পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ব্ৰাহ্মণ অাৰু সাত ঘৰ কায়স্থ কমতা ৰাজ্যলৈ পঠায় । এই কাশ্ব সাত ঘৰৰ ভিতৰত লণ্ডাদেৱ অাৰু চণ্ডীৰাৰো এঘৰ আছিল । এওঁলোকে কামৰূপ জিলাৰ বৰ নদীৰ ওচৰত থাকা লেঙ্গামাগুড়ি নামে গাৱঁত বাস স্থাপন কৰে । তেওঁলোকৰ কুল-পুৰোহিত কৃষ্ণ পণ্ডিতো এই ঠাইতে থাকে । চণ্ডীবৰ ইমান কাৰ্য্যক্ষম আছিল যে কমতেশ্বৰে দেৱান অাৰু মন্ত্ৰণা কাৰ্য্যত মাজে-সময়ে তেওঁৰ সহায় লৈছিল । চণ্ডীবৰ বাৰভূঞাৰ শিৰোমণি ভূঞা হৈ শাসনকাৰ্য্য অতি সুন্দৰৰূপে চলাইছিল অাৰু সেই অঞ্চলত ভোট আদি পৰ্ব্বতীয়া জাতিবিলাকৰ উপদ্ৰৱ বহু পৰিমাণে মন কৰি শান্তি স্থাপন কৰিব পাৰিছিল । দুৰ্লভনাৰায়ণে এবাৰ চণ্ডীবৰক ধৰাই নিয়াই ৰাজধানীৰ বন্দীশালত থয় । চৰিত্ৰ লেখকসকলে চণ্ডীবৰক বন্দীশালত থোৱাৰ কাৰণ ছুটী নিৰ্দেশ কৰিছে । প্ৰথন,—চণ্ডীবৰ লেঙ্গামাগুড়িত থাকি বৰ প্ৰতাপশালী হৈ পৰিল ; তেওঁ ৰজাৰ আজ্ঞাকো লঙ্কন কৰি নিজৰ মতে শাসন কৰিছিল, নিয়মমতে কৰ নপঠাইছিল আৰু ৰজাৰ দূতক বন্দী কৰি থৈছিল। এইবিলাক কাৰণত খঙ্গ উঠি ৰজাই ফৌজ পঠাই চণ্ডীৰক ধৰাই নি বন্দীশালত থোৱা । মান কাৰণ, — যেতিয়া, চণ্ডীবৰ কমতাৰ ৰাজ্যলৈ অাছে সেই সময়ত ধৰ্ম্মনাৰায়ণ ৰজাই তেওঁক এৰি নিদিছিল । চণ্ডীবৰে প্ৰতি বছৰে এবাৰ গোঁড় ৰাজ্যলৈ যাব বুলি অঙ্গীকাৰ কৰি কমতা ৰাজালৈ আহে । সেই অঙ্গীকাৰ মতে চণ্ডীবৰ গোঁড় ৰাজ্যলৈ প্ৰতি বছৰে এবাৰ গৈছিল । তাতে কমতাৰ ৰজাই চণ্ডীৰক ঘনে ঘনে গোঁড় বাজ্যলৈ যোৱা দেখি তেওঁৰ ৰাজ্য গোঁড়ৰ ৰজাক দিয়াবৰ চক্ৰান্ত