শঙ্কৰদেৱ আসামত বিখ্যাত বাৰভূঞাসকলৰ ভিতৰৰ “শিৰোমণি ভূঞা চণ্ডীবৰ নাতিৰ নাতি আছিল। আসামত বাৰভূয়াসকলৰ উৎপত্তিৰ বিষয়ে কেইবাটাও মত আছে। তাহোমবিলাক আসামত সোমোৱা কালত ভূঞাসকলে ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ ফালে আৰু চুটীৰা ৰাজ্যৰ পুৰত ৰাজত্ব কৰিছিল। এটা মত এই,-আৰিমত্ত ৰজাৰ পিছত তেওঁৰ মন্ত্ৰী সমুদ্ৰই জাৰি মত্তৰ পুতেক ৰত্নসিংহক ৰাজাৰপৰা খেদি দি নিজে ৰাজপাটত উঠিছিল। আৰিমত্ত স্বৰ্য্যবংশী ক্ষত্ৰিয় ধৰ্ম্মপালে সংস্থাপন কৰা ৰাজ্যৰ শেহ ৰজা ৰামচন্দ্ৰৰ বাণীৰ গৰ্ভত হোৱা সন্তান। এই চাৰিমত্তই বাপেক ৰামচন্দ্ৰক নাজানি বধ কৰিছিল। আৰিমত্তৰ ৰাজধানী কামৰূপৰ বেতনাৰ ওচৰৰ বৈৰ গৰত আছিল। কমতাপুৰৰ ৰজাৰ বংশৰ ফো নামে ৰজা এজনে আমক আক্ৰমণ কৰি হাৰি প্ৰাণ হেৰুৱায়। আৰিমত্তৰ পুতেক ৰত্নসিংহৰুে তেওঁৰ বাপেকৰ কালৰ মন্ত্ৰী সমুই খেদাই দি নিজে ৰজা হয়। সমুদ্ৰৰ পিত্নী সমুদ্ৰৰ পুতেক মনোহৰ ৰজা হয়। এনে প্ৰবাদ আছে যে, মনোহৰৰ জীয়েক লক্ষ্মীৰ গৰ্ভত সুৰ্য্যদেৱৰ ঔৰষত দুট লমাৰ জনম হয়, এটিৰ নাম সান্ত, অনাটৰ নাম সামন্ত। সাৰা বৈষ্ণৱ আৰু সামঞ্চ শাক্ত হল। সাম্ভাৱে বেলেগ হৈ