পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
শঙ্কৰদেৱ


 জোনাকীৰ প্ৰবন্ধত এই বংশাবলীৰ অলপ লৰচৰ আছে; গতিকে, তাক তলত দিলোঁ;—“সুপন্থ গিৰী, কৃষ্ণদেৱ গিৰী ৰামদেৱ গিৰী, হেমদেৱ গিৰী, গন্ধৰ্ব্বদেৱ গিৰী, সুবৰ্ণ গিৰী হৰিবৰদেৱ গিৰী, কৃষ্ণকান্তি দেবী, লণ্ডাদেৱ গিৰী, চণ্ডীবৰ বা দেবীদাস, ৰাজধৰ। ৰাজধৰ চাৰি পুতেকঃ—সুৰ্য্যবৰ, জয়ন্ত, মাধৱ আৰু হলায়ুধ। সূৰ্য্যবৰৰ পুতেক কুসুম গিৰী, কুসুমৰ পুতেক শঙ্কৰ, শঙ্কৰৰ তিনটি লৰা আৰু দুজনী ছোৱালী,-বিষ্ণুপ্ৰিয়া, ৰামানন্দ, কমললোচন, হৰিচৰণ, আৰু ৰুক্মিণী। ৰামানন্দৰ পুতেক পুৰুষোত্তম। জয়ন্তৰ পুতেক শতানন্দ, তেওঁৰ পুতেক ৰামৰায় বা জগদানন্দ। মাধৱৰ পুতেক হাতীদলৈ, তেওঁৰ পুতেক ৰতিকান্ত। হুলায়ূধ নিঃসন্তান। [১]

  1. “শ্ৰীযুত নকুলচন্দ্ৰ ভূঞাই “বাৰভূঞা” বুলি এখন কিতাপ লেখিছে। তেওঁ ১৮৪৫ শকৰ ফাগুণৰ বাঁহীত লেখিছে—‘‘অসমত বাৰভূঞা কুলিলে যিটো জাতিক বুজায় লিখকৰ ‘বাৰভূঞাঁই সেই “বাৰভূঁয়া"। এওঁবিলাকেই লক্ষীমপুৰ, ৰত্নপুৰ, কলংপুৰ, গহপুৰ, নাৰায়ণপুৰ, এই পাঁচপুৰত ৰাজত্ব কৰা বাৰভূঞা, এই বাৰভুঞাৰ পূৰ্ব্বপুৰুষ অসমৰ আদি মানুহ বা অতি আদিতে অহা যে নিশ্চয় ই ধুৰূপ। আৰিমত্ত ৰজাৰ ৰাজত্বৰ পাছত আহোমৰ হাতত পৰাজিত নোহোয়ালৈকে উত্তৰ পাৰে এই বাৰভূঞাসকলেই ঘাই ৰাজশক্তি আছিল। গৌৰৰপৰা কমতাপুৰৰ ৰজাই সাতখন কায়স্থ আৰু সাতঘৰ ব্ৰাহ্মণ আনে। তেওঁবিলাকক কমতাপুৰৰ ৰজাই জমিদাৰি দি ভূঞা উপাধি দিয়ে। এওঁবিলাকক অসমৰ বিখ্যাত “বাৰভূঞাৰ” লগত ধৰিব নোৱাৰি। শ্ৰীশঙ্কৰদেৱ ক্ষমতাপুৰ ৰজাই পতা ভুঞাৰহে সন্ততি আছিল, ৰাজত্ব কৰা বাৰভুঞাৰ সন্ততি নহয়। বাৰভূঞাক” কোনো ৰজাই ভূঞা পতা নাই, তেওঁবিলাকে নিজ ভূজবলেৰেহে বাৰভূঞা বা ভূঞা নামে অভিহিত হৈছিল। “বাৰভূঞা” আৰু “কমতাপুৰ ভূঞাৰ’ ভিতৰত