মই এজন কবি,
কেতিয়াও বুজাবুজি নকৰা যুদ্ধজয়ী
অভিমানী যৌৱনৰ তেজাল ঘোঁৰা।
সম্মুখ সংঘৰ্ষৰ মিঠা গৌৰৱ উপলব্ধি কৰিব পাৰো,
প্ৰতিকূল স্বাৰ্থৰ মালা পিন্ধি
এজন কবিৰ কথা কৈ যাও।
সৃষ্টি, ধ্বংস, এন্ধাৰ, পোহৰ, যুদ্ধ শান্তিৰ
অকোৱা পকোৱা ঘূৰনীয়া পথেদি গৈ
নতুন জীৱন বিচাৰি পাও, কিন্তু আকৌ হেৰাই যায়,
বিচাৰি বিচাৰি নীলা আকাশ ফালি
বেলিটিত গা ধুবলৈ পাও।
ওচৰত ৰামধেনুয়ে উচুপি আছিল-
তথাপি ৰঙীন সপোন ফঁহিয়াই
এজন কবি ওলাই আহে।
জীৱন এনেদৰেই আগ বাঢ়ে, কবিয়ে বুজি পায়।
ভাৱপ্ৰকাশ এক কলা
টৌপনিতো মনৰ বিশালতা সাৰে থাকে , য'ত
দীঘলীয়া চিন্তা, সীমাহীন আশা, প্ৰৱল দৃঢ়তা
কেৱল আৰম্ভনি।
শেষৰ ঠিকনাৰ বাট হেৰুৱাই
আকৌ প্ৰথমৰ যাত্ৰা।
আকাংক্ষা-
নতুনৰ প্ৰথম প্ৰতিশ্ৰুতি
আজুৰি লৈ আহো।
আত্মানুসন্ধানে মোক আলপৈচান ধৰে
এইটো সময়ৰ সাৰ্থকতা।
মোৰ কাম কৰাৰ শক্তি, সৃষ্টিৰ জাগৰণ, কাৰণ-
মই সকলো সময়ৰে কবি।
অভিনৱ শংকৰদেৱ
মই নতুন প্ৰজন্মই কৈছো
অসমীয়া জাতিৰ ধ্বজাবাহক গুৰু শংকৰদেৱ
তোমাক প্ৰণাম
ডাক্তৰ ফাৰ্লি ৰিচমণ্ড
তুমিয়েতো প্ৰথম আমেৰিকাত কৈছিলা –
শংকৰদেৱ পৃথিৱীৰ প্ৰথম মুকলি মঞ্চ
প্ৰথম মুকলি অভিনয়ৰ জন্মদাতা বুলি
ইউৰোপৰ পৰা ৰিণি ৰিণি ধ্বনিত হোৱা
অষ্ট্ৰেলিয়াৰ ষ্টিফেন ফাকৰ মুখতো শুনিছিলো
গুৰুজনাৰ বিশ্ব ভাতৃত্বৰ সাম্যবাদ
মইনতুন প্ৰজন্মই কৈছো
পৃথিৱীৰ ইটো মূৰত মেক্সিকো বিশ্ববিদ্যালয়
প্ৰবক্তা ডাক্তৰ জুৱান মিণ্ডৱেল ডিমোৰাইতো কৈয়েই দিলে
সাংস্কৃতিক বিচক্ষণতা তোমাৰ পৰিচয়
হে সৰ্বকালৰ সৰ্বোত্তম অসমীয়া
তোমাক প্ৰণাম।
মই নতুন প্ৰজন্মই কৈছো
অসমীয়াৰ জাতীয় সুঁতি বিৰামহীন ভাৱে বৈ থাকক
বিশ্বসুঁতিৰ লগ লাগক
ভাষা, ধৰ্মৰ প্ৰাচীৰ ভাঙি পেঁলাও আহা
চান্দসাঁই, দামোদৰদেৱ, নৰোত্তমহঁতক তেতিয়া
সকলোতে বিচাৰি পাবা...
মইনতুন প্ৰজন্মই কৈছো
হয়তো ঠিকেই অনুমান কৰিছো
বৃন্দাৱনী বস্ত্ৰ আধুনিক বস্ত্ৰ উদ্যোগৰ
আগলী বতৰা আছিল নেকি?
নতুন প্ৰজন্মই আকৌ কেতিয়াবা
বাৰে বাৰে প্ৰশ্ন কৰে– পেৰিচৰ নিৰ্বাক মনালিছা
চিহ্যাত্ৰাৰ দেৱী সকলতকৈ ধুনীয়া আছিল নেকি...?
মইনতুন প্ৰজন্মই কৈছো
বাৰিষাৰ ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হোৱা জনে
অলিম্পিক স্বৰ্ণজয়ী কিয় হ’ব নোৱাৰিব?
ফিজিঅ'থেৰাপী ক্লিনিক মেডিকেলৰ ছাত্ৰই
মাটি আখৰা কিয় দেখা পালে?
মই নতুন প্ৰজন্মই কৈছো
সকলোকে আচৰিত কৰি
নতুন প্ৰজন্মই বৰদোৱাত আৱিষ্কাৰ কৰিলে
আবদ্ধ শংকৰদেৱক।
প্ৰহৰী হৈ আছে সমগ্ৰ অসমীয়া জাতি
হে সৰ্বকালৰ সৰ্ব্বোত্তম অসমীয়া
তোমাৰ মুক্তি কেতিয়া?
অসমীয়াৰ চেতনা
পৃথিৱীৰ চুকে কোনে, মানুহৰ মাজত
অসমীয়া চেতনাৰ ঘোৰা মেলি দিলো।
সাংঘাতিক মনৰ প্ৰাবল্য
অৱহেলিত জনৰ ক্ষোভৰ মাজতো
অসমীয়াৰ মাধুৰ্য্য জীয়াই থাকে।
সকলোতে একেই মূৰ্চ্ছনা শুনিছো
ব্ৰাজিলৰ চাম্বা নৃত্য, বৰপেতীয়াৰ ভোৰতাল
ভৰিৰ ভংগিমাৰ একেই ৰূপ।
এদিন মধ্যপ্ৰাচ্যত মৰুভ্ৰমনৰ সংগী
মিচিং যুৱকক আঙুলিয়াই ক'লো–
সৌয়া জিয়াধলৰ পাৰত তোমালোকে নচা
মিবু দগনাম নহয়নে?
ভাগ ভাগ কৰিব নোৱাৰা মানুহৰ ইতিহাস,
অসমীয়া পৰিচয়ৰে, স্বভিমানৰে জীয়াই থাকিব বিচাৰো।
উদাৰতা আমাৰ অস্ত্ৰ, আলহী শুশ্ৰষা আমাৰ সাজ।
আকৌ পলকতে আবেগিক হৈ পৰিলো
মস্কোৰ ৰেড় স্কোৱাৰত আন্না পাভলোভাৰ
অনুৰাগীয়ে যেতিয়া
বিষ্ণুৰাভাৰ বতৰা সুধিলে।
নিজস্ব মৰ্যদাৰে মহান কোনোবা মৰান ডেকাই
ভেতিকান চিতিত নামঘৰৰ ভাস্কৰ্য্য দেখি
অসমীয়া হিচাপে গৌৰৱবোধ কৰে।
অকল এৰি অহা সকলেই নহয়,
ভৱিষ্যৎ প্ৰজন্মৰ ৰনডংকাই
অসমীয়াৰ শত্ৰু সদায় শংকিত কৰি ৰাখিব
অক্ষয় সংগ্ৰামৰ আগবঢ়া সৈনিক
আস্থা আৰু বিশ্বাসৰ দূৱাৰদলিত,
অসমীয়াৰ নতুন খ্যাতি আদৰি আনিবলৈ
দুৱাৰ খুলি ৰৈ আছে।
আৰতি
কেতিয়াবা আৰতি কৰি ভাল লাগে ,
বীৰপুৰুষৰ সমাধিত বহি মন গঢ়াও
এক প্ৰকাৰৰ আৰতি।
আশাৰ সৈতে সংঘাত সদায় হয়,
নোপোৱাৰ চিন্তা
উজ্জীৱিত শক্তিৰ মাতৃ স্বৰূপ,
কৰ্মজীৱনৰ পাতনি।
জীৱনে পোহৰ দিয়ে,
অনুভূতিয়ে শক্তি দিয়ে
ভালপোৱাই জীয়াই থাকিবলৈ শিকালে।
প্ৰতিশ্ৰুতিবান ইচ্ছাই পৰিস্থিতি
সহজ কৰি তুলিলে।
বহু প্ৰশ্নৰ সন্ধানৰ পথ ওলাল
এতিয়া আলাসতে থকা যেন লাগে।
যাত্ৰা
যাত্ৰা মোৰ নতুন পথৰ,
যাত্ৰাৰ শেষত পথৰ দাঁতিত
তোমাক নতুনকৈ চাই হেপাহ নপলাই
সৃষ্টিৰ উদাৰতা আৰু মনৰ আকুলতা
মৰমৰ আইনা।
বহুদূৰ আগুৱাই যায় মনতো
মন বুজাৰ নিৰন্তৰ প্ৰয়াস হৈছে।
ভালপোৱাৰ বাটচ'ৰা
বহুদিন আগৰ কথা মনত আছেনে?
তোমাৰ প্ৰিয় ৰং টো
মোৰ অপ্ৰিয় আছিল
বাদেই দিছিলা তুমি সেই ৰংটো
বুজি উঠিছিলো সুখ কাক কয়।
মন সদায় অক্ষয়, চিন্তা গতিশীল
পৰিবৰ্তনে সমাজ গঢ়ে –
ভালপোৱা ঠন ধৰি উঠে
মনৰ স্থিৰ অৱস্থা, ভাল পোৱাৰ স্মৃতিচিহ্ন,
তুমি মোক কেতিয়াও এৰি নাযাও বুলি কলেই
কথাষাৰ মনত পৰে।
তুমি ক’ত আছা এতিয়া, ভালনে তোমাৰ?
সময়ৰ লগে লগে বহু কথাই শিকিলো
ফঁহিয়াই চাও মানুহৰ সমন্ধবোৰ,
বুজিও নোপোৱা নহয়।
তোমাৰ প্ৰিয় ৰঙৰ কাপোৰখিনি,
আকৌ উলিয়াই ল’লা।
গম পাইছো।
কি কম আৰু, আবেগ তেনেকুৱাই,
সেই কাৰণে ভালপোৱাৰ বহুতো স্তৰ থাকে
নহলে প্ৰেমৰ ওপৰত কোনো সাহিত্যৰ সৃষ্টিয়েই
নহলেহেতেন।
প্লাৱন
কেতিয়াবা প্লাৱন আহে,
নৈ পাহাৰ বাগৰি চিন্তানায়কৰ কোঠালীত
প্ৰৱেশ কৰে।
সময়ৰ বিলাসী অপচয়ে
সাৰুৱা প্লৱন ধৰি ৰাখিব নোৱাৰিলে।
প্লাৱনে ভালপোৱাৰ প্ৰতিদান দিয়ে
একাকাৰ কৰি ধুৱাই নিয়ে।
ভেদাভেদ শূন্য কৰা প্লাৱন
আমাৰ বৰ প্ৰয়োজন হয়।
পাহাৰেও কথা কয়, পৰ্বতক ঈৰ্ষা নকৰে
মাথো সংযম হবলৈ কয়,
কাষেদি চাপৰি চাপৰি নৈ বৈ যায়।
নুবুজিলো নৈৰ মনোভাৱ।
কিন্তু চাপৰ যদিও লচপচকৈবৈ যোৱা
নৈখন পৰ্বততকৈ সুখী বুলি জানো,
প্লাৱনে বাচ বিচাৰ নকৰি সকলোকে কোলাত লয়।
হলেণ্ডৰ টিউলিপ ফুলৰ মাজত
অকনমান মনৰ কথা কেনেকৈ ভাবিম।
কাৰোবাক কাষত নোপোৱা কাৰনে –
এয়া মোৰ সুখৰ অপচয় নে সঞ্চয়, বুজি নাপাও
বুজাই দিবলৈও কোনো নাই
অন্তহীন প্ৰশ্নৰে ভাৰাক্ৰান্ত পৃথিৱী!
প্লাৱনে সকলোকে ধুৱাই নিব।
বিপ্লৱৰ পৰিভাষা
আকাশৰ সৌন্দৰ্য্য পান কৰা
কোনোবা মহান সাহিত্যিকৰ সৃষ্টি
বিপ্লৱৰ পৰিভাষা হ'ব নোৱাৰে।
জনতাৰ ভাষাত বোধগম্যতা বিচাৰি নোপোৱা
চচিয়েল মেডিয়াত পৰিচয় বিচাৰি ফুৰাবোৰ
সদায় বিপ্লৱৰ আনটো মূৰত থাকে।
অন্যায়ৰ হেঁচা সচেতনতাৰ ইন্ধন
আৰু বিপ্লৱৰ প্ৰধান কাৰখান।
খোজত খোজ মিলাই
উদাসীনতাক জোৰত আচোঁৰ মাৰে,
ইয়াকে কয় নেকি বিপ্লৱ?
সকলোৰে এক ব্যক্তিগত স্বাধীনতা আছে।
হাঁহি আৰু চকুপানী লগত লৈ ফুৰে।
বিপ্লৱ কোনো ধাৰাবাহিক নহয়,
কেৱল সংক্ৰমন হয়।
কাৰোবাৰ একক কণ্ঠ, নিমিষতে বহুতৰ হয়।
ঘটনাবশত সংকল্প, অনিশ্চয় আশা
এনেকুৱাই হয়তো বিপ্লৱৰ পৰিভাষা হ'ব পাৰে!
বন্দুকৰ গোলাবাৰুদৰ আঢ় লৈ
জীয়াই থকাৰ আশা মানেই বিপ্লৱ নেকি?
হাতত টোকা বহী লৈ
সংগ্ৰামী সৈনিকৰ বতৰা লিখা, মগ্ন মনৰ লেখক
কোনে দিব তোমাক নিৰাপত্তা?
নিজৰ ছাঁৰ অন্ধকাৰত লুকাই থকা
কোনো ব্যক্তিক কেনেকৈ ভৰসা কৰিব পাৰো?
বুজি পাইছো বিপ্লৱক!
সমূহীয়া বিবেকৰ উত্থানত
মৰণ একাশৰীয়া নৈ
ইয়াতে সংগ্ৰামী সতীৰ্থক বিচাৰি পাম ...
বাটৰুৱা
ৰং ধেমালী বুতলি ফুৰা
এজন বাটৰুৱা দেখিলো।
সময়ৰ সদব্যৱহাৰ কৰি
ভাললগা যাত্ৰাৰ মূল্যবান মুহূৰ্তবোৰ
সযতনে সাঁচি থয়।
কোমল দৃঢ়তাই কেতিয়াবা বাটৰুৱাৰ
লক্ষ্য থানবান কৰে,
তথাপি সমান্তৰাল ধাৰণাবোৰৰ ফালিচিৰি আত্মপ্ৰকাশ।
বিচাৰি নোপোৱাখিনি আত্ম বিশ্লেষন–
কাইটীয়া এন্ধাৰত খুন্দাখাই
নজনা বহুপ্ৰশ্নৰ উত্তৰ ওলাই আহে।
বাধা পোৱা সমূহীয়া আনন্দই
ফালিচিৰি নিজৰ অস্তিত্ব দেখৱাই দিয়ে।
একে স্থিতিতে মানুহৰ সুখ-দুখৰ কিমান লুকাভাকু!
ঠিকেই, সময়ক ভ্ৰক্ষেপ নকৰি
ভাল লগা যাত্ৰাৰ মূল্যবান মুহূৰ্তবোৰ
সযতনে সাঁচি থয়।
কাম কৰি কৰি পিছত হেনো সময়ক জুখি চাব!
সাগৰৰ নীলা সপোন
সাগৰৰ নীলা সপোনবোৰ
হেৰাই যোৱা মৰমৰ সৈতে মিহলাই
ৰামধেনু সজাও।
আশা নোহোৱা জীৱনৰ মূল্যনো কিমান?
চকু মেলিলে একোৱেই নেদেখো।
ভাগৰ নলগালৈকে মৰমবোৰ বিচাৰি ফুৰিলো,
কুঁৱলীৰ কোলাত শুই থকা সেমেকা মনতোৱে
আৰু কি কৰিব পাৰে!
আঁতৰত কাৰোবাৰ মাত শুনো,
ওচৰলৈও যাব নোৱাৰো ,
আকলুৱা হৈ কৰবাত বন্দী হৈ আছো ছাগে!
ভালপোৱা বোৰ সিঁচি সিঁচি
লৰালিক জুমি চাও ,
সাগৰৰ নীলা সপোনবোৰ
গোপনে গোপনে চাই ৰও।
দেশ
দেশৰ সঁচাকৈ সপোন আছে,
ৰাইজৰ মনবোৰ দেশীয় সপোনৰ দৰ্শক হয়।
এনেকৈয়ে দিনবোৰ আগবাঢ়ে,
মাজে মাজে ৰাস্তাত কেঁচা তেজৰ গোন্ধ ...
প্ৰায়েই প্ৰতিয়মান হয়।
ইয়াত শ্বহীদ শব্দতো যেন
পৰৱৰ্তী সময়ৰ কাৰণে
এটা আত্মতৃপ্তি!
জ্ঞান বুদ্ধি শাসনতন্ত্ৰৰ কৃত্ৰিম আৱিস্কাৰ,
সঁচাখিনি তাত মৰহি যায়।
জোনাকী ফুলৰ লগত খেলি ভাল পোৱা
সাধাৰণ নাগৰিকে
এইবিলাক বুজি নোপোৱাতো স্বাভাৱিক।
জুই কেতিয়াবা কাৰোবাৰ মিঠা হয়
হাঁহি তিতা হয়।
সেইকাৰণে মেৰুকৰণ, মেৰু বিভাজন
মানুহৰ স্পৰ্ষকাতৰ স্পৰ্ধা
বহুতে চাই ভাল পায়।
আলাসতে উমলি বাচি থাকিবলৈ
কি যে পৰিকল্পনা এইবোৰ!
বিভ্ৰাত
পুৱাৰ হেঙুলীয়া ৰহনতকৈ
ৰ’দে আবৰা দুপৰীয়া বেছি ভাল লাগে।
ধুসৰ ছয়াময়া একোৱেই ভাল নালাগে,
যি কম চিধাকৈ কম, অন্তৰ উজাৰি দিম।
আত্ম বিশ্বাসৰ ইমান অবক্ষয়।
কাক জগৰীয়া কৰিম বাৰু?
গতিপথত ভূল বহুতো হয়।
সমন্ধৰ বৰভেটীয়ে স্থানে স্থানে বৰণ সলাই,
উপাই নাই, ৰহস্যৰ পম খেদি
ইমান দীঘলীয়া বাট কেনেকৈ যাম?
অভিজ্ঞতাৰ চেকনীৰে চেকা প্ৰিয় আনন্দখিনি
আঁতৰতেতো এৰিও দিব নোৱাৰো।
অনুসন্ধানৰ যেনেদৰে কোনো নিয়ম নাই
প্ৰশ্নৰো কোনো পৰিৱেশ নাথাকে।
ব্যৱহাৰিক বুৰঞ্জীৰ চিৰসেউজ সংলাপ
গতিশীল অথচ স্থিতপ্ৰজ্ঞ।
কেতিয়াবা লাজ দিয়ে ,
কেতিয়াবা সন্মান দিয়ে।
সঁচাকৈ, কেতিয়াবা নিজৰ ছাঁ তোকো ভাল নালাগে।
ছয়াময়াৰ প্ৰতি বিতৃষ্ণা মোৰ অভিজ্ঞতাৰ
অভিজ্ঞতা আকৌ তাৎক্ষনিক ভাৱে অহা।
পূৱৰ হেঙুলীয়া বেলিটিয়ে মোক বহুত শিকাই গ'ল।
Unique Sankardev
New generation saying–
The Flag bearer of Assamese Community
St. Sankerdev, we pray you.
Echoing across the globe
Universal brotherhood and cultural intelligence
is your identity.
New generation saying–
Hello, the tallest Assamese of all the times
We pray you.
National Stream of Assamese culture
may flow ceaselessly,
Let assimilate in world stream.
come on, come on,
let's break the barrier of language and religion.
Then, everywhere, we can see his disciple –
Chandsai, Damodordev and Narottam,
New generation saying–
Perhaps sensing right,
whether Brindaboni cloth was precursor
of modern cloth industry?
New generation claim again and again,
“Chinha Yatra” definitely preceded modern cinema.
New generation asking–
Why, Why does a person, like Sankerdev
Who can swim across Brahmaputra
can't be winner of a World Cup?
Why are students of medical science seeing
“Mati Akhora” in physiotherapy clinic?
Oh, the tallest Assamese of all the times
Pray you again and again.
গীতি কবিতা
গোলাপৰ পাহে পাহে
গোলাপৰ পাহে পাহে
জোনাকে ৰিঙিয়াই মাতে
সুৱদী সপোনৰ নিজৰা বাগৰে
মনৰে কোহতে ৰুনুক জুনুক / ৰুনুক জুনুক
শৰালি পৰে।
অভিনৱ চিন্তাৰ নতুন পলাশ আহি
মোৰ বুকুত জ্বলে।
অ মোৰ অজান আপোন
ৰ’দে উমলাই, তৰাই নচুৱাই
উৰি উৰি কলৈবা যায়,
জুমা জুমি মন মোৰ
কোমল বতাহত সাজি কাঁচি যাওচোন
আবেলিৰ ৰঙা ৰ'দ,
সুবাসৰে আমোলমোল
বতৰীয়া মৰমৰে হিয়া যে আকুল।
নদীৰ বালিচৰ
নাৱৰীয়া আহি ৰয়
তিৰবিৰ চিন্তাৰ চেতনা জগায়
কতনো বিচাৰি পাম সঁচা বুনিয়াদ
কথাৰ মৰুদ্যান, সময়ৰ ধ্বনিৰে
গঢ়িব পাৰিম
গোলাপৰ পাহে পাহে।
আহো আহো কৈ
আহো আহোকৈ ধুমুহা নাহে
নাহো নাহোকৈ মৰম আহে
মৰমৰ ভাজঁতে
লাজুকী পাকতে,
চকুৱে চকুৱে বয়
নিজৰা কথাৰ
জুখি চাও সময়ক
মৰমৰ সেন্দুৰ ঘঁহি,
গতি মোৰ নেদেখা নেদেখা
তথাপিও উন্মনা উন্মানা
আকাশ মতলীয়া
ভালপোৱা যুগমীয়া।
হেপাহৰ জুৰিটি
কল্পনাৰ সুঁতি
তোমাৰ হাঁহি
যৌৱনৰ চাকি।
কোনে আহি অজানিতে
কোনে আহি অজানিতে
কৰিছে মন বাউলী
কোনে আহি মনে মনে
হিয়া যায় চুমি
জোনাকৰে পাহে পাহে তোমাৰ ছবি ভাঁহি আহে
সপোন সাঁবটি ললো তোমাতে
দুভাগ নিশা নিয়ৰৰে বাটে বাটে
তুমি অহাৰ বাতৰিও ভাঁহি আহে
মনৰ মাজত লাহে লাহে
ভৰি থলা গোপনে
মৰম নদী বয় মাথোঁ তোমালে।
আকাশৰে জোনাকতে তোমাক দেখো
চেতনাৰ ভগাপঁজাত তোমাক ৰাখো
মন আজি উৰণীয়া
তোমাৰ মৰম ভালপোৱা লৈ
উৰি ফুৰে মন তোমাক পাবলৈ।
অসম আমাৰ মাতভূমি
অসম আমাৰ মাতৃভূমি
ইয়াতে বিচাৰি পাও জীৱনৰ বাণী।
বৰণে বৰণে হিয়া উজাৰি
আমাক উজলাই সদায় আহি।
শৰাইঘাটৰ মহাৰণ
জ্যোতি, বিষ্ণু আৰু ভূপেন হাজৰিকাৰ
সৃষ্টি যুগজয়ী
কাজিৰঙাৰ এশিঙীয়া গড়
অসমৰ জাতীয় সম্পদ।
বৰপেটা বৰদোৱাৰ শংকৰী জ্যোতি
অসমীয়া আমি মিলনৰ ভেটি।
মিচিং, কাৰ্বি, দেউৰী জনজাতি
নতুনক আদৰি সময়ৰ সৈতে
আগুৱাই যোৱা
স্বভিমানী আমি অসমীয়া জাতি
জীয়াই আছো অসম খনিত
জীয়াই থাকিম অসম খনিত।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।