পৃষ্ঠা:SILPI SATTA.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কোনে আহি অজানিতে

কোনে আহি   অজানিতে
 কৰিছে মন বাউলী
কোনে আহি   মনে মনে
 হিয়া যায় চুমি
জোনাকৰে পাহে পাহে   তোমাৰ ছবি ভাঁহি আহে
 সপোন সাঁবটি ললো তোমাতে

দুভাগ নিশা   নিয়ৰৰে বাটে বাটে
 তুমি অহাৰ বাতৰিও ভাঁহি আহে
 মনৰ মাজত লাহে লাহে
 ভৰি থলা গোপনে
 মৰম নদী বয় মাথোঁ তোমালে।

আকাশৰে জোনাকতে তোমাক দেখো
চেতনাৰ ভগাপঁজাত তোমাক ৰাখো
মন আজি উৰণীয়া
তোমাৰ মৰম ভালপোৱা লৈ
উৰি ফুৰে মন তোমাক পাবলৈ।

শিল্পী সত্ত্বা - ১৭