সমললৈ যাওক

পৃষ্ঠা:SILPI SATTA.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আৰতি

কেতিয়াবা আৰতি কৰি ভাল লাগে ,
বীৰপুৰুষৰ সমাধিত বহি মন গঢ়াও
এক প্ৰকাৰৰ আৰতি।
আশাৰ সৈতে সংঘাত সদায় হয়,
নোপোৱাৰ চিন্তা
উজ্জীৱিত শক্তিৰ মাতৃ স্বৰূপ,
কৰ্মজীৱনৰ পাতনি।
জীৱনে পোহৰ দিয়ে,
অনুভূতিয়ে শক্তি দিয়ে
ভালপোৱাই জীয়াই থাকিবলৈ শিকালে।
প্ৰতিশ্ৰুতিবান ইচ্ছাই পৰিস্থিতি
সহজ কৰি তুলিলে।
বহু প্ৰশ্নৰ সন্ধানৰ পথ ওলাল
এতিয়া আলাসতে থকা যেন লাগে।

শিল্পী সত্ত্বা - ৬