পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শঙ্কৰদেৱ৷

সপৰিবাৰে গৈ নগাৱঁৰ ৰামপুৰ বোলা ঠাইত বসতি কৰিলে; আৰু সামন্ত লক্ষ্মীপুৰতে (আজি কালি যাক লখীম্‌পুৰ বোলে) থাকিল। সামন্তৰ পিছত তেওঁৰ পুত্ৰসকলে তাতে ৰাজত্ব কৰি আছিল, আৰু মধ্য-আসামত ৰাজত্ব কৰি থকা কছাৰী ৰজাই আৰু সদিয়াৰ ছুটীয়া ৰজাই তেওঁলোকৰ স্বাধীনতাত হাত দিব নোৱাৰিছিল। কিন্তু পিছত আহোম ৰজাৰ হাতত তেওঁলোক হাৰি ৰাজ্য হেৰুৱায়। ৰাজধৰ নামে সান্তনুৰ সন্তান এজনে নগাৱঁৰ বৰদোৱাত বসতি কৰে। এই ৰাজধৰেই আমাৰ শঙ্কৰদেৱেৰ পিতৃ কুসুমবৰৰ ককাক।

 গুৰুচৰিত্ৰ পুথিত শঙ্কৰ বংশীয় ভূয়াঁসকলৰ বিষয়ে যি আছে তাকে ঠিক বুলি ধৰিব পাৰি। যথা; দুৰ্ল্লভনাৰায়ণ নামে কমতাপুৰৰ ৰজা এজনেৰে সৈতে ধৰ্ম্মনাৰায়ণ নামে গৌৰৰ ৰজা এজনৰ ৰণ লাগে। উভয়ে বল-বীৰ্য্যত সমকক্ষ হোৱাত কোনোৱে কাকো বলে নোৱাৰি শেহত মিত্ৰতা কৰে। তাৰ পিছত কমতাপুৰৰ ৰজাই গৌৰৰ ৰজাক ক’লে “মোৰ দেশত উচ্চজাতীয় লোক নাই। মোক কেইজনমান উত্তম ব্ৰাহ্মণ আৰু কায়স্থ লোক দিলে ভাল হয়।” গৌৰেশ্বৰে সেই কথাত সন্মত প্ৰকাশ কৰি কনৌজৰপৰা অনাই কৃষ্ণ পণ্ডিত প্ৰমুখ্যে সাত ঘৰ ব্ৰাহ্মণ আৰু চণ্ডীবৰ প্ৰমুখ্যে সাত ঘৰ কায়স্থ কমতেশ্বৰক দিলে। ব্ৰাহ্মণ কেইজনৰ নাম,— কৃষ্ণ পণ্ডিত, ৰঘুপতি, ৰামবৰ, লোহাৰ, বৰণ, ধৰম, মথুৰা। কায়স্থ কেইজনৰ নাম,—চণ্ডীবৰ, শ্ৰীধৰ, হৰি, শ্ৰীহৰি, শ্ৰীপতি, চিদানন্দ, সদানন্দ। কমতেশ্বৰে এই চৌদ্ধ ঘৰ ব্ৰাহ্মণ কায়স্থ, অনাই, প্ৰথমতে তেওঁ লোকক লেঙামাগুৰি নামে ঠাইত থাকিবলৈ দিছিল। চণ্ডীবৰ