পৃষ্ঠা:SILPI SATTA.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বিভ্ৰাত

পুৱাৰ হেঙুলীয়া ৰহনতকৈ
ৰ’দে আবৰা দুপৰীয়া বেছি ভাল লাগে।
ধুসৰ ছয়াময়া একোৱেই ভাল নালাগে,
যি কম চিধাকৈ কম, অন্তৰ উজাৰি দিম।

আত্ম বিশ্বাসৰ ইমান অবক্ষয়।
কাক জগৰীয়া কৰিম বাৰু?

গতিপথত ভূল বহুতো হয়।
সমন্ধৰ বৰভেটীয়ে স্থানে স্থানে বৰণ সলাই,
উপাই নাই, ৰহস্যৰ পম খেদি
ইমান দীঘলীয়া বাট কেনেকৈ যাম?

অভিজ্ঞতাৰ চেকনীৰে চেকা প্ৰিয় আনন্দখিনি
আঁতৰতেতো এৰিও দিব নোৱাৰো।
অনুসন্ধানৰ যেনেদৰে কোনো নিয়ম নাই
প্ৰশ্নৰো কোনো পৰিৱেশ নাথাকে।

ব্যৱহাৰিক বুৰঞ্জীৰ চিৰসেউজ সংলাপ
গতিশীল অথচ স্থিতপ্ৰজ্ঞ।
কেতিয়াবা লাজ দিয়ে ,
কেতিয়াবা সন্মান দিয়ে।

সঁচাকৈ, কেতিয়াবা নিজৰ ছাঁ তোকো ভাল নালাগে।
ছয়াময়াৰ প্ৰতি বিতৃষ্ণা মোৰ অভিজ্ঞতাৰ
অভিজ্ঞতা আকৌ তাৎক্ষনিক ভাৱে অহা।
পূৱৰ হেঙুলীয়া বেলিটিয়ে মোক বহুত শিকাই গ'ল।

শিল্পী সত্ত্বা - ১৩