“ভাৰতবৰ্ষত মুচলমান জাতিৰ অধিকাৰ হ’লত যেতিয়া ১৩ শতাব্দীত তেওঁলোকে এহাতে শাণিত তৰোৱাল আন হাতে ইছ্লাম ধৰ্ম্মৰ মূল কোৰাণ পুথি লৈ অধিকৃত প্ৰদেশৰ মানুহ বিলাকক সেই বস্তু দুটি যাচি ফুৰে, সেই সময়ত কান্যকুব্জ নগৰৰ অনেক ধৰ্ম্মপৰায়ণ হিন্দুৱে ধৰ্ম্ম আৰু প্ৰাণ লোপৰ ভয়ত দেশ এৰি পৰ্ব্বতে হাবিয়ে অশেষ দুখ সহি লুকাই ফুৰিছিল। এই লোকসকলৰ মাজত শঙ্কৰদেৱৰ উপৰি বংশধৰ লণ্ডাদেৱ গিৰি আৰু তেঁওৰ পুতেক চণ্ডীবৰ গিৰি আছিল। এওঁলোক দুজন মুচলমানৰ উপদ্ৰৱত বহুদিন পৰ্ব্বতে হাবিয়ে লুকাই ফুৰি অৱশেষত কান্যকুব্জ নগৰলৈ যোৱা নিৰাপদ নহয় জানি বঙ্গদেশৰ উত্তৰ অঞ্চলৰ গৌড় নামে এক নগৰত আহি বাস কৰে। এই সময়ত এই গৌড় নগৰত ৰজা ধৰ্ম্মনাৰায়ণ আছিল। লণ্ডাদেৱ আৰু চণ্ডীবৰ বুদ্ধিমান পণ্ডিত আৰু পৰাক্ৰমী থকাত ৰজাৰ প্ৰিয়পাত্ৰ হৈ উঠে। চণ্ডীবৰ ৰজাৰ দেৱান হয়। গৌড় ৰাজ্যত এওঁলোকে সুখ, শান্তি, ধন, সন্ত্ৰম লাভ কৰি অনেক দিন আছিল, কিন্তু অসমৰ সৌভাগ্যৰ নিমিত্তে তেওঁলোকৰ বাসস্থান গৌড় নগৰৰপৰা আঁতৰিল। গৌড় ৰাজ্যৰ লগত কমতা ৰাজ্যৰ সন্ধি থকাত দুয়ো ৰাজ্যৰ ৰজাৰ মিল আছিল। কমতাৰ ৰজা দুৰ্ল্লভনাৰায়ণে তেওঁৰ ৰাজ্য বহু দূৰলৈ ব্যাপি পৰাত তাক শাসন কৰিবলৈ ঠায়ে ঠায়ে উপযুক্ত মানুহ নথকাত আৰু ৰাজ্যত ধৰ্ম্ম-পৰায়ণ, জ্ঞানী, সমাজ চলোৱা মানুহৰ সংখ্যা নীচেই তাকৰ থকাত সাতজন ব্ৰাহ্মণ আৰু সাতজন কায়স্থ কমতাৰ ৰাজ্যলৈ পঠাবলৈ গৌড়ৰ ৰজাক অনুৰোধ কৰে। ধৰ্ম্মনাৰায়ণে মিত্ৰৰ অনুৰোধ মতে সাত ঘৰ
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৪
অৱয়ব