হব পাৰে। গৌৰেশ্বৰে কিন্তু নিজৰ প্রজাৰ মৰম এৰিব নোৱাৰি,
কনোৌজৰপৰা উটি-বুৰি অহা আলহী কেইঘৰকে দি পাল মাৰিলে
আৰু মিত্ৰতা ৰক্ষণ কৰিলে। কমতেশ্বৰে বৰ আনন্দেৰে এই
চৌদ্ধ ঘৰ মানুহক নিজ খুচি মতে মাটি-বাৰী বিচাৰি বসতি
কৰিবলৈ দিয়াত তেওঁবিলাক উত্তৰ পাৰে লেঙ্গামাগুৰি নামেৰে
এখন বিলৰ পাৰত মাছ-খৰিব সুচল চাই গাওঁ পাতি
বহিল। ৰজাই দূত পঠিয়াই স্থানীয় মানুহৰ হতুৱাই ঘৰ-বাৰী
সজাই দিয়ালে। কিন্তু তেতিয়াও তেওঁবিলাকৰ শনিৰ দশা নৌ
ওকলে। অসভ্য ভোট আহি বছৰচেৰেকৰ পাচতে এই ভাটীৰ
মানুহ কেইঘৰক লেঙ্গামাগুৰিৰ...সোৱাদৰ পৰা বঞ্চিত কৰিলে
কোৱা বাহুল্য,এই সময়তে মানুহ কেইঘৰ থানবান হল
কিছুমান দক্ষিণলৈ আৰু কিছুমান পূবলৈ গল। চণ্ডীৱৰকে আদি
কৰি কিছুমানে দক্ষিণ পাৰে টেম্ৱুৱনী নামেৰে এটা জানৰ পাৰত
বহিলহি। এই জানটিক আজকালি শান্তিজান বোলে ;নগাৱঁৰ
পৰা দহ মাইল ভটীয়াই গলেই পায় ।
শঙ্কৰদেৱৰ আদি পুৰুষৰ নাম ।
প্ৰেম পূৰ্ণানন্দ গিৰী ! তেওঁ অতি গোত্ৰ সত্ৰৰ
কৃষ্ণ গিৰী ।
সুবৰ্ণ গিৰী ।
- ২য় বছৰৰ "আলোচনীত” ওলোৱা “মহাপুৰুষ শঙ্কৰদেৱৰ জীৱন-চৰিত"