“ভাৰতবৰ্ষত মুচলমান জাতিৰ অধিকাৰ হ’লত কেতিয়া ১৩
শতাব্দীত তেওঁলোকে এহাতে শাণিত অৰোৱাল স্থান হাতে
ইছলাম ধৰ্ম্মৰ মূল কোৰাণ পুথি লৈ অধিকৃত প্ৰদেশৰ মাছ
বিলাকক সেই বস্তু ছুটি যাচি ফুৰে, সেই সময়ত কাকু নগৰৰ
অনেক ধৰ্ম্মপরায়ণ হিন্দুৱে ধৰ্ম্ম অাৰু প্ৰাণ লোপৰ ভয়ত দেশ এৰি ।
পৰ্ব্বতে ধাবিয়ে অশেষ দুখ সহি লুকাই ফুৰিছিল। এই লোক
সকলৰ মাজত শঙ্কৰদেৱৰ উপৰি বংশধৰ লণ্ডাদেৱ গিৰি অাৰু
তেঁওৰ পুতেক চণ্ডীবৰ গিৰি আছিল । এওঁলোক দুজন মুচলমানৰ
উপদ্ৰৱত বহুদিন পৰ্ব্বতে হাৰিয়ে লুকাই ফুৰি অৱশেষত কান্তকুজ
নগৰলৈ যোৱা নিৰাপদ নহয় জানি বঙ্গদেশৰ উত্তৰ অঞ্চলৰ
গোঁড় নামে এক নগৰত আহি বাস কৰে । এই সময়ত এই
গোঁড় নগৰত বক্তা ধৰ্ম্মনাৰায়ণ অাছিল । লণ্ডাদেৱ অাৰু চণ্ডীবন
বুদ্ধিমান পণ্ডিত আৰু পৰাক্ৰমী থকাত ৰজাৰ প্ৰিয়পাত্ৰ হৈ উঠে ।
চণ্ডীবৰ ৰজাৰ দেৱান হয় । গোঁড় ৰাজ্যত এওঁলোকে সুখ,
শান্তি, ধন, সন্ত্ৰম লাভ কৰি অনেক দিন নাছিল, কিন্তু অসমৰ
সৌভাগ্যৰ নিমিত্তে তেওঁলোকৰ বাসস্থান গোঁড় নগৰৰপৰা
আঁতৰিল । গোঁড় ৰাজ্যৰ লগত কমতা ৰাজ্যৰ সন্ধি থকাত দুয়ো
ৰাজ্যৰ ৰজাৰ মিল আছিল । কমতাৰ ৰজা চুল্লভনাৰায়ণে তেওঁৰ
ৰাজ্য বহু দূৰলৈ ব্যাপি পৰাত তাক শাসন কৰিবলৈ ঠায়ে ঠায়ে
উপযুক্ত মানুহ নথকাত আৰু ৰাজ্যত ধৰ্ম্ম-পৰাহ্মণ, জ্ঞানী, সমাজ
চলোৱা মানুহৰ সংখ্যা নীচেই তাকৰ থকাত সাতজন ব্ৰাহ্মণ
আৰু সাতজন কায়স্থ কমতাৰ ৰাজ্যলৈ পঠাবলৈ গোঁড়ৰ ৰজাৰু
অনুৰোধ কৰে । ধৰ্ম্মনাৰায়ণে ত্ৰিৰ অনুৰোধ মতে “ সাত ঘৰ
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৪
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
