পৃষ্ঠা:SILPI SATTA.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মই এজন কবি

মই এজন কবি,
মোৰ সৃষ্টি মানুহক ভাল পোৱা,
তাৎক্ষনিকভাৱে পোৱা আনন্দৰ সুঁতিত
সাঁতুৰি নাদুৰি
নিভাজ অন্তৰৰ অনুভূতি বৈ অহাকৈ
সমূহীয়া গান লিখো।

মই এজন কবি,
কেতিয়াও বুজাবুজি নকৰা যুদ্ধজয়ী
অভিমানী যৌৱনৰ তেজাল ঘোঁৰা।
সম্মুখ সংঘৰ্ষৰ মিঠা গৌৰৱ উপলব্ধি কৰিব পাৰো,
প্ৰতিকূল স্বাৰ্থৰ মালা পিন্ধি
এজন কবিৰ কথা কৈ যাও।

সৃষ্টি, ধ্বংস, এন্ধাৰ, পোহৰ, যুদ্ধ শান্তিৰ
অকোৱা পকোৱা ঘূৰনীয়া পথেদি গৈ
নতুন জীৱন বিচাৰি পাও, কিন্তু আকৌ হেৰাই যায়,
বিচাৰি বিচাৰি নীলা আকাশ ফালি
বেলিটিত গা ধুবলৈ পাও।
ওচৰত ৰামধেনুয়ে উচুপি আছিল-
তথাপি ৰঙীন সপোন ফঁহিয়াই
এজন কবি ওলাই আহে।

জীৱন এনেদৰেই আগ বাঢ়ে, কবিয়ে বুজি পায়।
ভাৱপ্ৰকাশ এক কলা
টৌপনিতো মনৰ বিশালতা সাৰে থাকে , য'ত
দীঘলীয়া চিন্তা, সীমাহীন আশা, প্ৰৱল দৃঢ়তা
কেৱল আৰম্ভনি।
শেষৰ ঠিকনাৰ বাট হেৰুৱাই

আকৌ প্ৰথমৰ যাত্ৰা।
আকাংক্ষা-
নতুনৰ প্ৰথম প্ৰতিশ্ৰুতি
আজুৰি লৈ আহো।
আত্মানুসন্ধানে মোক আলপৈচান ধৰে
এইটো সময়ৰ সাৰ্থকতা।
মোৰ কাম কৰাৰ শক্তি, সৃষ্টিৰ জাগৰণ, কাৰণ-
মই সকলো সময়ৰে কবি।

শিল্পী সত্ত্বা - ২