লাহৰী/সপ্তদশ আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ১১৪ ]

১৭। আধ্যা।
⸺⸺•⸺⸺
বুঢ়া-বুঢ়ীৰ বুকত লাহৰী।

 সেই দিনা লাহৰীয়েও কমলক আৰু এবাৰ সাৱটি ধৰিবলৈ কতবাৰ নো বাউলী হৈ হলি হলি পৰিছিল, তথাপি তেওঁ মনৰ সেই হাবিয়াস পূৰাবলৈ পাষণ্ডহঁতৰ হাতৰপৰা এৰাব নোৱাৰিলে। নিৰুপায় হৈ, লাহৰীয়ে মানহঁতৰ ভৰিত পৰি পৰি আৰু এবাৰ মাথোন ক্ষন্তেকমান এৰি দিবলৈ কাবৌ কৰিবলৈ ধৰিলে। কিন্তু পাষহঁতৰ অন্তৰত তো দয়া-মমতাৰ থানিকা নাই। ততালিকে সিহঁতৰ দুটা মানে লাহৰীক দুই বাউসিত ধৰি উৰুৱাই নিয়া দি আঁতৰাই লৈ গল! সেই মুহূৰ্তৰেপৰা বৰনৈৰ দাঁতি নোপোৱালৈকে লাহৰীৰ গাত সংজ্ঞা নাছিল; পাষণ্ডহঁতে সেইছোৱা বাট লাহৰীক শৱ এটা নিয়াৰ দৰে দাঙ্গি লৈ গৈছিল। ওচৰে ওচৰে গা-লুকুৱাই পামপুৰীয়াও গৈ আছিল। মানহঁতে লাহৰীক ধৰোঁতেই বেলি ভাটী দিছিল। এতিয়া সন্ধিয়া হব লগা হলহি। তাৰ পাচত, বৰনৈ পাৰ হওঁ-হওঁ কৰোঁতেই গাৰ-নোম নেদেখা গধুলি হল। এনে অসময়ত মানহঁতে পাৰ হওঁ-নহওঁ কৰিছিল, কিন্তু পামপুৰীয়াই সিহঁতক বুজাই দিলে যে, ইপাৰে থকাৰ পৰা কাৰ্যত বিঘিনি লগাৰ আশঙ্কা। সেই কাৰণে, সিহঁতো সেই কথাতে মান্তি হল। কিন্তু মানহঁতে অলপ উজাই আন এটা ঘাটে হে পাৰ হৈছিল; আৰু নাও কেৱল এখন হে আছিল। নাওখনত টানিমানি সাতোটা কি আঁঠোটা হে মানুহ ধৰে। গতিকে, প্ৰথম খেপত মুঠেই এটা মানে পামপুৰীয়াৰে সৈতে লাহৰীক লৈ সিপাৰ হৈ ললে। তাৰ পাচত, খেপেপতি আঁঠোটা নটাকৈ মানহঁতে পাৰ হবলৈ ধৰিলে। এই দৰে তিনিকুৰি-দহোটা মান বৰনৈ পাৰ হওঁতেই দুপৰনিশা হল। লাহৰীয়ে সিপাৰ হবৰেপৰা বিপদৰ [ ১১৫ ] পূৰ্ণ গৰাহত পৰিল বুলি জানি, আকৌ শান্ত আৰু গহীন হৈ বহিলে। মনে মনে ধৈৰ্য্যতাৰ শৰণ লৈ তেওঁ টলকা মাৰি বহি গুণিবলৈ ধৰিলে। মানহঁতেও লাহৰীৰ মৰ্ম্মান্তিক বেজাৰত বিমোৰ হৈছে বুলি জানি, আন কোনো কথাকে নুসুধিলে। পামপুৰীয়া যে লাহৰীয়ে চিনি পায় বুলি কাষকে নচপা হল। আটাইবিলাক পাৰ হোৱাৰ পাচত, সিহঁতে ইয়াকে স্থিৰ কৰিলে যে, সেই ৰাতিলৈ বৰনৈৰ পাৰতে জিৰণি লোৱাই ভাল। পামপুৰীয়ায়ো তাতে সম্মত হল। মানহঁতে সেই দিনা পলৰীয়া মানুহ বিচাৰোঁতেই আবেলি হৈছিল। ভাত-পানী খাবলৈ সিহঁতে আজৰি নাপালে। তাৰ আগৰ দিনাও দুদিনৰ বাট ডেৰদিনে আহি সিহঁত বৰ সুখে-ভাগৰে আহিল। গতিকে, আজি বৰনৈৰ পাৰত অতিপাত দুখ-ভাগৰত অৱশ হৈ পৰাত মাজনিশা ভাত-পানী খোৱাৰ কাৰবাৰলৈ সিহঁতে মন নকৰিলে; যেয়ে য’তে বহিল, সেয়ে ত’তে ঢাল খাই খাই পৰি গল। পামপুৰীয়া কিন্তু সবাতকৈ আগ। তাৰ পাছত, কুৰিটামান টনকিয়াল মান মাথোন সাৰে আছিল। সিহঁতৰ ভিতৰত এনে নিয়ম বন্ধা হল যে, দুখন দুখন তামোল খোৱাৰ পৰলৈকে এটা-এটা মানুহে পহৰা দিব; তাৰ পাচত সি আকৌ আন এটাক তুলি দি শুব। এই দৰে স্থিৰ কৰি সকলোটি শুই পৰিল। লাহৰীয়েও ভাগৰত অস্থিৰ হোৱাৰ ভাও ধৰি, সিহঁতৰ দৰেই ঢাল খাই পৰি গল। কিন্তু, লাহৰীৰ চকুত টোপনি নাই; তেওঁ মনে মনে উদ্ধাৰৰ নানা উপায় চিন্তা কৰি সদ্যহতে পহৰীয়া কেইটাৰ গম্‌-গতিলৈ মন কৰি আছে। এই দৰে দুটা কি তিনটা মানুহৰ পহৰা পাৰ হৈ গল; তাৰ পাচত এটা বুঢ়া কানীয়া মানুহৰ পাল পৰিল। বৰকৈ ভাগৰ লগাত বুঢ়াই সেই দিনা গধূলিতে কানি এফেৰা বেচিকৈ গিলিছিল। গতিকে, কানি আৰু টোপনিৰ জালত বুঢ়াই বহি থাকোঁতেই জপৰ্‌-জপৰ্‌ টোপনিয়াবলৈ ধৰিলে। লাহৰীয়েও সেই ফালেই নিটাল মাৰি ভৰ-টোপনিৰ ভাও জুৰিলে। বুঢ়াই লাহৰীক [ ১১৬ ] ফালে বাৰচাৰেক মন কৰি চাই আপোনা-আপুনি কবলৈ ধৰিলে, "এঃ, সৰু ছোৱালী, এনে ৰাতি নো কলৈ যাব ঐ! এতিয়াতো তাইৰ বৰ ভৰ টোপনি; ময়ো অলপ কাতি হৈ চাই থাকুং দে।” এই বুলি অলপ পৰ চাই থাকি, সেইফালেই বুঢ়া টোপনি গল। গতিকে, তাৰ পাচৰ পহৰীয়াক তুলি দিওঁতাও নোহোৱা হল। লাহৰীয়ে পৰি থকাৰেপৰা কাণশাৰ দি ঘনে ঘনে গম লবলৈ ধৰিলে। তাৰ পাচত, এখনমান তামোল খোৱাৰ পৰলৈকে লাহৰীয়ে নিটাল মাৰি শোৱাৰ ভাও ধৰিয়েই আছে, এনেতে বুঢ়াটিৰ নাকে ঘঁট-ঘঁটকৈ ভৰ-টোপনিৰ তাল ধৰি শুনালে। লাহৰী এইবাৰ লাহেকৈ উঠি বহিল। ভয় আৰু উলাহত লাহৰীৰ গা ঘামিবলৈ ধৰিলে। তেওঁ ইফালে-সিফালে কাণ পাতি শুনিলে, চাৰিওফালে একে তালতে ডাৱৰীয়া ভেঁকুলীয়ে টোৰ্‌-টোৰোৱাৰ দৰে ঘঁৰত-ঘৰত শব্দ তুলি মানহঁতে শুই নিৰ্পালি দিয়া বুজাইছে। বহি থাকিবৰ আৰু সময় নাই; লাহৰীয়ে এইবাৰ মৰণত শৰণ দি থিয় দিলে। তাৰ পাচত, তেওঁ এখুজি-দুখুজিকৈ আহি ওচৰৰ হাবি এজোপা পাৰ হলহি। লাহৰী আচল বাটে আৰু নগল; তেওঁ আওহতীয়াকৈ হাবিয়ে হাবিয়ে বৰনৈৰ উজনিৰ মুখে লৰালৰিকৈ উজাবলৈ ধৰিলে। এই দৰে দুখনমান তামোল খাবৰ পৰ গৈয়ে তেওঁ এখন পথাৰ ওলালগৈ। তাৰ পাচত আৰু লাহৰীয়ে উজাবলৈকো কাৰবাৰ নকৰিলে; সেই পথাৰখনৰ দক্ষিণমুৱাকৈ তেওঁ প্ৰাণকাতৰে লৰিবলৈ ধৰিলে; ⸺পথাৰখন পাৰ নোহোৱালৈকে লৰিলে। আৰু কিমান লৰিব, নিধাতু হৈ ভাগৰত লুটি খাই পৰি সেই ফালেই লাহৰী মূছকঁছ গল। পৰিল বুলিও, জিৰাবলৈ সময় নাই; পিচ মুহূৰ্ত্ততে তেওঁ আকৌ উঠিল। আকৌ এখন হাবি। লাহৰীয়ে নো কলৈ লৰিছে তাৰ উৱাদিহ, পোৱা নাই; তেওঁ কেৱল মানহঁতৰপৰা আঁতৰ হবলৈ হে চাইছে। লাহৰী আকৌ হাবি সোমাল। হাবিৰ ভিতৰত তেওঁ যিমান বেগাই যাব পাৰে, গৈছে। এই দৰে কোবাকুবিকৈ সেই হাবিৰ ভিতৰে ভিতৰে [ ১১৭ ] দহ নলমান বাট গৈছে, এনেতে লাহৰীয়ে গছৰ পাতৰ ওলে দি দুটা তৰা জিলিকি থকা দেখিলে। দেখি যাওঁতেই লাহৰীয়ে অলপ চঁক্‌ খাইছিল কিন্তু তালৈ আৰু তেতিয়া তেওঁ কি মন কৰিব! লাহৰীয়ে গছ-লতা ভাঙ্গি আগুৱাবলৈ হে ধৰিলে। কিন্তু, হাঁয়, সেইটো যে বাঘ! লাহৰীয়ে মন নকৰি ভালকে কৰিলে। এই ফুৰে যাওঁতে যাওঁতে তেওঁ আকৌ এখন পথাৰ ওলাল গৈ। মুকলি পাই লাহৰীয়ে আকৌ উধাতু খাই লৰিবলৈ ধৰিলে। লৰি লৰি পথাৰখন পাৰ হওঁ হওঁ হওঁতেই পেটৰ বিষ থমকা খাই পৰি, লাহৰী আকৌ সেই ফালেই মূৰ্ছা যোৱাৰ দৰে হল। এইবাৰ লাহৰী ভালেখিনি পৰলৈকে উঠি নোৱাৰা হৈ পৰি আছিল; কিন্তু মনৰ তেজে গাত বল দিয়াত তেওঁ আকৌ উঠি বাট খেদিবলৈ ধৰিলে। এইবাৰ হাবি নাই। বিৰিণাৰ জোপা গোটাচাৰেক পাৰ হৈয়ে তেওঁ এখন গাওঁ পালেগৈ। সিমানতে লাহৰীৰ গা অলপ গহীন হল, তথাপি ভয় যোৱা নাই। তেতিয়াও বেগাবেগিকৈ তেওঁ উজনিৰ মুখে যাবলৈ ধৰিলে। এই দৰে যাওঁতে যাওঁতে লাহৰী দুখন পথাৰ আৰু তিনিখন গাওঁ পাৰ হৈ গল। তাৰ পাচত, লাহৰীৰ মনৰপৰা ধৰা-পৰাৰ ভয় আঁতৰ হবলৈ ধৰিলে। পাষণ্ডহঁতৰ হাত সাৰিলোঁ বুলি ভাবি লাহৰী এফেৰি উলাহিত হল; আৰু সকলো দুখ-ভাগৰ তেওঁ ক্ষন্তেকৰ নিমিত্তে পাহৰি গল। এই দৰেই আৰু এখনমান তামোল খাবৰ পৰ যাওঁতেই ৰাতিপুৱাই আহিল। লাহৰীয়ে ভাবিলে, বহুত বাট আহিলোঁ। বাস্তৱতে, বহুত বাট যোৱাও হয়। এতিয়া আৰু পাষণ্ডহঁতে তেওঁক নাপায়হি। আৰু অলপ বাট গৈয়ে তেওঁ এখন মুকলি ঠাইত ওলালগৈ। লাহৰীয়ে তাতে এজোপা গছৰ তলত বহি, অলপ জিৰাবৰ মন কৰিলে। বহু ভাগৰেৰে বহি লাহৰীয়ে ভৰিলৈ চা্যচোন, একেবাৰে ৰাঙ্গলী হল! গোৰোৱা ফাটি তেজ ওলাইছে। ভৰিৰ তলুৱাৰ ছাল ছিগি পোৰণিত ভক্‌ভকাইছে। দুইটি ভৰি ভমভমাবলৈ [ ১১৮ ] ধৰিছে। এই দৰে লাহৰীয়ে গাৰ বেদনালৈ মন কৰা মাত্ৰকে বিষ দুগুণ হৈ উঠিল। অন্তত, তৰণি নাপাই লাহৰীয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে। বেলি নুঠালৈকে সেই গছৰ তলতে কান্দি কান্দি তেওঁ বহিয়েই থাকিল। দেহিঐ, দেখিলেই হিয়া বিদৰি যায়। কোনো দিন এনে দুখ পোৱা হে নালাগে, বাহিৰলৈ নোলোৱা লাহৰীৰ সুকোমল শৰীৰত নো এনে কষ্ট সয় নে! ভৰিলৈ চায়মানে তেওঁৰ শোকৰ খুন্দা টান হবলৈ ধৰে; লাহৰীয়ে ফেঁকুৰি ফেঁকুৰি কান্দি উঠে। কিন্তু, এনে বিপদত গাৰ বেদনালৈ চালে হব নে? —তেওঁ আকৌ উঠি গাওঁ বিচাৰি যাব লগাত পৰিল। দেহিঐ, খোজ কঢ়া হে নালাগে, লাহৰীয়ে মাটিত ভৰি পেলাবই নোৱাৰা হল; আকৌ নো লাহৰী কেনেকৈ যায়। কিন্তু নগলেওতো নহয়; অগত্যা আকৌ উঠি পেঙ্গুৰিয়াই-পেঙ্গুচিয়াই লাহৰীয়ে আগুৱাবলৈ ধৰিলে। হওঁতে সৰহ বাট যাব লগা নহল; সৰু পথাৰ এখনি পাৰ হৈয়ে লাহৰী আকৌ এখন গাৱঁত সোমাল গৈ। তিনি-চাৰি ঘৰমান মানুহৰ ঘৰলৈ গৈ বাহিৰত মানুহ নেদেখি তেওঁ উলটি গুচি গুচি যায়। এই দৰে কেঘৰমান এৰাই গৈ, তেওঁ আৰু এঘৰত বাহিৰৰ চ’ৰাত বহি থকা বুঢ়া এটিক দেখা পালে। লাহৰীয়ে লাহে লাহে বুঢ়াটিৰ ওচৰতে থিয় দিলেগৈ। বুঢ়াটিক দেখোঁতেই ভাল মানুহ বুলি চিনিব পাৰি। তেওঁ লাহৰীক দেখিয়েই অলপ পৰ ঠৰ লাগি চাই থাকি সুধিলে, “আই! তই নো ক’ৰপৰা আহিছ, কি লাগে?” লাহৰীয়ে উত্তৰ দিলে, “বুঢ়া-দেউতা, মই বহুত দূৰৈৰপৰা বহুত ভাগৰত আহিছো। আচল কথা পাচে হে ভাঙ্গি কব পাৰিম; মই আজিলৈ আপোনাৰ ঘৰতে জিৰাব খোজোঁ।” এনেতে ভিতৰৰপৰা বুঢ়ী এটি ওলালহি। বুঢ়ীয়ে থিয় হৈয়েই লাহৰীক সুধিলে, “দেহিঐ, ক'ৰপৰা আহিছ আই, তই?” লাহৰীয়ে বুঢ়াক দিয়া উত্তৰকে তেওঁক শুনালে। লাহৰীৰ কথা শুনি বুঢ়ীৰ বৰ বেথা লাগিল। তেওঁ [ ১১৯ ] অতি চেনেহেৰে সমিধান দিলে, “থাক্‌হি আই, আজি হে নালাগে ৷ দহ দিনো থাক্‌হি।” এই বুলি, বুঢ়ীয়ে লাহৰীক লগত লৈ ভিতৰ সোমালেগৈ।

 ইফালে ৰাতিপুৱা এডাঁৰ বেলি উঠালৈকে মানহঁত আটাইবিলাক শুয়ে আছে। তাৰ পাচত, পামপুৰীয়াই উঠি চকু-মূৰ মোহাৰি চায়, দেখোন লাহৰী নাই ! তেওঁ মান গোটাচেৰেকক জগোৱাই দি এই কথা কোৱা মাত্ৰকে আটাইবিলাকে কোঢ়াল কৰি হুল-স্থুল লগাবলৈ ধৰিলে। কিছুমান পৰ ইটোৱে-সিটোক দায় দিয়া-দিয়ি কৰি, আটাইবিলাকে চাৰিওফালে পিঁয়াপি দি আকৌ বিচাৰিবলৈ ধৰিলে। ধোদ পাষণ্ডহঁতে এতিয়া আৰু লাহৰীক ক’ত পায়! লাহৰী যে এতিয়া বুঢ়া-বুঢ়ীৰ বুকুত! চাৰিওফালে বিয়াকুল হৈ দুপৰীয়ালৈকে বিচাৰি নাপাই, আকৌ আটাইবিলাক আগৰ ঠাইতে গোট খালেহি। তাৰ পাচত, সিহঁতে কি কৰিব কি নকৰিব বিবুদ্ধি হৈ পামপুৰীয়াক বুধি সুধিলে। পামপুৰীয়াই আৰু আন উপায় কি দিব! ৰত্নেশ্বৰক এই ঘটনাৰ কথা জনাবলৈকে তেওঁ স্থিৰ কৰিলে। সদৌশেহত পামপুৰীয়াৰ কথা মতেই মানহঁত লঘোনে-ভোকে ৰত্নেশ্বৰৰ ঘৰলৈ যাবলৈকে ওলাল। ৰত্নেশ্বৰৰ ঘৰৰ ওচৰ পাই, পামপুৰীয়াই মানহঁতক জোপা এটাৰ ওচৰতে থাকিবলৈ দি, তেওঁ ৰত্নেশ্বৰক মাতি আনিবলৈ গল। কিন্তু পামপুৰীয়াই ঘৰ পাই দেখেগৈ দেখোন ৰত্নেশ্বৰৰ ঘৰ-দুৱাৰ বন্ধা । ওচৰ-চুবুৰীয়াক সোধাত জনা গল যে, দহ দিনমানৰেপৰা তেওঁ ঘৰত নাই। পামপুৰীয়াই ভাবিলে যে, ৰত্নেশ্বৰে টকা দিয়াৰ ভয়ত হে পলাইছে ৷ এই ভাবি, ভয়ত তেৱোঁ পলাবৰ উপায় ভাবিবলৈ ধৰিলে ৷ কিন্তু, মানহঁত সেই পাকত সিমান অজলা নহয় ৷ সিহঁতে পামপুৰীয়াৰ পিচে পিচে তিনটা মানুহৰ চোৰাংকৈ পঠিয়াই দিছিল ৷ পামপুৰীয়াই ইফালে-সিফালে চাই বেগাবেগিকৈ পলাবৰ উপক্ৰম কৰোঁতেই, মানহঁতে বুজিব পাৰিলে ৷ সিহঁতে একে খেদাই গৈ তেওঁক ধৰি [ ১২০ ] আনি সিহঁতৰ লগৰীয়াবিলাকৰ ওচৰলৈ লৈ আহিলে। আৰু, পামপুৰীয়াৰ মুখে ৰত্নেশ্বৰ পলোৱাৰ কথা শুনা মাত্ৰকে লঘোনীয়া মানহঁতৰ খং মূৰত উঠিলগৈ। তিনদিনীয়া লঘোনত আবৰীহঁত একেবাৰে খাওঁ খাওঁ মূৰ্ত্তি হৈ আছিল; পামপুৰীয়াৰ মুখৰ কথা শুনা মাত্ৰকে সোধ-পোছ নাই, সিহঁতে কপি দা উলিয়াই তাক টুকুৰা-টুকুৰকৈ কাটি পেলালে। সদৌশেহত, মানহঁতে দুখ, ভাগৰ আৰু বেজাৰকে বঁটা স্বৰূপে লৈ ঘৰলৈ উলটি ভাগৰুৱা খোজ ধৰিলে।

 এই ছেগতে আমিও লাহেকৈ লাহৰীৰ নতুন চিনাকী বুঢ়া-বুঢ়ীৰ ঘৰলৈ ওলটোঁ। এই বুঢ়া-বুঢ়ী দুটি সতি-সন্তানশূন্য, একেবাৰে নিচুৰীয়া;সংসাৰৰ বিষময় ফল ভোগ কৰি, উজনি নগৰৰপৰা ভাগি আহি, আজি ভালেমান বছৰ এওঁবিলাক এই ঠাইতে বসতি কৰি আছেহি। সন্তান বুলিবলৈ একেটি মাথোন পুত্ৰ আছিল; তাকো যি বিধাতাই দিছিল, সেই বিধাতায়ে অকালতে হৰি নিলে। এতিয়া আৰু ঘৰৰ বন-বাৰি কৰা গোটাচাৰেক লগুৱাত বাজে বুঢ়া-বুঢ়ীৰ কোনো নাই। লাহৰীকে যেন তোলনীয়া সন্তান কৰি সিবিলাকে বুকু জুৰাবলৈ পাব, দুইৰো অন্তৰত স্বভাৱতে এনে এটি কৰুণ ভাবে থিত্ ললে। কিন্তু অন্তৰৰ গুপুত ভাব গুপুতেই আছে; তাক ফুটাই কবলৈ সিবিলাকে এতিয়াও ছেগ পোৱা নাই। ইচ্ছাময়ৰ ইচ্ছাত যেন বুঢ়া-বুঢ়ীৰ সৰল কামনা পূৰ্ণ হওক। লাহৰীৰপৰাই যেন সিবিলাকৰ শুকান হিয়াত অপত্য স্নেহ পুনৰ সঞ্চাৰ হওক। সেই দিনা ঘৰৰ কথা সোধোঁতে লাহৰীয়ে পামপুৰত বুলি কলে হয়, কিন্তু বিশেষ কথা ভাঙ্গি নকলে। লাহৰীৰ আতুৰ অৱস্থা দেখি সিবিলাকেও কোনো কথা পিটিকি নুসুধিলে। আলহী ভাৱেই লাহৰী কুৰি দিনমান থকাৰ পাচত, বুঢ়ীয়ে তেওঁক এদিন সুধিলে, “আই, তই নো মোৰ বুকু জুৰাই ইয়াত কিমান দিনলৈ থাকিবি?” সেই কথাৰ উত্তৰত লাহৰীয়ে কলে যে, যেতিয়ালৈকে [ ১২১ ] আকৌ ঘৰলৈ যাবলৈ সুবিধা নোলায়, তেতিয়ালৈকে তেওঁ বুঢ়া-বুঢ়ীৰ বুকুৰ মাজতে থাকিব। সেই কথা শুনি বুঢ়ীৰ মনত আনন্দে নধৰা হল; তেওঁ মনে মনে চিন্তিলে, যেন লাহৰীৰ সেই সুবিধা কোনো কালে নোলাওক ! তাৰ পাচতো লাহৰীয়ে সেই বুঢ়া-বুঢ়ীৰ তোলনীয়া জীয়েকৰ দৰে ভালেমান দিন আছে, তথাপি তেওঁ নিজৰ আচল চিনাকি দিয়া নাই। কীৰ্ত্তিনাথ গোহাঞিৰ নাম লোৱা হলেই, বুঢ়া-বুঢ়ীয়ে সকলো কথা জানি উঠিলহেঁতেন। লাহৰীয়ে ইমান দিনে তাকে কোৱা নাই। কিন্তু হাঁয়, চিনাকি দিয়াৰপৰা সোনকালে তেওঁৰ উদ্ধাৰ হোৱা যেন গম্ পোৱা হলে, লাহৰীয়ে কেতিয়াবাই দেউতাকৰ নাম কৈ দিলেহেঁতেন। তেওঁৰ দুখময় জীৱনৰ প্ৰকৃত কাহিনী কোৱাৰপৰা তেওঁৰ প্ৰাণৰ প্ৰাণ কমলক পুনৰ লগ পোৱাৰ অলপো সঙ্কেত্ পোৱা হলেই, লাহৰীয়ে সকলো কথা ভাঙ্গি কবলৈ কেতিয়াও পলম নকৰিলেহেঁতেন। লাহৰীয়ে নাজানি মাথোন নিজৰ উপকাৰ কৰোঁ বুলি অপকাৰ কৰিছে। ইমান দিনে লাহৰীয়ে মনৰ বেজাৰত তৰণি নাপায় যদিও,নিজৰ বেজাৰৰ কথা কাকো নকয় আৰু ভাব-ভঙ্গী আকাৰে-ইঙ্গিতেও অন্তৰৰ ভাব আনক জানিবলৈ নিদিয়ে। এতিয়া আৰু লাহৰী ঘাই ঘৰত থকাৰ দৰে নহয়; এতিয়া লাহৰী খোজেপতি সাৱধান। তথাপি, কেতিয়ান অকলে অকলে থাকোঁতে, লাহৰীয়ে তেওঁৰ প্ৰাণৰ প্ৰাণ কমল আৰু মৰমৰ আইতাক-দেউতাকলৈ মনত কৰি উচুপি উচুপি কান্দিবলৈ ধৰে। ইফালে বুঢ়ীয়ে আকৌ লাহৰীৰ লগ নেৰেই; সদায় আগৰ দিনৰ মান-ভগনীয়া কথা পাতি তেওঁ লাহৰীক ভোল নিয়াই থয়।

 এই দৰেই আৰু ভালেমান দিন পাৰ হৈ গল। এদিন সেই গাঁৱতে এখন বিয়া হৈছিল। তালৈকে আমাৰ বুঢ়া-বুঢ়ীৰ ঘৰতো নিমন্ত্ৰণ পৰিলহি। বুঢ়ীয়ে ভাবিলে, তেওঁ নো কি যাব, লাহৰী ঘৰৰ জীয়াৰী, লাহৰীয়েই যাওক ৷ এনে ভাবি বুঢ়ীয়ে অলঙ্কাৰ-পাতি উলিয়াই দি, লাহৰীক মাতি আনি পিন্ধি [ ১২২ ] উৰি বিয়ালৈ যাবলৈ কলে। লাহৰীয়ে বিয়াৰ নাম শুনা মাত্ৰকে তৰ্কিব নোৱাৰাকৈ জিকাৰ খাই উঠিল। তাৰ পাচত, নিজৰ অন্তৰৰ ভাব প্ৰকাশ পোৱা যেন গম্ ধৰি বুঢ়ীৰ ফালে অলপ পৰ্ ঠৰ্ হৈ চাই থাকোঁতেই, কেতেকী ফুলৰ পাহী যেন লাহৰীৰ দুগালে মুকুতাৰ পানী যেন দুধাৰি চকু-লো বৈ পৰিল । লাহৰীৰ মনত যে কিবা মৰ্মান্তিক বেদনা আছে, বুঢ়ীয়ে ইমান দিনলৈকে জনা নাছিল। আজি লাহৰীৰ মনৰ গতি গম্ ধৰি কৰুণ ভাবত বুঢ়ী বিগলিত হল। বুঢ়ীয়ে লাহৰীৰ হাত দুখনিত ধৰি আতুৰ ভাৱে, শপত দি, কন্দাৰ কাৰণ সুধিবলৈ ধৰিলে। কিন্তু, লাহৰীক সিমানতো নিটাল মাৰি থাকিব দেখি, বুঢ়ীয়ে হুমুনিয়াহ কাঢ়ি মনটি আমোলাই পেলালে। অতি কোমল অন্তৰা লাহৰীৰ কোমল হিয়া বুঢ়ীৰ মুখ-আমোলনিয়ে পমাই নিলে। বুঢ়ীয়েও আকৌ এবাৰ কাবৌ কৰি লাহৰীক নিজৰ আঁতিগুৰিৰ কথা ভাঙ্গি কবলৈ বৰকৈ ধৰিলে। এইবাৰ আৰু লাহৰীৰ কোমল প্ৰাণে সহিব নোৱাৰিলে। লাহৰীৰ মনত পৰাৰেপৰা বৰ্তমানলৈকে নিজৰ অৱস্থাৰ বিষয়ে তেওঁ ভাঙ্গি-পাতি কৈ, অলপ পৰ ৰৈ থাকি আকৌ হুমুনিয়াহ এটি কাঢ়ি কান্দিবলৈ ধৰিলে। ইফালে বুঢ়ীয়েও কিবা কথা বাকী ৰল বুলি ভাবি আকৌ বেচিকৈ পেৰিবলৈ ধৰিলে। লাহৰীয়ে আগ ডোখৰত কেৱল দেউতাক, আইতাক আৰু তেওঁৰ নিজৰ কথা হে কৈছিল। তেওঁৰ বেজাৰৰ ঘাই কাৰণ তেওঁ তেতিয়াও উনুকিৱা নাছিল। বুঢ়ীয়ে বৰকৈ টানি ধৰিবৰ দেখি, তেওঁ জয়ে-জয়ে কমল নামেৰে এটি লৰাৰে সৈতে তেওঁৰ কি সূত্ৰে চিনাকি হল, ক্ৰমাৎ দুইকো দুয়ো নো কিমান ভাল পোৱা হল, এইখিনি কথা বৰ্ণাবলৈ ধৰিলে। লাহৰীৰ কথা শুনি শুনি ইফালে বুঢ়ীৰ চকু চল্‌চলীয়া হৈ আহিল। তাৰ পাচত, লাহৰীয়ে কমলৰ আঁতি-গুৰি ভাঙ্গি-পাতি কবলৈ আৰম্ভ কৰিলে। লাহৰীয়ে কমলৰ মুখৰপৰা তেওঁৰ উৎপত্তিৰ কথা যি শুনিছিল, সকলো ভাঙ্গি-পাতি কবলৈ ধৰিলে। শুনি শুনি বুঢ়ীৰ আৰু [ ১২৩ ] সহ্য নহল; লাহৰীয়ে কমলৰ লৰাকালৰ কথা বৰ্ণাই শেষ কৰিবলৈ নৌ পাওঁতেই বুঢ়ীয়ে “,ঔ, ডাঙৰীয়া, এই ফালে চাপি আহক ঔ, লাহৰীয়ে কি শুনায়ঔ!” এই বুলি সেই ফালেই পৰি বুঢ়ী মূছ্কঁছ্ গল! বুঢ়ীৰ চিয়ঁৰ শুনি উধাতু খাই বুঢ়া আহি উপস্থিত। বুঢ়াই লৰালৰিকৈ “কি হল, কি হল” বুলি সোধাত, লাহৰীয়ে বুঢ়ীক কমলৰ বিষয়ে কোৱা কথাখিনি বেগাবেগিকৈ যি পাৰে অলপ কৈছে, এনেতে বুঢ়ায়ো “আঐ, মোৰ আই, কি শুনালিঐ!” বুলি লাহৰীক গবা মাৰি ধৰি কান্দিবলৈ ধৰিলে। হঠাৎ হিতে-বিপৰীত ঘটিবৰ দেখি, লাহৰী বিচুৰ্ত্তি হৈ মনৰ উগুল-খুগুল ভাবত মমৰ পুতলাটিৰ দৰে ঠৰ্ লাগি ৰল!